অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডায়েবেটিচ ৰোগ নিৰাময় কৰিব পৰা ‘চুপাৰ ফুড’(বিশেষ খাদ্য)বোৰ :

ডায়েবেটিচ ৰোগ নিৰাময় কৰিব পৰা ‘চুপাৰ ফুড’(বিশেষ খাদ্য)বোৰ :

 

ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণলৈ আনিব পৰা চুপাৰফুদ বিলাকৰ কথা আপুনি পাহৰি যাওক, কাৰণ এই খাদ্যবিলাক আপুনি খাবলৈ ভাল নেপাব আৰু এইবিলাক খাদ্য সহজলভ্যও নহয়। ডায়েবেটিচ ৰোগীৰ কাৰণে এই খাদ্য তালিকাখন আমি প্ৰস্তুত কৰিছো, যাতে তেওঁলোকৰ ব্যয় কৰাৰ সামৰ্থ অনুসৰি তেওঁলোকে যিমান পাৰে সিমান বেছিকৈ বা কমকৈ হ’লেও খাব পাৰে।

আপুনি কফি খাই ভাল পায়নে?

কথাটো এই কাৰনেই সুধিছো, কাৰন কফি হৈ ডায়েবেটিচ নিয়ন্ত্ৰণ কৰিব পৰা এবিধ অন্যতম চুপাৰফুড। আনকি কেফেইন নিষ্কাশন কৰা হ’লেও কফি ডায়েবেটিচ ৰোগীৰ কাৰণে এবিধ উল্লেখযোগ্য চুপাৰফুডৰূপেই থাকে। কেইবাটাও অধ্যয়নৰ যোগেদি প্ৰমাণ পোৱা গৈছে যে দিনে ৪ কাপ কফিয়ে ডায়েবেটিচৰ আশংকা প্ৰায় ৬৫ শতাংশলৈকে হ্ৰাস কৰিব পাৰে।

আপুনি মাখন খায়নে?

অন্য স্বাস্থ্যসন্মত তেল আৰু চৰ্বিৰ সৈতে মাখনো খাব লাগে আৰু তেতিয়াহে শৰীৰটোৱে প্ৰয়োজনীয় ফেটি এচিডৰ যোগান পাব আৰু ৰক্ত শৰ্কৰা এক নিৰ্দিষ্ট মাত্ৰাত ৰখাৰ কাৰণেগ এইধৰণৰ তেল আৰু চৰ্বিৰ মিশ্ৰণৰ প্ৰয়োজন। প্ৰতিদিনে চৰ্বি সেৱন কৰাটো স্বাস্থ্য বিজ্ঞানীসকলৰ মতে দৰকাৰী আৰু খাদ্য বিশেষজ্ঞসকলে এই বিষয়ে পৰামৰ্শও দিয়ে।

এভোকাডো নামৰ ফলবিধো খাব পাৰে -

ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখিব পৰা শক্তিৰ উৎসৰ বিষয়ে আলোচনা কৰিলে অন্যান্য বিষয়ৰ লগতে এভোকাডো বিষয়টোও আহে। এইবিধ ফলত যথেষ্ট পৰিমাণে অলেয়িক এচিড থাকে আৰু ই ৰক্ত শৰ্কৰা(Blood Sugar) স্থিৰ অৱস্থাত ৰাখিব পাৰে।

লগতে এভোকাডোত স্বাস্থ্যসন্মত চৰ্বি থাকে বাবে আপোনাক দীৰ্ঘ সময়ৰ বাবে দুৰ্বল অনুভৱ নকৰাকৈ ৰাখে আৰু জাংক ফুদ(ফাষ্টফুড) খোৱাৰ প্ৰৱণতা নাইকিয়া কৰি ৰাখে। এনে ধৰণৰ সুস্বাদু খাদ্যৰ তালিকাখনে ডয়েবেটিচ ৰোগটো নিয়ন্ত্ৰণ কৰি ৰখাৰ লগতে আপোনাৰ পেনক্ৰিয়াচত চৰ্বিৰ যোগান সঠিক মাত্ৰাত ৰাখে।

আপুনি ভোক থাকিব নেলাগে -

ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখিবলৈ আপুনি নোখোৱাকৈ থকাৰ কাৰণ নাই। আপোনাৰ ব্যক্তিগত চৰ্বিৰ ভাণ্ডাৰ ব্যৱহাৰ কৰিব নেলাগে।

আপোনাৰ তেজৰ শৰ্কৰা আৰু ইনচুলিনৰ মাত্ৰা স্থিৰ কৰি ৰাখিব পৰা খাদ্যকে খাই থাকক আৰু আপোনাৰ শৰীৰত জমা থকা চৰ্বিৰ ভাণ্ডাৰ ব্যৱহাৰ হ’বলৈ দিয়ক আৰু অৱশেষত আপোনাৰ পেনক্ৰিয়াচটো সক্ৰিয় হৈ উঠি ইনচুলিনৰ সোঁত পুনৰ আৰম্ভ হ’বলৈ দিয়ক।

আঠ সপ্তাহ সময়ৰ পিছত আপুনি তলত উল্লেখ কৰা অভিজ্ঞতা বিলাক অনুভৱ কৰিবলৈ ধৰিব -

*আপোনাৰ কিছুমান খাদ্য খোৱাৰ প্ৰৱণতা আৰু আমোদ-প্ৰমোদৰ হেঁপাহ নাটকীয়ভাৱে কমি আহিব।

*গোটেই দিনটোৰ কাৰণে আপোনাৰ গাত অধিক শক্তি অনুভৱ কৰিব।

*আপুনি নিজকে বেছি পৰিষ্কাৰ যেন অনুভৱ কৰিব আৰু আপোনাৰ ভাব-চিন্তা আৰু মুখৰ অভিব্যক্তি বেছি উজ্বল যেন হৈ পৰিব। যদি আপুনি ইচ্ছা কৰে, আপোনাৰ শৰীৰৰ ওজন যিমানলৈ মন যায়, কমাব পাৰে। এনে কৰাটো আপোনাৰ কাৰণে অকণো কঠিন নহ’ব। প্ৰকৃততে আপুনি নতুনকৈ খাবলৈ লোৱা খাদ্য আৰু পাতল আহাৰ খাই অমোদ পাব।

অৱশেষত আপুনি ডায়েবেটিচ নিয়ন্ত্ৰণলৈ আনিব পাৰিব আৰু আপোনাৰ জীৱনৰ সেই দুখৰ অধ্যায়টোৰ কথা পাহৰি পেলাব পাৰিব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate