অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পকা কল কিনোতে সাৱধান হওকঃ

পকা কল কিনোতে সাৱধান হওকঃ

কল এবিধ সহজলভ্য পুষ্টিকৰ ফল। প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ, প্ৰ’টিন, বিভিন্ন ভিটামিন আদিৰে সমৃদ্ধ কলৰ জনপ্ৰিয়তাও যথেষ্ট বেছি। কিন্তু বজাৰত কল কিনাৰ সময়ত প্ৰায় প্ৰতিজন ক্ৰেতাই বিক্ৰেতাজনক সোধা প্ৰথম প্ৰশ্নটোৱেই হ’ল কলবোৰ ‘গেছ’ত পকোৱা নেকি ? বহু বিক্ৰেতাই এইক্ষেত্ৰত নেতিবাচক উত্তৰ দিলেও এই কথা সত্য যে বজাৰত বিক্ৰী হৈ থকা অধিকাংশ কলেই গেছত পকোৱা। এনেধৰণে সহজ ভাষাত গেছত পকোৱা বুলি কোৱা কলবোৰ সাধাৰণতে কেলচিয়াম কাৰ্বাইড নামৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি অতি কম খৰচতে আৰু সহজতে পকোৱা হয়। কিন্তু কেলচিয়াম কাৰ্বাইডৰ সহায়ত পকোৱা কলে আমাৰ সকলোৰে স্বাস্থ্যৰ বাবে ভাবুকি কঢ়িয়াই আনিছে বুলি ক’লেও অত্যুক্তি কৰা নহ’ব।

প্ৰশ্ন হ’ল কল পকোৱাত ব্যৱহাৰ কৰা এই বহুচৰ্চিত গেছ বা কেলচিয়াম কাৰ্বাইডে মানৱ স্বাস্থ্যলৈ কেনেদৰে ভাবুকি কঢ়িয়াইছে ? কেলচিয়াম কাৰ্বাইড পানীৰ সংস্পৰ্শলৈ আহিলে এচিটিলিন গেছৰ সৃষ্টি হয় আৰু ইয়ে কল দ্ৰুতগতিত পকাত সহায় কৰে। এচিটিলিন গেছত সামান্য পৰিমাণে আৰ্ছেনিক আৰু ফছফৰাছৰ উপস্থিতি দেখা যায়। কিন্তু উদ্বেগজনক কথাটো হ’ল এই গেছ কৰ্কট ৰোগৰ কাৰক বুলি বিজ্ঞানীসকলে সদৰী কৰিছে। যিহেতু পকা কল দূৰণিবটীয়া ঠাইৰ পৰা সংগ্ৰহ কৰি অনাৰ সময়ত বহুখিনি নষ্ট হয়, সেইবাবে বেপাৰীয়ে পূৰঠ কল সংগ্ৰহ কৰি বজাৰৰ ওচৰত কেলচিয়াম কাৰ্বাইড প্ৰয়োগ কৰি পকোৱাৰ ব্যৱস্থা কৰে। কেলচিয়াম কাৰ্বাইড সহজলভ্য পদাৰ্থ আৰু ইয়াৰ ব্যৱহাৰৰ পদ্ধতিও সহজ। এক নিৰ্দিষ্ট তাপমাত্ৰাত এই পদাৰ্থই ২৪ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰতে কল পকায়। এনেদৰে পকোৱা কল অংশবিশেষে কোমল আৰু কেঁচা হৈ থকাৰ লগতে কম সোৱাদযুক্ত হয়। কিন্তু বাকলিটো হালধীয়া হৈ দেখাত আকৰ্ষণীয় হয়। আনহাতে এনে কল বেছিদিনলৈ ৰাখি থ’লে ক’লা পৰি খোৱাৰ অনুপযোগী হৈ পৰে।

মানৱ স্বাস্থ্যৰ ওপৰত কাৰ্বাইডৰ বিৰূপ ক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দেশত ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। ভাৰততো খাদ্য ভেজালকৰণ প্ৰতিৰোধ আইন, ১৯৫৪ৰ ৪৪ (ক)ৰ অধীনত কল পকোৱা কামত কেলচিয়াম কাৰ্বাইডৰ ব্যৱহাৰ কৰা হৈছে। এই ধাৰাৰ অধীনত দোষী সাব্যস্ত হোৱা ব্যক্তিক তিনি বছৰ কাৰাবাস আৰু জৰিমনা বিহাৰ ব্যৱস্থা আছে।

কাৰ্বাইডৰ পৰিৱৰ্তে ইথিলিন গেছ ব্যৱহাৰ কৰি কল পকাব পাৰি, যিটো তুলনামূলকভাৱে মানৱ স্বাস্থ্যৰ বাবে অধিক নিৰাপদ। ইথিলিন এবিধ প্ৰাকৃতিক উদ্ভিদজাত হৰম’ন, যিয়ে সমভাৱে কল পকাত সহায় কৰাৰ লগতে পকা কলৰ আয়ুস বৃদ্ধি কৰে। প্ৰাকৃতিক হৰম’ন হোৱাৰ বাবেই ইয়াৰ কোনো পাৰ্শ্বপ্ৰতিক্ৰিয়া নাই। আজিৰ পৰা দুবছৰ আগেয়ে দিল্লী চৰকাৰে কেলচিয়াম কাৰ্বাইডৰ পৰিৱৰ্তে ইথিলিন গেছ ব্যৱহাৰ কৰি কৃত্ৰিমভাৱে ফল-মূল পকোৱাৰ নিৰ্দেশ জাৰি কৰিছে। অসমতো কল ব্যৱসায়ীসকলে জনস্বাৰ্থৰ খাতিৰত ইথিলিন ব্যৱহাৰ কৰি কল পকোৱাৰ বাবে দায়বদ্ধ হোৱা উচিত। এইক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজো সজাগ হোৱাৰ প্ৰয়োজন যাতে অসাধু ব্যৱসায়ীয়ে জনস্বাৰ্থৰ প্ৰতি কোনো ভাবুকি সৃষ্টি কৰিব নোৱাৰে।

ইথিলিনেৰে কল পকোৱাৰ সময়ত গুৰুত্ব দিবলগীয়া কিছুমান দিশ-

  • কলৰ ৰং, সোৱাদ আৰু ভিতৰৰ গঠন ঠিকে ৰাখিবলৈ সেউজীয়া কিন্তু সম্পূৰ্ণভাৱে পূৰঠ হোৱা কল চপাওক।
  • কল চপোৱাৰ পাছত পৰিবহণৰ সময়ত কলবোৰ আঘাত নোপোৱাকৈ ৰখাৰ লগতে অতিমাত্ৰা শীতৰ পৰা কলবোৰক সুৰক্ষা দিয়ক।
  • কলবোৰৰ উষ্ণতা ১৮ ডিগ্ৰী চেণ্টিগ্ৰেডৰ আশে-পাশে ৰখাৰ ব্যৱস্থা কৰক।
  • ইথিলিন জেনেৰেটৰৰ সহায়ত উক্ত তাপমাত্ৰাত কলবোৰত ১০০-১৫০ পিপিএম পৰিমাণত ইথিলিন গেছ প্ৰয়োগ কৰক।
  • ইথিলিন প্ৰয়োগৰ ২৪ ঘণ্টা পাছত ইথিলিন কক্ষৰ পৰা অতিৰিক্ত কাৰ্বন-ডাই-অক্সাইড আৰু ইথিলিন গেছ ওলাই যাবলৈ দিয়ক।
  • বজাৰৰ চাহিদাৰ ওপৰত ভিত্তি কৰি কল পকাৰ সময় কম-বেছি কৰক।

(উৎসঃ নিয়মীয়া বাৰ্তা, মানৱজ্যোতি দাস, অসম ক্ষুদ্ৰ কৃষক কৃষি বাণিজ্য কনচৰ্টিয়ামৰ পৰিচালক)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate