অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডায়েবেটিছৰ পূৰ্বাভাস :

ডায়েবেটিছৰ পূৰ্বাভাস :

 

ডায়েবেটিছৰ সমস্যা আৰম্ভ হোৱাৰ দুই দশকৰ পূৰ্বেই ইয়াৰ আভাস পাব পাৰি। এনেদৰে পূৰ্বাভাস পালে সম্পূৰ্ণৰূপে এই ৰোগ প্ৰ্তিৰোধ কৰিব পাৰি। সম্প্ৰতি চুইডেনৰ গৱেষকসকলে এই সম্পৰ্কে এক গৱেষণা কৰিছে। উক্ত গৱেষণাত ২ লাখ ৯৬ হাজাৰ ৪৩৯ জন সুস্থ ব্যক্তিক লৈ দুই দশকৰ পৰা পৰ্যবেক্ষণ তথা বিশ্লেষণ কৰা হৈছিল। সেই সময়তে ২৮ হাজাৰ ২৪৪ জন ব্যক্তি টাইপ টু ডায়েবেটিছত আক্ৰান্ত হয়। অৰ্থাৎ দুই দশকত প্ৰায় ৯ শতাংশমান ব্যক্তি টাইপ টু ডায়েবেটিছত আক্ৰান্ত হৈছে। গৱেষকসকলৰ মতে, পূৰ্বেই যিসকল ব্যক্তিক ডায়েবেটিছ সম্পৰ্কে পূৰ্বাভাস দিয়া হৈছিল, তেওঁলোকৰ ক্ষেত্ৰত কথাবোৰ একেবাৰে মিলি গৈছে। টাইপ টু ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ শৰীৰত পৰ্যাপ্ত ইনচুলিন প্ৰস্তুত নহয়। অৰ্থাৎ দেহৰ কোষবোৰ ইনচুলিন প্ৰতিৰোধী হৈ পৰে। ডায়েবেটিছ এক মেটাবলিক ৰোগ। যিসকল ৰোগীৰ তেজত ‘ব্লাড ছুগাৰ’ অথবা গ্লুক’জৰ পৰিমাণ বেছি পোৱা যায়, তেওঁলোকৰ ডায়েবেটিছ হয়। হজম হোৱা খাদ্যই শৰীৰৰ বল আৰু বৃদ্ধি দ্ৰুত কৰি তোলে, এই পদ্ধতিকেই মেটবলিজম বোলে। আমি যিবোৰ খাদ্য গ্ৰহণ কৰো, তাৰ বেছিভাগেই গ্লু’কজলৈ ৰূপান্তৰ হয়। গ্লু’কজ তেজত চেনিৰ দৰে মিলি যায়।

সম্প্ৰতি উক্ত গৱেষণাত দেখা গৈছে যে, ডায়েবেটিছ আৰম্ভ হোৱাৰ আগেয়ে পুৰ্বাভাস পোৱা যায়। সেই অনুসৰি চিকিৎসা গ্ৰহণ কৰিলে এই ৰোগৰ পৰা মুক্তি পোৱাটো নিশ্চিত।

বিশেষজ্ঞসকলৰ মতে সৰহসংখ্যকেই ডায়েবেটিছ আৰম্ভ হোৱা বুলি শুনাৰ লগে লগে অতি নাটকীয় পৰিকল্পনা আৰম্ভ কৰে, যি বাস্তৱসন্মত নহয়। ইয়াৰ সলনি নিজকে লাহে লাহে অসুখৰ লগত মোকাবিলা কৰিবলৈ প্ৰস্তুত কৰি তুলিব লাগিব। প্ৰথমে লাহে লাহে ৰোগীয়ে নিজৰ খাদ্যাভ্যাস পৰিৱৰ্তন কৰিব লাগিব। তেজত চেনিৰ পৰিমাণ বাঢ়িবলৈ নিদিয়াকৈ জীৱনটো উপভোগ কৰিবলৈ শিকিব লাগিব। শৰীৰৰ উচ্চতা আৰু ওজনৰ অনুপাত বা বি এম আই যদি বাঢ়ি থাকে, তেন্তে তাক নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা কৰিব লাগিব। কম কেলৰিযুক্ত খাদ্য খোৱাৰ লগতে আন বহু নিয়ম মানি চলিবলৈ যত্ন কৰিব লাগিব।

খাদ্য তালিকাত বেছিকৈ শাক-পাচলি ৰাখিব লাগে। দুপৰীয়া আধা প্লেট পাচলি আৰু ৰাতি পাচলিযুক্ত চালাড বেছিকৈ খাব লাগে। ভ্ৰমণৰ সময়তো অলপ গাজৰ, মটৰ, তিয়ঁহ, লেটুছ আদিৰ চালাড বনাই লৈ যাব লাগে। বাহিৰৰ খাদ্য পৰাপক্ষত এৰাই চলিব লাগে। খাদ্যত ভিনেগাৰ, দৈ, নেমুৰ ৰস আদি খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। যিবোৰ পেকেটযুক্ত খাদ্যত চেনিৰ পৰিমাণ কম, তেনে খাদ্যহে খোৱা উচিত। গুৰ, চেনি, মৌ, জুছ জাতীয় পানীয় খোৱাৰ পূৰ্বে এশবাৰ চিন্তা কৰিব লাগে। চৰ্বিহীন মাংস, চৰ্বিহীন দৈ আদি বেছিকৈ খাব লাগে। তেজত গ্লু’কজৰ পৰিমাণ বাঢ়িলে বেছিকৈ ফাইবাৰযুক্ত খাদ্য খাব লাগে। তেজৰ অৱস্থা বুজ লৈ কাৰ্বহাইড্ৰেট বা শৰ্কৰা গ্ৰহণৰ হাৰ কমাব লাগে। বুট, মাহ, চয়াবিন, ৰাজমাহ জাতীয় খাদ্য বেছিকৈ খাব লাগে। যিমান বেছি পাৰে শাক-পাচলি আৰু ফল্মূকল প্ৰধান খাদ্য হিচাপে গ্ৰহণ কৰিবলৈ যত্ন কৰক।

উৎস: সাদিন

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate