অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

থাইৰয়ড গ্ৰন্থিৰ সমস্যা আৰু চিকিৎসা:

 

মানৱ দেহৰ এটা গুৰুত্বপুৰ্ণ অন্ত:স্ৰাৱী গ্ৰন্থি (Endocrine)হৈছেথাইৰয়ড,যিটো আমাৰ কণ্ঠনলীৰ সন্মুখভাগত অৱস্থিত এটা পখিলা আকৃতি (Butterfly shape)ৰ গ্ৰন্থি।সাধাৰণ অৱস্থাত এই গ্ৰন্থিটো হাতেৰে অনুভৱ কৰা নাযায়।থাইৰয়ড গ্ৰন্থিটো দেখাত তেনেই সামান্য যেন লাগিলেও মানৱ দেহত ইয়াৰ গুৰুত্ব অপৰিসীম।গ্ৰন্থিটোৱে থাইৰ’ক্সিন (T4),ট্ৰাই আয়’ড’থাইৰ’নিন (T3)আৰু কেলচিট’নিন নামৰ হ’ৰমন ক্ষৰণ কৰে।গ্ৰন্থিটোৰ পৰা নি:সৃত এই অন্ত:স্ৰাৱী ৰস (Hormones)সমুহে দেহৰ বিভিন্ন জৈৱ ৰাসায়নিক ক্ৰিয়া (Bio chemical activities)সুচাৰুৰপে সম্পন্ন হোৱাত সহায় কৰে।বিশেষকৈ এই গ্ৰন্থিটোৱে অন্ত্ৰত খাদ্যদ্ৰব্যৰ অৱশোষণ নিয়ন্ত্ৰণ কৰাৰ লগতে কেলচিয়ামৰ অপচিত,হৃদযন্ত্ৰৰ মাংসপেশীৰ কাৰ্যকুশলতা অটুট ৰখাত সহায় কৰে।ইয়াৰোপৰি শিশুৰ বৃদ্ধি,বিকাশ,মহিলাসকলৰ ঋতুস্ৰাৱৰ নিয়ন্ত্ৰণ,মানসিক সন্তুলন ৰক্ষা কৰা, খনিজ লৱণ (electrolytes)ৰ পৰিবহণ আদি বিভিন্ন কাৰ্য সম্পাদনাত সহায় কৰে।

ইয়াৰ বিস্ংগতিৰ ফলত দেহত বিভিন্ন সমস্যাই দেখা দিব পাৰে,যেনে-

১/মেদবহুলতা অথবা ক্ষীণাই যোৱা

২/মহিলাৰ ক্ষেত্ৰত মাহেকীয়াৰ অনিয়মিয়তা

৩/বুকুৰ ধপধপনি,হাত-ভৰিৰ কঁপনি

৪/অস্থিৰতা,মনোযোগহীনতা ইত্যাদি।

সাধাৰণতে গ্ৰন্থিটোৰ দুই ধৰণৰ বিস্ংগতি হ’ব পাৰে-

১/অত্যধিক ক্ৰিয়াশীলতা (Hyper-thyroidism)

২/ক্ৰিয়াহীনতা(Hypo-thyroidism)

এইটো এটা এনে অৱস্থা,য’ত গ্ৰন্থিটোৱে থাইৰ’ক্সিন (T4)নামৰ হ’ৰমনবিধ পৰ্যাপ্ত পৰিমাণে ৰক্ষণ কৰিব নোৱাৰে বা শৰীৰটোৱে এই হ’ৰমনবিধ উপযুক্ত পৰিমাণে ব্যৱহাৰ কৰিব নোৱাৰা হয়।যাৰ ফলত মস্তিষ্কৰ ভিতৰত অৱস্থিত পিটুইটাৰী গ্ৰন্থিটোৱে  TSH নামৰ হ’ৰমনবিধ বেছিকৈ ক্ষৰণ কৰে।গৰ্ভাৱস্থাৰ পৰা আৰম্ভ কৰি জীৱনৰ যিকোনো সময়তে এই ৰোগবিধ হ’ব পাৰে।

 

এই ৰোগবিধৰ মুখ্য কাৰণসমুহ হৈছে-

১/তেজত আয়’ডিনৰ অভাৱ

২/গ্ৰন্থিটোৰ অস্ত্ৰোপচাৰ কৰিলে

৩/এণ্টি-থাইৰয়ড ঔষধৰ লগতে অন্য কিছুমান বিশেষ ঔষধ (Lithium,interferon etc)ৰ অতিমাত্ৰা ব্যৱহাৰ।

৪/থাইৰয়ড টিউমাৰ,ৰেডিয়েচন থেৰাপী।

সাধাৰণ চিকিৎসা:

১/অশ্বগন্ধা,ব্ৰাহ্মী,তগৰ,প্ৰৱাল পিষ্টী,শতাৱৰী (অস্থিৰতা,নিদ্ৰাহীনতা,অলসতা,উষ্ণতা অসহনশীলতাৰ বাবে)আদি ঔষধিৰ ব্যৱহাৰ অতি লাভদায়ক।

২/Lemon blam herbal tea হিচাবে ব্যৱহাৰ কৰিব পাৰে।

৩/পিপ্পলী (piper Longum),জালুক (black pepper)আৰু শুকান আদাৰ গুৰি সমপৰিমাণে লৈ আধা চামুচকৈ দৈনিক ৰাতিপুৱা কুহুমীয়া গৰম পানীৰে খোৱা উচিত।

৪/শাস্ত্ৰোক্ত  Shiva gutika এবিধ লাভদায়ক ঔষধি

৫/দৈনিক খাদ্যৰ লগত ধনীয়াৰ চাটনি অথবা ধনিয়াৰ ক্কাথ খোৱাটো হিতকৰ ।

লক্ষণসমুহ:

মেদবহুলতা,হতাশা,অৰুচি,স্মৃতিশক্তি আৰু মনোযোগিতা হ্ৰাস,মাংসপেশীৰ বিষ তথা দুৰ্বলতা,কোষ্ঠ-কাঠিন্য ,মানসিক অৱসাদ,শ্ৰৱণশক্তিৰ বিলুপ্তি,যৌনশক্তিৰ লোপ,মহিলাৰ ক্ষেত্ৰত ঋতুস্ৰাৱৰ আধিক্য বা স্বল্পতা,গাঁঠিৰ বিষ,চকু-মুখ ফুলা ইত্যাদি।ইয়াৰোপৰি উচ্চ ৰক্তচাপ,শৰীৰৰ উষ্ণতা হ্ৰাস,নাড়ী স্পন্দন হ্ৰাস,হাত-ভৰিৰ শীতলতা,ৰক্তল্পতা,হাৰ্ট ফেইলৰ ইত্যাদি লক্ষণ দেখা যাব পাৰে।

কি খাব:

বীনজাতীয় পাচলি (কম পৰিমাণে),দুগ্ধজাত বস্তু,মাছ,সতেজ ফল-মুল,পাচলি (জামু,চেৰীফল)।

Hyperthyroidism  ত কি খাব,কি নাখাব?

অইন ৰোগৰ দৰে এই দুয়োবিধ ৰোগতে খাদ্যবস্তুৰ বিশেষ গুৰুত্ব আছে।সাধাৰণতে  যিবোৰ খাদ্যবস্তু বৰ্জনীয় , Hyperthyroidism  ত সেইবোৰ খাদ্যবস্তু লাভজনক।

লেখক:ডা: মেদিনী বৰ্মন (দেওবৰীয়া সুকন্যা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate