অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিমখৰ দ্বাৰা সৌন্দৰ্য চৰ্চা :

নিমখৰ দ্বাৰা সৌন্দৰ্য চৰ্চা :

 

সাগৰীয় কনিমখৰ দ্বাৰা আমাৰ ছালৰ যথেষ্ট উপকাৰ হয়। বিশেষকৈ ছালৰ পৰা টষ্কিন শুহি লোৱাত সহায় কৰে। শালমইনা হোৱাৰ প্ৰধান কাৰণ হৈছে বেক্টেৰিয়া। সেইবাবে নিমখে এনে ধৰণৰ বেক্টেৰিয়া নাশ কৰাত সহায় কৰে। নিমখে ছালখনক স্কাৱ কৰাত সহায় কৰে। নোম ছিদ্ৰসমূহৰ পৰা লেতেৰা গভীৰৰ পৰা পৰিষ্কাৰ কৰাত সহায় কৰে। তেজ চলাচল সুন্দৰভাৱে হয়। ছালৰ পৰা অতিৰিক্ত তেল শুহি লোৱাত সহায় কৰে। সচেতন ছালৰ বাবে ই উত্তম ক্লিনিজাৰ। নিমখে আমাৰ মাংস পেশীবোৰ সবল কৰে। সাগৰীয়া নিমখত ছডিয়াম, মেগনেছিয়াম, পটাচিয়াম আৰু কেলচিয়াম থাকে। নিমখ ব্যৱহাৰৰ পাছত আৰাম অনুভৱ কৰিব পাৰি।

ই আমাৰ ছালৰ পৰা মৃত কোষবোৰ পৰিষ্কাৰ কৰাত সহায় কৰে। যিহেতু সাগৰীয় নিমখত মেগনেছিয়াম, ছডিয়াম, কেলচিয়াম, পটাচিয়াম থাকে ই ছালৰ স্বাস্থ্যৰ বাবে বিশেষ ধৰণৰ কাম কৰে। শুকান, নিস্তেজ, অসমান ছাল আৰু খজুৱতি হৈ থাকে ছালক নিমখে সুৰক্ষা দিয়ে। ই ছালক জুৰ পেলায়। অৰ্থাৎ নিমখ ব্যৱহাৰ কৰাৰ পাছত ছালখন শীতন অনুভৱ কৰা হয়। পৰিষ্কাৰ লাগে।

এচামুচ নিমখৰ লগত প্ৰয়োজন অনুসৰি মৌ মিহলাই মুখত ডিঙিত আৰু হাতত লগাই লাহে লাহে ঘঁহি দিব। খুব নিস্তেজ ছালত ই তেজ চলাচল হৈ ছালৰ উজ্জ্বলতা বঢ়াত সহায় কৰে। মৃত কোষ পৰিষ্কাৰ কৰে। ছালত চেবাম উৎপাদনত সমতা ৰক্ষা কৰে। ফলত নিয়মিত ব্যৱহাৰ কৰিলে অতিৰিক্ত তেল ওলোৱাত বাধা দিয়ে আৰু ছালৰ মসৃণতা বঢ়ায়। যদি আপোনাৰ ছালখন খুব মিহি হয়, তেন্তে এখন সূতাৰ কাপোৰত বান্ধি টোপোলা কৰি ঘঁহি ঘঁহি দিব। লাহে লাহে ঘূৰাই ঘূৰাই ঘঁহিব। পাছত ঠাণ্ডা পানীতেই দুই দিব।

নিমখে নোমছিদ্ৰসমূহ পৰিষ্কাৰ কৰিব। সাগৰীয় নিমখ দুচামুচ, গ্ৰীন টীৰ এটা টোপোলা চাৰি কাপ পানীত সিজাই ল’ব। পাছত স্প্ৰে বটলত ভৰাই থ’ব। সদায় ৰাতি মুখখন পৰিষ্কাৰ কৰি এই মিশ্ৰণৰ পানী মুখত স্প্ৰে কৰিব। পাছত আঙুলিৰে হেঁচুকি দিব। এনে কৰিলে ছালত শালমইনা নহয়। বিশেষকৈ তেলেতীয়া চালৰ বাবে ই উত্তম।

সাগৰৰ কাষত থকা মানুহৰ ছালত সাধাৰণতে শালমইনা নহয়। কাৰণ ছালত সাগৰীয়া বতাহ লাগে।  এই বতাহত কিছু পৰিমাণে নিমখ ছালত লাগে। সাগৰৰ পানীত কিছু সময় গা ধুৱাৰ পাছত খুব পাতল লাগে আৰু টোপনি খুব ভাল হয়।

আমি ছালত স্কাৱ কৰাৰ বাবে অলিভ অইলত এচামুচ মিথি পাওডাৰ আৰু এচামুচ নিমখ মিহলাই ল’ব পাৰো। কেঁচা আলু ৰুকি নিমখৰ লগত মিহলাই ছালত লগালে ছালৰ পৰা লেতেৰা আঁতৰাৰ ওপৰি বগা আৰু মিহি ছালৰ অধিকাৰী হ’ব পাৰি।

তিল তেলত ১০ টোপালমান লেভেণ্ডাৰ অইল মিহলাই এচামুচ সাগৰীয় নিমখৰ পানী মিহলাই এটা বটলত থৈ দিব। সদায় গা ধোৱাৰ পাছত ট’নাৰ হিচাপে ব্যৱহাৰ কৰিলে  ছালৰ মসৃণতা বাঢ়িব। আৰাম অনুভৱ কৰাৰ বাবে নিমখৰ দ্বাৰা গা ধুব লাগে। তাৰ বাবে নেমুৰ পাত ৫ খিলা আৰু নিমপাত ১০ খিলা সিজাই গা ধুৱা পানীখিনিত দিব। পাছত দুকাপ নিমখ(সাগৰীয়) মিহলাই ল’ব। এতিয়া পানীখিনি কুহুমীয়া কৰি শৰীৰটো ২০ মিনিটমান ডুবাই থ’ব। বাথটাব হ’লে ভাল। পাছত পানীৰ পৰা উঠি টাৱেলেৰে গা মচি নাৰিকলৰ তেল লগাব। এনে কৰিলে শৰীৰৰ পৰা ট’স্কিন নাশ কৰিব আৰু শৰীৰ পাতল, গাৰ বিষ নাশ কৰিব।

খুব বেছি গাৰ বিষ হ’লে নিমখ চাৰি কাপ, চফ গুটি একাপ মিহলাই কেৰাহীত ভাজি ল’ব। পাছত সূতাৰ কাপোৰত বান্ধি গাত সেক দিব। গাৰ পৰা ট’স্কিন শুহি ল’ব আৰু গাৰ বিষ নহ’ব। নিমখ যিহেতু মিনাৰেলযুক্ত। গতিকে শৰীৰৰ সতেজতা ধৰি ৰখাত সহায় কৰিব।

উচ্চ ৰক্তচাপ থকাসকলে চাৰি কাপ সাগৰীয় নিমখ আৰু একাপ ভিনেগাৰ মিহলাই কুহুমীয়া পানীৰেই গা ধুব। নিয়মিত গা ধুব পাৰিলে আমাৰ শৰীৰৰ পৰা উচ্চ ৰক্তচাপ কমি যাব। মাজে-সময়ে আমাৰ ভৰিৰ অৱস্থা বৰ শোচনীয় হয়। খুব লেতেৰা হয়। এনে ক্ষেত্ৰত শ্বেম্পুৰ লগত নিমখ আদা কাপ মিহলাই দুয়োটা ভৰিত ঘঁহি দিব। এনে কৰিলে ছালৰ পৰা মৃত কোষ পৰিষ্কাৰ হৈ ছালৰ উজ্জ্বলতা বাঢ়িব। নখৰ ওপৰতো ঘঁহি ঘঁহি দিলে নখৰ কিউটিকসমূহ পৰিষ্কাৰ হ’ব। আৰু ছালখন কোমল কৰিব। নখ পৰিষ্কাৰ কৰাৰ বাবে মিঠাতেল নেমুৰ ৰস, নিমখ আৰু আধা চামুচ বেকিং চ’ডা ল’ব। ই নখৰ ওপৰৰ অংশত থকা দাগসমূহ পৰিষ্কাৰ কৰিব।

সৈন্ধৱ নিমখ আয়ুৰ্বেদিক মতে যথেষ্ট উপকাৰী। ইয়াক হিমালয়াৰ নিমখো বুলি কোৱা হয়। ই হজম শক্তি বঢ়ায়। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত কৰে। চকুৰ বাবেও উত্তম, আমাৰ হৃদযন্ত্ৰৰ বাবেও উপকাৰী।

ওটমিল দুচামুচ, অলিভ অইল দুচামুচ, নিমখ দুচামুচৰ লগত প্ৰয়োজন অনুসৰি দৈ মিহলাই ছালত লগাব। প্ৰায় ১৫ দিনমান লগালে অনুভৱ কৰিব ছালৰ উজ্জ্বলতা বাঢ়িছে।

কেতিয়াও ছালত অকল নিমখ ব্যৱহাৰ নকৰিব। সদায় তেল, ক্ৰীম বা অন্য সামগ্ৰীৰ লগত মিহলাই লগাব।

নিমখ আমাৰ অতি প্ৰয়োজনীয়, কাৰণ ই আহাৰৰ সোৱাদ বঢ়ায়।  তদুপৰি স্বাস্থ্য আৰু ছালৰ বাবেও উপকাৰী। মই ভাবো, ইয়াক কম খৰচতে আমাৰ সৌন্দৰ্য চৰ্চাৰ বাবে ব্যৱহাৰ কৰিব লাগে।

উৎস: অসম বাণী(ভানু শৰ্মা)

শেহতীয়া উন্নীতকৰণ: : 5/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate