অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পটাছিয়াম ব্ৰ’মেট আৰু কেঞ্চাৰৰ সম্ভাৱনা

পটাছিয়াম ব্ৰ’মেট আৰু কেঞ্চাৰৰ সম্ভাৱনা

আমাৰ শৰীৰক পটাছিয়ামৰ প্ৰয়োজনীয়তা আছে| কিন্তু পটাছিয়াম ব্ৰ’মেট কেঞ্চাৰৰ কাৰক হ’ব পাৰে বুলি ভৱা হৈছে| পটাছিয়াম হাইড্ৰ’ক্সাইডৰ মিশ্ৰণৰ মাজেৰে ব্ৰ’মিলৰ দ্ৰৱ সঞ্চালিত কৰিলে পটাছিয়াম ব্ৰ’মেট উৎপন্ন হয়| সাগৰীয় পানী পতাছিয়াম কাৰ্বনেটলৈ অৱশোষণ কৰোঁতেও উপজাত দ্ৰব্য হিচাপে পটাছিয়াম ব্ৰ’মেট উৎপন্ন হ’ব পাৰে| পটাছিয়াম ধাতবীয় মৌল| ইয়াৰ সৈতে অধাতৱীয় মৌল ব্ৰ’মিনৰ সৈতে ক্ৰিয়া কৰি পটাছিয়াম ব্ৰ’মেটৰ সৃষ্টি হয়| পটাছিয়াম ব্ৰ’মেট বিভিন্ন খাদ্য-সম্ভাৰ বেইক কৰিবলৈ ব্যৱহাৰ কৰা হৈ আহিছে| কিন্তু আমেৰিকাৰ বাহিৰে বাকী ভালেমান দেশত ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে| ইয়াৰ ব্যৱহাৰে কেঞ্চাৰ সৃষ্টি কৰিব পাৰে বুলি প্ৰমাণিত হোৱাৰ পিছতো ময়দা ব্যৱহাৰ কৰি উৎপাদন কৰা খাদ্য-সম্ভাৰৰ উৎকৰ্ষ সাধনৰ বাবে পটাছিয়াম ব্ৰ’মেট ব্যৱহাৰ কৰা হয়| ময়দাৰ লদা দৃঢ়তৰ কৰিবলৈ আৰু বেইক কৰোঁতে ভালদৰে উফন্দি উঠাত সহায় কৰিবলৈ এই দ্ৰব্য ব্যৱহাৰ কৰা হয়| যেনে-পাওৰুটি, পিজ্জা, বাৰ্গাৰ, ছেণ্ডৱিছ, পাৱ আদি বেইক কৰোঁতে পটাছিয়াম ব্ৰ’মেট ব্যৱহাৰ কৰা হয়| এই দ্ৰব্য পৰিমিত প্ৰিমাণে ব্যৱহাৰ কৰিলে বিশেষ সমস্যা নহয়| কিন্তু অত্যধিক পৰিমাণে ব্যৱহাৰ কৰিলে আৰু কম উত্তাপত বেইক কৰিলে খাদ্য সম্ভাৰত পটাছিয়াম ব্ৰ’মেটৰ অৱশিষ্ট থাকি যায়| তেনে খাদ্য সম্ভাৰ হানিকাৰক হয়| হাৰভেষ্ট গ’লড, ব্ৰিটানিয়া, কে এফ চি, পিজ্জাহাট, ডমিন’জ, মেকড’নালড আদি কোম্পানীৰ ময়দাৰে তৈয়াৰ কৰা খাদ্য সম্ভাৰত যথেষ্ট পটাছিয়াম ব্ৰ’মেট ব্যৱহাৰ কৰা হয়| এই কোম্পানীয়ে পটাছিয়াম ব্ৰ’মেট সধাৰণতে ব্যৱহাৰ কৰে যদিওএই দ্ৰব্য নিষিদ্ধ কৰা দেশ সমুহত দ্ৰব্যবিধ ব্যৱহাৰ নকৰে বা কৰিলেও সামান্য পৰিমাণে কৰে, যাতে তৈয়াৰী খাদ্য-সম্ভাৰত পটাছিয়াম ব্ৰ’মেটৰ অৱশিষত নাথাকে| পটাছিয়াম ব্ৰ’মেট নিষিদ্ধ কৰা দেশ সমুহৰ ভিতৰত আছে ইউৰোপীয়ান ইউনিয়ন, আৰ্জেণ্টিনা, ব্ৰাজিল, কানাডা, নাইজেৰিয়া, দক্ষিণ কোৰিয়া, শ্ৰীলংকা, চীন, জাপান আদি| আমেৰিকাত এই দ্ৰব্য নিষিদ্ধ হোৱা নাই যদিও কেতবোৰ নিয়ম-নীতিৰ নিৰ্দেশনা আছে| ভাৰতত এই দ্ৰব্য নিষিদ্ধ নহয় আৰু ইয়াৰ ওপৰত কোনো নিয়ন্ত্ৰণো নাই| সেইবাবে পাওৰুটি, পিজ্জা, বাৰ্গাৰ, পাৱ আদিত যথেষ্ট পৰিমাণৰ পটাছিয়াম ব্ৰ’মেট থাকে| সেইবাবেই ভাৰতত এই দ্ৰব্যই কেঞ্চাৰৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে| সৰু সৰু বেকাৰী বোৰে ময়দাৰ খাদ্য-সম্ভাৰত পটাছিয়াম ব্ৰ’মেট ব্যৱহাৰ নকৰে| সেইবাবে এনে বেকাৰীয়ে তৈয়াৰ কৰা পাওৰুটি আদিৰ পৰা কেঞ্চাৰ সৃষ্টি কৰাৰ সম্ভাৱনা কম| পটাছিয়াম ব্ৰ’মেটৰ ব্যৱহাৰ বৃহৎ কোম্পানীসমুহে বহুদিনৰ পৰা ব্যৱহাৰ কৰি আহিছে| ১৯৮৪ চনত বিশ্ব স্বাস্থ্য সংস্থাই এই দ্ৰব্যই কেঞ্চাৰৰ সৃষ্টি কৰাৰ সম্ভাৱনা মানি লয়| তাৰ পিছত বিশ্বৰ ভালেমান দেশে পটাছিয়াম ব্ৰ’মেট নিষিদ্ধ কৰিছে| ভাৰতত নিষিদ্ধ কৰা হোৱা নাই| সেইবাবে ভাৰতত তৈয়াৰী বা ভাৰতৰ বাবে তৈয়াৰী ময়দাৰ খাদ্য সম্ভাৰে আমাৰ দেশত কেঞ্চাৰ সৃষ্টি কৰিব পাৰে| আমাৰ শৰীৰত পটাছিয়াম ব্ৰ’মেটৰ বিপাক নহয়| সেইবাবে অত্যধিক পটাছিয়াম ব্ৰ’মেটযুক্ত খাদ্য সম্ভাৰৰ দ্বাৰা কেঞ্চাৰৰ সৃষ্টি হ’ব পাৰে|

ডা: জীৱন দত্ত বৰুৱা।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate