অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেইটামান স্বাস্থ্য কিটিপ

টোপনিত দাঁতৰ শব্দ

আমাৰ এটা বিশ্বাস যে টোপনিক যদি কোনোৱে দাঁত চোবাই শব্দৰ সৃষ্টি কৰে, তেন্তে তেওঁৰ কৃমি হোৱাটো নিশ্চিত। কিন্তু শেহতীয়াকৈ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে যে টোপনিত দাঁত কৰচা অভ্যাসটো বা আচৰণটো কৃমিজনিত নহয়, মানসিক চাপ বা হেঁচাৰ কাৰণেহে হয়।

মেলেৰিয়াৰ ঔষধ

 

লণ্ডনৰ ইউনিভাৰছিটী অৱ ৱেষ্টমিনষ্টাৰ আৰু জন্‌ছ হপকিন্‌ছ স্কুল অৱ পাব্লিক হেল্‌থৰ গৱেষক এদলে জিনীয় কৌশলৰ দ্বাৰা মেটাইৰাইজিয়াম এনাইছ’প্লিয়া নামৰ ভেঁকুৰ এবিধ উদ্ভাৱন কৰিছে। এই ভেঁকুৰবিধে সাধাৰণতে জিনত থকা গুণৰ কাৰণেই মানুহৰ দেহত এণ্টিব’ডী গঠন কৰিব পাৰে। এই এণ্টিব’ডীয়ে মেলেৰিয়া ৰোগ সৃষ্টিকাৰী পৰজীৱীক ধ্বংস কৰে।

পিতৃ শকত হ’লে

 

যিসকল শকত বা চৰ্বিযুক্ত পিতৃৰ ঔৰসত কন্যা সন্তানৰ জন্ম হয়, সেইসকল কন্যা সন্তানৰ দেহত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়। এই তথ্য সদৰী কৰিছে ‘নেশ্চাৰ’ নামৰ আলোচনীখনে। তেনে কন্যা সন্তানৰ দেহত ইনছুলিন উৎপাদনকাৰী বিটা কোষৰ পৰিমানে অস্বাভাৱিক হয়। ইমান দিনে সকলোৱে ভাবিছিল যে মাতৃৰ পুষ্টিয়ে সন্তানৰ দেহত প্ৰভাৱ পেলায়। এই তথ্যৰ পৰা এইটো স্পষ্ট হৈছে যে পিতৃৰ জিনীয় কাৰকে কন্যা সন্তানৰ দেহত শৰ্কৰাৰ মাত্ৰা নিৰ্ধাৰণ কৰে। এনে কন্যা সন্তান বা মহিলাসকলে পৰৱৰ্তী কালছোৱাত ডায়েবেটিছ ৰোগত ভোগাৰ সম্ভাৱনা বেছি হয়।

ৰ’দ পুৱাওক

 

শেহতীয়াভাৱে বিজ্ঞানীসকলে মন্তব্য কৰিছে যে প্ৰত্যেক ৰাতিপুৱাই যদি প্ৰায় ত্ৰিছ মিনিট আধা ঘণ্টাৰ কাৰণে ৰ’দত বহা হয়, বিশেষকৈ শীতকালত, তেন্তে আমাৰ দেহৰ কাৰণে উপকাৰী চেৰ’ট’নিন উৎপন্ন হয় আৰু দেহ-মন সুস্থ হৈ থাকে। দেহটোক, মনটোক সতেজ কৰি ৰাখিবলৈ আহক শীতকালি ৰ’দ পুৱাওঁ।

উৎসঃ জিএনআৰচি স্বাস্থ্য আলোচনী

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate