অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডেঙ্গু ৰোগীৰ মহৌষধ অমিতা পাতৰ ৰস

ডেঙ্গু ৰোগীৰ মহৌষধ অমিতা পাতৰ ৰস



পকিলে খাবলৈ সুমধুৰ আৰু ৰসাল ফল বিধেই হৈছে মধুফল বা অমিতা । ইয়াৰ বোটানিকেল নাম CARICA PAPAYA , মধুফল বা অমিতা যুগ যুগ ধৰি ফল , পাচলি আৰু ঔষধ হিচাবে ব্যৱহাৰ কৰি আহিছে। ত্ৰেতা যুগত হনুমানে মধুফলৰ লোভ সামৰিব নোৱাৰা বাবেই লঙ্কাকাণ্ড সংঘতিত হৈছিল । মধুফল এবিধ উপকাৰী আৰু স্বাস্থ্য বৰ্দ্ধক আহাৰ । কোষ্ঠকাঠিনতা, যকৃত ৰোগ, পেটৰ নানান প্ৰকাৰ ৰোগ উপশমৰ বাবে মধুফল বহুত উপকাৰী। মধুফল উৎকৃষ্ট এনজাইম কাৰণে হজম শক্তি বৃদ্ধি হোৱাৰ উপৰিও ক্ষুধা বাঢ়ে। পকা মধুফলৰ ফেনেকি সামান্য মৌ মিহলাই গালত ফেচিয়েল কৰিলে ছালৰ উজ্বলতা বাঢ়ে , নিমজ হয় আৰু মুখৰ সৌন্দৰ্য্যতা বাঢ়ে। গালত শালমন ওলালে নিমখীয়া গৰম পানীৰে মুখ ভালদৰে ধুই পকা মধুফল, কল আৰু হালধি সমপৰিমাণে ফেনেকি লৈ ফেচিয়েল কৰিলে শালমন নোহোৱা হয়। মধূফলৰ গা গছ টুকুৰা কৰি ৰদত ভালদৰে শুকুৱাই জুইত পুৰি ক্ষাৰ বনাব।পাৰি। এই গছৰ মতা ফুলবোৰ ভাজি খাব পাৰি। শেহতীয়াকৈ পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হৈছে যে মধুফল পাতৰ ৰস খালে ডেঙ্গু জ্বৰ সম্পূৰ্ণ ভাল হয় । সেয়েহে মধুফল পাতৰ ৰসৰ পৰা প্ৰস্তুত কৰা ফলপ্ৰসু আয়ুৰ্বেদিক ঔষধৰ দ্বাৰা ডেঙ্গু ৰোগীৰ জীৱন ৰক্ষা পৰিব । ইতিমধ্যে বজাৰত এই ঔষধ উপলব্ধ হৈছে। এটা টেবলেত ১১০০ মিলি গ্ৰাম পাতৰ ৰস থাকে । সন্দেহ জনক ডেঙ্গুৰোগীক চিকিৎসকৰ ওচৰলৈ নিয়াৰ আগতে ঘৰতে থকা মধুফল বা অমিতা পাতৰ ৰস দুচামুচকৈ তিনিবাৰ খুৱালে ৰোগীৰ জীৱন ৰক্ষা পৰিব
এইখিনিতে ডেঙ্গু ৰোগৰ সাধাৰণ লক্ষণ উল্লেখ কৰা হল । ইডেচ ইজিপ্তি প্ৰজাতিৰ মাইকী মহে কামূৰিলে ৰোগৰ ভাইৰাছ মানুহৰ শৰীৰৰলৈ প্ৰবেশ কৰি ডেঙ্গু জ্বৰ উৎপন্ন কৰে। ভাইৰাছৰ উপ্তিকাল ৫-১০ দিন। হঠাতে জ্বৰ উঠে, তিব্ৰ মূৰৰ বিষ , গাঠি বিষায় ,লচিকা গ্ৰন্থি উখহে ,চকু বিষায়, পোহৰ সহ্য কৰিব নোৱাৰে, চকু ৰঙা পৰি বিষায় । হাত ,ভৰি আৰু পেটত কিছুমান ফোহা উঠে ।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 1/19/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate