আজিকালি বেছিভাগ মানুহে বৃত্তিগত কাৰণত অতি ব্যস্ত হৈ থাকে| এই ব্যস্ততাৰ লগত বাঢ়ি আহে মনৰ উদ্বেগ, অস্থিৰতা- টেনচন| বিশ্ৰামত ব্যাঘাত হয়, খোৱা-বোৱাত অনিয়মিত হয়| টেনচন ৰিলিজ কৰাৰ এটি সহজ উপায় হ’ল ডায়েৰিত নিজৰ মনৰ কথাবোৰ লিখি থোৱা| দৈনিক নিয়মিত ভাৱে যোগাসন কৰি থাকিলে টেনচনে সহজতে পীড়া কৰিব নোৱাৰে| কেতিয়াবা তেনে পৰিস্থিতি উদ্ভৱ হ’লেও নিয়মিত যোগাভ্যাস কৰা লোকে টেনচনত সহজতে কাবু হৈ নপৰে| মনটোক সতেজ আৰু উদ্যমী কৰি ৰাখিবলৈ হ’লে মাজে সময়ে পৰিয়ালক লৈ বাহিৰলৈ ফুৰিবলৈ যাওক| টেনচন কমাবলৈ সহজ উপায় হ’ল আশা বেছি কৰা উচিত নহয়| নিজৰ ক্ষমতাৰ বাহিৰত কোনো আকাংক্ষা বা ইচ্ছা কৰা উচিত নহয়| যি কোনো কামকে কৰোতে খৰখেদাকৈ নকৰিব| বৃত্তিগত সাফল্যক ব্যক্তিগত প্ৰয়োজনতকৈ অধিক গুৰুত্ব দিবলৈ চেষ্টা কৰক| কোনো অন্তৰংগ বন্ধুক মনৰ কথা ক’ব পাৰিলে টেনচন বহুখিনি কমে| যাৰ এনে ধৰণৰ বন্ধু নাই মনোবিধৰ ওচৰত সমস্যাৰ কথা ক’ব পাৰে| যি মানুহে গান-বাজনা ভাল পায়, টেনচন হ’লে তেওঁলোকে গান শুনিব পাৰে অথবা সংগীত চৰ্চাও কৰিব পাৰে| টেনচন কমোৱাৰ আন এটা সহজ উপায় হ’ল গল্প-উপন্যাস আদি পঢ়া| মানসিক সমস্যা কমাবলৈ ভাল বন্ধু-বান্ধৱৰ সংগ লৈ কথা-বতৰা পাতিব পাৰে, টিভিও চাব পাৰে| নিজৰ মন বুজি নিজে টেনচন কমাবলৈ চেষ্টা কৰক| ইয়াক অ’টো-থেৰাপি বোলা হয়|
উৎস: অসমীয়া খবৰ।
শেহতীয়া উন্নীতকৰণ: : 6/27/2020
কি কি উপায়েৰে সাধাৰণ খাদ্যৰ পুষ্টিগুণ বঢ়াব পাৰি
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ উপায়
উন্নত আৰু বিজ্ঞান সন্মত আহিলা ব্যৱহাৰ কৰি ৰান্ধনিশ...
এচিডিটি দূৰ কৰাৰ ঘৰুৱা উপায়