ডায়েবেটিছ নিয়ন্ত্ৰণত যোগাসন :
ডায়েবেটিছ ৰোগীসকলে ৰোগটো নিয়ন্ত্ৰণত ৰাখিবলৈ নিয়মিতভাৱে ঔষধ-পাতি খাই থাকিব লগা হয়। লগতে খোৱা-বোৱাৰ ক্ষেত্ৰতো বিশেষ সাৱধানতা অৱলম্বন কৰিব লগা হয়। কিন্তু নিয়মীয়াকৈ কিছুমান বিশেষ যোগাসন-প্ৰাণায়াম কৰিলেও ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি।
ব্যস্ততাৰ বাবে যিসকল লোকে আসন-প্ৰণায়াম আদি কৰিবলৈ বেছি সময় উলিয়াব নোৱাৰে, তেওঁলোকে দৈনিক পোন্ধৰ মিনিট সময় আসন-প্ৰাণায়াম কৰিলেই ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰে। তলত ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পৰা পাঁচবিধ আসন-প্ৰাণায়ামৰ বিষয়ে বৰ্ণনা কৰা হ’ল।
কপালভাটি ক্ৰিয়া -
- সুখাসনত বহিব।
- হাত দুখন আঁঠুৰ ওপৰত থৈ চকু দুটা মুদি ল’ব।
- নাকৰ বিন্ধাৰে বায়ু উলিয়াই দি লাহে লাহে পেটটো টান ধৰিব।
- এইদৰে কিছুসময় দেহটো টান কৰি ৰাখিব।
- এই ক্ৰিয়া ৪০-৫০ বাৰ অভ্যাস কৰিব।
সাৱধানতা -
- হাৰ্টৰ সমস্যা থাকিলে,
- হাৰ্নিয়া,
- উচ্চ ৰক্তচাপ থাকিলে এই আসন নকৰিব।
অগ্নিসাৰ ক্ৰিয়া:
- দুভৰি সামান্য বহলাই পোন হৈ থিয় দিব।
- হাত দুখন আঁঠুৰ ওপৰত ৰাখি পেটটো ঢিলাই দিব।
- উশাহ এৰি দি পেটটো যিমান পাৰে ভিতৰলৈ টানি নিব।
- ইয়াৰ পিছত পেটটো ঢিলাই দিব।
- এই ক্ৰিয়া যিমানবাৰ সম্ভৱ কৰিব পাৰে।
সাৱধানতা:
- পেপটিক আলচাৰ থাকিলে,
- ৰক্তচাপ থাকিলে,
- হৃদৰোগ,
- শ্লিপ ডিস্ক থাকিলে এই আসন কৰা উচিত নহয়।
পবনমুক্তাসন -
- চিৎ হৈ শুই ল’ব।
- এতিয়া উশাহ লাহে লাহে এৰি সোঁ ভৰিখন আঁঠুত ভাজ কৰি আগলৈ আনি বুকুত আঁঠুটো লগাই সামান্যভাৱে হেঁচি ধৰিব। এই অৱস্থাত দহ-পোন্ধৰ চেকেণ্ড থাকি স্বাভাৱিকভাৱে উশাহ-নিশাহ লৈ থাকিব।
- এইবাৰ ভৰিখন মেলি দি বাওঁ ভৰিখন আঁঠুত ভাঁজ কৰি কোচাই আনি ন্বুকুৰত লগাই দুহাতেৰে হেঁচি ধৰিব। এই অৱস্থাত দহ-পোন্ধৰ চেকেণ্ড থাকি স্বাভাৱিকভাৱে উশাহ-নিশাহ লৈ থাকিব লাগে। এইবাৰ ভৰিখন মেলি ধৰি পাঁচ চেকেণ্ড সময় শৱাসনত বিশ্ৰাম ল’ব।
- এতিয়া দুয়ো ভৰি অলপ ওপৰলৈ তুলি ভাঁজ লগাই বুকুত আঁঠু দুটা লগাব।
- উশাহ এৰি দুয়ো হাতেৰে আঁঠুত ধৰি বুকুৰ ফালে জোৰকৈ হেঁচি ধৰিব। মূৰটো ওপৰলৈ তুলি আঁঠু দুটা স্পৰ্শ কৰাৰ চেষ্টা কৰিব।
- এইদৰে যিমান সময় পাৰে থাকিব। উশাহ স্বাভাৱিক কৰি ৰাখিব।
- ইয়াৰ পিছত পুনৰাই পূৰ্বৰ অৱস্থালৈ আহিব।
সাৱধানতা:
ডিঙিৰ বিষত ভুগি থকা লোকসকলে ডিঙি ওপৰলৈ তোলা উচিত নহয়।
ভুজংগাসন -
- শৰীৰ পোনকৈ ৰাখি ভৰি দুখন একেলগে কৰি উবুৰি হৈ শুই ল’ব।
- কপালে মাটি স্পৰ্শ কৰি থাকিব।
- হাত দুখন বুকুৰ কাষত ভাঁজ কৰি ৰাখিব।
- উশাহ লৈ কান্ধ আৰু মুখ মণ্ডলৰ সৈতে মেৰুদণ্ড সাধ্য অনুসৰি পিচফালে বেঁকা কৰিব।
- চকু বন্ধ কৰি ৰাখিব।
- স্বাভাৱিকভাৱে উশাহ-নিশাহ লৈ এইদৰে যিমান সময় পাৰে থাকিব।
- পিছত পূৰ্বৰ অৱস্থালৈ আহি শৱাসনত জিৰণি ল’ব।
সাৱধানতা:
হাৰ্নিয়া থকা লোকে এই ব্যায়াম নকৰিব।
মন্দুকাসন -
- বজ্ৰাসনত বহি ল’ব।
- বুঢ়া আঙুলি ভিতৰত ৰাখি হাত দুখন মুঠি মাৰি ধৰি থাকিব।
- হাতৰ মুঠি দুটা পেটৰ কাষলৈ আনিব।
- উশাহ এৰি পেটটো ভিতৰলৈ টানি নিব।
- নাভিৰ কাষত হাতৰ মুঠি দুটা হেঁচি ধৰিব।
- দুচকু মুদি মূৰটো ওপৰলৈ তুলি স্বাভাৱিকভাৱে উশাহ লৈ থাকিব।
- যিমান সময় স্পাৰে এই আসনত থাকিব।
সাৱধানতা:
- পিঠিৰ বিষ,
- শ্লিপ ডিস্ক,
- বাতবিষ থাকিলে এই আসন নকৰিব।
উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন
শেহতীয়া উন্নীতকৰণ: : 4/14/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.