স্বাস্থ্যৰ বাবে ধূমপান ক্ষতিকৰ। ধূমপানৰ বাবে পুৰুষসকলৰ ৰক্তকোষৰপৰা হেৰাই যাব ধৰিছে ‘ৱাই ক্ৰমজ’ম। ছুইডেনৰ গৱেষকসকলে দাবী কৰিছে যে ধুমপানজনিত কাৰণত নাৰীৰ তুলনাত পুৰুষৰ মৃত্যুৰ হাৰ বেছি। ফিনলেণ্ডৰ গৱেষকসকলৰ এটা দলৰ মতে, যিসকল পুৰুষৰ ৱাই ক্ৰম’জম হেৰাই যায় তেওঁলোকৰ কৰ্কট হোৱাৰ সম্ভৱনা বাঢ়ি যায়। অৱশ্যে কিহৰ বাবে এনে ঘটে সেই প্ৰশ্নৰ উত্তৰ এতিয়াও জনা হোৱা নাই।
তেজৰ নমুনা পৰীক্ষা, জীৱন-যাপনৰ সৈতে সংশ্লিষ্ট বিষয়, ৰক্তচাপ, ডায়েবেটিছ, মদ্যপানৰ অভ্যাস আদি বিষয়বোৰ বিবেচনা কৰি তেওঁলোকে এই গৱেষণা কৰিছে। তেওঁলোকে কৈছে পুৰুষসকলে যিমান বেছি ধূমপান কৰিব সিমানেই তেওঁলোকৰ ৰক্তকোষৰ পৰা ৱাই ক্ৰম’জম কমি যাবলৈ ধৰে। আকৌ, তেওঁলোকে ধূমপান বৰ্জন কৰিলে ৱাই ক্ৰম’জম ঘূৰি আহিব পাৰে। ছুইডেনৰ গৱেষক লাৰ্ছ ফৰ্ছবাৰ্গে কৈছে, ‘আমাৰ এই আৱিষ্কাৰে ধূমপানক এৰি দিয়াৰ ক্ষেত্ৰত উৎসাহ যোগাব’। বংশগতিত ৱাই ক্ৰম’জম খুবেই গুৰুত্বপূৰ্ণ। ক্ৰম’জমৰ কাম হ’ল পিতৃ-মাতৃৰ পৰাই জিন সন্তানলৈ বহন কৰি লৈ যোৱা। মানুহৰ চকুৰ ৰং, চুলিৰ প্ৰকৃতি ছালৰ গঠন ইত্যাদি বৈশিষ্ট্য ক্ৰম’জমে নিৰ্দ্ধাৰণ কৰে। সেইবাবে ক্ৰম’জমৰ বংশগতিৰ মুখ্য ভিত্তি বুলি কোৱা হয়। গৱেষকৰ মতে ৱাই ক্ৰম’জমে পুৰুষৰ হৰমন উৎপাদনৰ বাবেও কৰ্কট ৰোগৰপৰা শৰীৰক বচাই ৰাখে। গৱেষকে দাবী কৰিছে যে মাথোঁ ৱাই ক্ৰম’জমেই নহয় সাধাৰণভাৱে গোটেই ডি এন এৰ ক্ষতি কৰে। ধূমপান কৰা পুৰুষৰ ক্ৰম’জম ৩ গুণ হাৰত দ্ৰুতভাৱে হেৰাই যায়।
লেখক: উজ্জীৱন কুমাৰ দত্ত(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 3/4/2024