টোপনি আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। মানৱ জীৱন কালৰ বেছিভাগ সময়ে আমি টোপনিতে পাৰ কৰো। কিন্তু টোপনিনো আচলতে কি?
টোপনিৰ অৱস্থাত মানৱ দেহত প্ৰধানত: দুই ধৰণৰ লৰচৰ হোৱা দেখা যায়। ইয়াৰে প্ৰথমটোক Rapid Eye Movement aআৰু আনটোওক Non Rapid Eye Movement বোলা হয়। টোপনি অহাৰ প্ৰথম অৱস্থাটোক Non Rapid Eye Movement বোলা হয়। ইয়াক আকৌ চাৰিটা ভাগত ভাগ কৰা হয়। টোপনিৰ দ্বিতীয় পৰ্য্যায়ত আচল টোপনি হয় যাক Rapid Eye Movement বোলা হয়। ইয়াক দুটা ভাগত বিভক্ত কৰা হৈছে।
শুই থকা ব্যক্তিজনে যে সপোন দেখিছে সেয়া কেনেকৈ জানিব?
যেতিয়া এজন ব্যক্তিৰ Rapid Eye Movement টোপনিত আচন্ন হৈ থাকে। তেতিয়া তেওঁৰ চকু পেশীবোৰৰ সংকোচন বৃদ্ধি পায় আৰু চকু লৰচৰ কৰি থাকে। Non Rapid Eye Movement টোপনিত এই পেশীৰ লৰচৰ লাহে লাহে কমি আহে। Rapid Eye Movement ৰ টোপনিৰ সময়ত মানুহৰ চকুৰ পতা যদি লৰচৰ কৰে বা কঁপি থাকে তেন্তে বুজিব পৰা যায় যে উক্ত ব্যক্তিজনে সপোন দেখিছে।
বহু ব্যক্তিয়ে টোপনিৰ মাজতেই খোজকঢ়াৰ অভ্যাস আছে। বহুতেই ইয়াক বেয়া অভ্যাস বুলিও কয়। কিন্তু চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক শ্লীপ এপোনিয়া বোলা হয়।
প্ৰায় বহু লোকৰ ক্ষেত্ৰত দেখা যায় যে বিছনাৰ ওপৰত শুলেও যেতিয়া সাৰ পাই তেতিয়া নিজকে মজিয়াত শুই থকাহে দেখা পায়। Non Rapid Eye Movement টোপনিৰ তৃতীয় আৰু চতুৰ্থ পৰ্য্যায়ৰ এনে ধৰণৰ ঘটনা ঘটিব পাৰে।
এনে ধৰণৰ ব্যক্তিসকলে আন স্বাভাৱিক ব্যক্তিৰ দৰেই শুবৰ সময়ত বিচনাত টোপনি যায় যদিও কেইঘন্টামানৰ পিছতেই টোপনিতেই তেওঁলোকে বিভিন্ন ধৰণৰ কাম-কাজ আৰম্ভ কৰে। এইবোৰৰ ভিতৰত নিজে নিজে কথা পাতি থকা, হঁহা বা কন্দা, টোপনিতেই বিচনাত বহি পৰা, চকু খুলি এফালে চাই থকা, খোজকাঢ়ি কোঠাৰ বাহিৰলৈ ওলাই যোৱা, ভাৱলেখহীন মুখৰ অভিব্যক্তি, আনকি ৰাতিপুৱা কৰিব লগা কাম-কাজ খিনিও যেনে স্কুলৰ বহি-কিতাপ বেগত ভৰোৱা বা অফিচলৈ নিব লগা বেগ সাঁজু কৰি থকা ধৰণৰ কাম কৰাও দেখা যায়। এই সকলোবোৰ টোপনিৰ মাজতেই হয়। এই ঘটনাবোৰ সংঘটিত কৰাৰ সময়ত ব্যক্তিজনৰ মুখত কোনো অভিব্যক্তি বা অনুভৱ প্ৰত্যক্ষ নহ’বও পাৰে। কাৰণ ব্যক্তিজনে বাস্তৱত সক্ৰিয় হৈ থাকিলেও তেওঁৰ মগজু তেতিয়াও টোপনিৰ মাজতেই থাকে। যাৰ ফলত তেওঁ কৰা কাম-কাজসমূহ মগজুত প্ৰভাৱ নেপেলায় ফলত সাৰ পেলোৱাৰ পিছত সেই কথাবোৰ মনত নাথাকে।
এনে ধৰণৰ ব্যক্তিৰ ক্ষেত্ৰত তেওঁক প্ৰত্যক্ষভাৱে টোপনিৰ পৰা জগাই নিদিয়াই ভাল। এনে কৰিলে ব্যক্তিজনৰ খং উঠিব পাৰে। ফলত অতিপাত চিঞৰ বাখৰ, গালি শপনি কৰাৰ লগতে ব্যক্তিজনক স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ অধিক সময়ৰ প্ৰয়োজন হয়।
চিকিৎসা বিজ্ঞানে ইয়াৰ কিছুমান কাৰণ বিচাৰি উলিয়াইছে। এইবোৰৰ কেইটামান হ’ল
এই সময়চোৱাত মানুহৰ চেতনা নাথাকে। ফলত নিজৰ অজ্ঞাতে বিভিন্ন ধৰণৰ দুৰ্ঘটনাও ঘটাব পাৰে। সেয়েহে এনে ব্যক্তিৰ ক্ষেত্ৰত অতিপাত সতৰ্কতা অৱলম্বন কৰাটো অতি গুৰুত্বপূৰ্ণ।
অৱশ্যে এই বিষয়ত অধিক শংকিত হোৱাৰ প্ৰয়োজন নাই। কিছু সচেতনতা আৰু যত্ন ল’লেই আক্ৰান্ত ব্যক্তিৰ ক্ষতি হোৱাৰ পৰা হাত সৰাই ৰাখিব পাৰে। আৰু লাহে লাহে এই সমস্যাৰ পৰা আঁতৰাই আনিব পৰা যাব।
উৎস: ইন্টাৰনেট।
শেহতীয়া উন্নীতকৰণ: : 4/6/2020
অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান...
আপোনাক কিমান সময়ৰ টোপনিৰ প্ৰয়োজন হয় সেই বিষয়ে কিছু...
অসমৰ জাতীয় জীৱনত হুঁচৰি গীতৰ তাৎপৰ্য
অসমীয়া লোকগীতত শ্ৰীকৃষ্ণ