অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টোপনিত সপোন দেখা আৰু টোপনিতে খোজকাঢ়া

টোপনি আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। মানৱ জীৱন কালৰ বেছিভাগ সময়ে আমি টোপনিতে পাৰ কৰো। কিন্তু টোপনিনো আচলতে কি?

টোপনিৰ অৱস্থাত মানৱ দেহত প্ৰধানত: দুই ধৰণৰ লৰচৰ হোৱা দেখা যায়। ইয়াৰে প্ৰথমটোক  Rapid Eye Movement আৰু আনটোক Non Rapid Eye Movement বোলা হয়। টোপনি অহাৰ প্ৰথম অৱস্থাটোক Non Rapid Eye Movement বোলা হয়। ইয়াক আকৌ চাৰিটা ভাগত ভাগ কৰা হয়। টোপনিৰ দ্বিতীয় পৰ্য্যায়ত আচল টোপনি হয় যাক Rapid Eye Movement বোলা হয়। ইয়াক দুটা ভাগত বিভক্ত কৰা হৈছে।

শুই থকা ব্যক্তিজনে যে সপোন দেখিছে সেয়া কেনেকৈ জানিব?

যেতিয়া এজন ব্যক্তিৰ Rapid Eye Movement টোপনিত আচন্ন হৈ থাকে। তেতিয়া তেওঁৰ চকু পেশীবোৰৰ সংকোচন বৃদ্ধি পায় আৰু চকু লৰচৰ কৰি থাকে। Non Rapid Eye Movement টোপনিত এই পেশীৰ লৰচৰ লাহে লাহে কমি আহে। Rapid Eye Movement ৰ টোপনিৰ সময়ত মানুহৰ চকুৰ পতা যদি লৰচৰ কৰে বা কঁপি থাকে তেন্তে বুজিব পৰা যায় যে উক্ত ব্যক্তিজনে সপোন দেখিছে।

টোপনিত খোজ কঢ়া

বহু ব্যক্তিয়ে টোপনিৰ মাজতেই খোজকঢ়াৰ অভ্যাস আছে। বহুতেই ইয়াক বেয়া অভ্যাস বুলিও কয়। কিন্তু চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক শ্লীপ এপোনিয়া বোলা হয়।

প্ৰায় বহু লোকৰ ক্ষেত্ৰত দেখা যায় যে বিছনাৰ ওপৰত শুলেও যেতিয়া সাৰ পাই তেতিয়া নিজকে মজিয়াত শুই থকাহে দেখা পায়। Non Rapid Eye Movement টোপনিৰ তৃতীয় আৰু চতুৰ্থ পৰ্য্যায়ৰ এনে ধৰণৰ ঘটনা ঘটিব পাৰে।

এনে ধৰণৰ ব্যক্তিসকলে আন স্বাভাৱিক ব্যক্তিৰ দৰেই শুবৰ সময়ত বিচনাত টোপনি যায় যদিও কেইঘন্টামানৰ পিছতেই টোপনিতেই তেওঁলোকে বিভিন্ন ধৰণৰ কাম-কাজ আৰম্ভ কৰে। এইবোৰৰ ভিতৰত নিজে নিজে কথা পাতি থকা, হঁহা বা কন্দা, টোপনিতেই বিচনাত বহি পৰা, চকু খুলি এফালে চাই থকা, খোজকাঢ়ি কোঠাৰ বাহিৰলৈ ওলাই যোৱা, ভাৱলেখহীন মুখৰ অভিব্যক্তি, আনকি ৰাতিপুৱা কৰিব লগা কাম-কাজ খিনিও যেনে স্কুলৰ বহি-কিতাপ বেগত ভৰোৱা বা অফিচলৈ নিব লগা বেগ সাঁজু কৰি থকা ধৰণৰ কাম কৰাও দেখা যায়। এই সকলোবোৰ টোপনিৰ মাজতেই হয়। এই ঘটনাবোৰ সংঘটিত কৰাৰ সময়ত ব্যক্তিজনৰ মুখত কোনো অভিব্যক্তি বা অনুভৱ প্ৰত্যক্ষ নহ’বও পাৰে। কাৰণ ব্যক্তিজনে বাস্তৱত সক্ৰিয় হৈ থাকিলেও তেওঁৰ মগজু তেতিয়াও টোপনিৰ মাজতেই থাকে। যাৰ ফলত তেওঁ কৰা কাম-কাজসমূহ মগজুত প্ৰভাৱ নেপেলায় ফলত সাৰ পেলোৱাৰ পিছত সেই কথাবোৰ মনত নাথাকে।

ল’ব লগা সতৰ্কতা

এনে ধৰণৰ ব্যক্তিৰ ক্ষেত্ৰত তেওঁক প্ৰত্যক্ষভাৱে টোপনিৰ পৰা জগাই নিদিয়াই ভাল। এনে কৰিলে ব্যক্তিজনৰ খং উঠিব পাৰে। ফলত অতিপাত চিঞৰ বাখৰ, গালি শপনি কৰাৰ লগতে ব্যক্তিজনক স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ অধিক সময়ৰ প্ৰয়োজন হয়।

ইয়াৰ কাৰণসমূহ

চিকিৎসা বিজ্ঞানে ইয়াৰ কিছুমান কাৰণ বিচাৰি উলিয়াইছে। এইবোৰৰ কেইটামান হ’ল

  • গোটেই দিনটো অত্যাধিক পৰিশ্ৰম হোৱা কাম কৰি অতিপাত ভাগৰুৱা শৰীৰে শুবলৈ যোৱা।
  • মনত ভয়, মানসিক অস্থিৰতা আৰু উত্তেজনা বিৰাজ কৰিলে।
  • অনিয়মিত আৰু অপৰ্য্যাপ্ত টোপনি।
  • টোপনিৰ সময়ত উশাহ-নিশাহ লোৱাত বিশেষ ধৰণৰ বাধা পালে।
  • বিভিন্ন ধৰণৰ ঔষধৰ ফলত।
  • বহু ক্ষেত্ৰত বংশগত কাৰণতো এনে সমস্যা হয়।

ইয়াৰ ক্ষতিকাৰক প্ৰভাৱসমূহ

এই সময়চোৱাত মানুহৰ চেতনা নাথাকে। ফলত নিজৰ অজ্ঞাতে বিভিন্ন ধৰণৰ দুৰ্ঘটনাও ঘটাব পাৰে। সেয়েহে এনে ব্যক্তিৰ ক্ষেত্ৰত অতিপাত সতৰ্কতা অৱলম্বন কৰাটো অতি গুৰুত্বপূৰ্ণ।

কি কৰিব?

  • পৰিস্থিতি যেনেকুৱাই নহওঁক কিয় ব্যক্তিজনক প্ৰত্যক্ষভাৱে টোপনিৰ পৰা জগাই দিব নালাগে। এনে সময়ত ব্যক্তিজনক ধৰি আনি পুনৰ বিচনাত শুৱাই দিব লাগে।
  • এনে ব্যক্তিক কোঠাত অকলে থাকিবলৈ দিব নালাগে। কাৰণ টোপনিৰ অৱস্থাতেই তেওঁ ঘৰৰ দুৱাৰ খুলি বাটলৈ ওলাই গৈ দূৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা থাকে।
  • ব্যক্তিজনৰ শুৱা কোঠাত চোকা কটাৰী, কাঁচি বা আন ধৰাল সামগ্ৰী ৰাখিব নালাগে।
  • উশাহ-নিশাহত বাধাৰ সৃষ্টি হ’লে বহু সময়ত এনে ধৰণৰ ঘটনা ঘটে। এনে ক্ষেত্ৰত উশাহ-নিশাহ সম্বন্ধীয় ৰোগৰ চিকিৎসা কৰি ইয়াৰ পৰা হাত সাৰিব পাৰি।
  • টোপনিৰ বাবে যিবোৰ ঔষধ বা মাদক দ্ৰব্য গ্ৰহণ কৰা হয়। সেইবোৰ পৰিহাৰ কৰিব লাগে।
  • প্ৰতিদিনেই নিৰ্দিষ্ট সময়ত আৰু পৰ্য্যাপ্ত্ পৰিমাণত টোপনি যোৱাটো নিশ্চিত কৰিব লাগে।

অৱশ্যে এই বিষয়ত অধিক শংকিত হোৱাৰ প্ৰয়োজন নাই। কিছু সচেতনতা আৰু যত্ন ল’লেই আক্ৰান্ত ব্যক্তিৰ ক্ষতি হোৱাৰ পৰা হাত সৰাই ৰাখিব পাৰে। আৰু লাহে লাহে এই সমস্যাৰ পৰা আঁতৰাই আনিব পৰা যাব।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 1/27/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate