আমাৰ ডিঙি অঞ্চলত প্ৰথমে বয়সৰ বলিৰেখা পৰে। সেই কাৰণে মুখমণ্ডল পৰিষ্কাৰ কৰোতে ডিঙিও পৰিষ্কাৰ কৰিব লাগে।
- মুখত ক্ৰীম, পাউদাৰ লগাওঁতে ডিঙিতো লগাব লাগে।
- বহুতৰে মুখত দ্বৈত থুঁতৰিৰ সৃষ্টি হয়। ই সৌন্দৰ্য হ্ৰাস কৰে। ইয়াক প্ৰতিৰোধ কৰিবলৈ সদায় ডিঙি পোন কৰি ৰাখিব লাগে।
- আমাৰ মুখমণ্ডলতকৈ ডিঙিৰ ছালৰ উজ্জ্বলতা কম। গতিকে গা-ধোৱাৰ আগতে বেচন, গাখীৰৰ সৰ, হালধি মিহলাই ৫-১০ মিনিট ৰাখি ধুই পেলালে ছাল উজ্জ্বল হ’ব। এই প্ৰক্ৰিয়া কেইবাদিনো কৰা উচিত। নেমু আৰু হালধিৰ পেষ্ট বনায়ো লগাব পাৰে। মালিচ কৰোতে ওপৰৰপৰা তললৈ কৰিব লাগে। সপ্তাহত এনেদৰে ২-৩ দিন মালিচ কৰিলে উপকাৰ পাব।
- কাপোৰেৰে বা কোমল ব্ৰাছেৰে পিঠিখন সদায় ঘঁহি পৰিষ্কাৰ কৰি ৰাখিব লাগে।
- ছানবাৰ্ণ নোহোৱা কৰিবলৈ ছালকুঁৱৰীৰ ৰস নাইবা তৰমুজৰ ৰস নাইবা নেমু-হালধিৰ মিশ্ৰণ লগালে উপকাৰ পোৱা যায়।
- ৰঙা গুটি বা ক’লা মুখৰ শালমইনাৰ দাগ আঁতৰাবলৈ ৰাতি শোৱাৰ আগেয়ে মচুৰ দাইল আৰু পদিনা পিহি ১০-১৫ মিনিটমান দাগ ভাল নোহোৱালৈকে লগাব লাগে।
- গৰমত পিঠিৰ ফালে দকৈ কটা ব্লাউজ পিন্ধিলে আৰাম লাগে যদিও ছানবাৰ্ণ হোৱাৰ ভয় থাকে। সেয়ে পাৰিলে পিঠি ঢাকখোৱা কোমল কপাহী কাপোৰৰ ব্লাউজ পিন্ধিব পাৰিলে ভাল।
- মাজে মাজে আনৰ সহায়ত বেচন, নেমু আৰু গাখীৰৰ মিশ্ৰণ পিঠিত লগাই ১০-১৫ মিনিট পিছত ভালদৰে ধুই মইশ্বাৰাইজাৰ লগাব লাগে।
লেখিকা: ললিতা শৰ্মা লহকৰ, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 1/16/2019
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.