অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পানী সেৱনৰ বিভিন্ন নিয়মাৱলী :

পানী সেৱনৰ বিভিন্ন নিয়মাৱলী :

 

পানীক আয়ুৰ্বেদত শক্তিশালী চিকিৎসীয় গুনযুক্ত উপকৰণ বুলি কোৱা হৈছে। আয়ুৰ্বেদীয় পৰম্পৰাগত চিকিৎসা পদ্ধতিত বিভিন্ন প্ৰকাৰৰ পানী আৰু ইয়াৰ গুনাগুনৰ বিষয়ে কোৱা হৈছে। আয়ুৰ্বেদত পানীক সোম্য গুনযুক্ত বুলি কোৱা হৈছে। সোম্য মানে চন্দ্ৰৰ নিচিনা শীতল আৰু এই শীতল গুনটোৱে খাদ্য হজম কৰাত সহায় কৰি পিত্ত সমন কৰে, কফ বৃদ্ধিত সহায় কৰে আৰু বাত দোষৰ বাবে শৰীৰত হোৱা শুকানতা আৰু ৰুক্ষতা নাস কৰে। পানী হ'ল শৰীৰ পৰিপুষ্টিকাৰী, শৰীৰত উৎপন্ন দূষিত পদাৰ্থ হৰণকাৰী, শৰীৰক মসৃনতা প্ৰদানকাৰী।

আয়ুৰ্বেদ মতে পানীৰ উপকাৰীতা -

যদি আমাৰ শৰীৰে সঠিক ভাবে পানী শোষণ কৰি লব পাৰে তেনেহ'লে ইয়াৰ উপকাৰিতা সমূহ আমি লাভ কৰিবলৈ সক্ষম হও। যেনে:- *ই আমাৰ শৰীৰৰ অৱসাদ দূৰ কৰাত সহায় কৰে।

*ছাল মসৃণ আৰু উজ্জল কৰে। *কোষ্ঠকাঠিন্যতা আঁতৰোৱাত সহায় কৰে।

*মনোবল বৃদ্ধিত সহায় কৰে। *মনত সন্তুষ্টি প্ৰদান কৰে।

*হৃদয়ৰ শক্তি বঢ়োৱাত সহায় কৰে।

*খাদ্য পাচনত সহায় কৰে।

*শৰীৰৰ তাপমাত্ৰাৰ ভাৰসাম্যতা ৰক্ষা কৰে।

*জীৱনৰক্ষাত সহায় কৰে।

*এন্টিঅক্সিডেন্ট হিচাবে কাম কৰে।

শৰীৰ পৰিষ্কাৰকাৰী হিচাপে পানী -

কিছুমান মানুহৰ দৈনিক যিমান পৰিমানৰ পানী সেৱন কৰিলেও তেঁওলোকৰ পিঁয়াহ নপলায়। সাধাৰণতে তেনে মানুহৰ দেহৰ ছাল শুকান আৰু ৰুক্ষ ধৰনৰ হয়। ইয়াৰ অৰ্থ এইটোয়ে যে তেওঁৰ শৰীৰৰটোই ভালদৰে পানী শোষণ কৰি লব পৰা নাই যাৰ ফলত শৰীৰটো ভালদৰে জীপাল বা আদ্ৰ হব পৰা নাই। ইয়াৰ কাৰণ হ 'ল মানুহজনৰ পাচন ক্ষমতা কমি গৈছে আৰু তেওঁ খোৱা খাদ্য বস্তুবিলাক ভালদৰে হজম নোহোৱাৰ ফলত বিষতুল্য "আম" ৰ (আয়ুৰ্বেদত হজম নোহোৱা খাদ্যকনা বিলাকক আম বুলি কোৱা হয়) উৎপত্তি হয় আৰু আমাৰ পাচনতন্ত্ৰৰ পৰা শৰীৰৰ কোষবিলাকলৈ পানী বহন কাৰী সূক্ষ্ম নলিকাবিলাকৰ মূখবিলাক বন্ধ কৰি দিয়ে। এই সূক্ষ্ম নলিকাবিলাকৰ বন্ধ হোৱা মূখবিলাকৰ পুনৰ খোল খুৱাবলৈ আয়ুৰ্বেদত পানী এটা নিৰ্দিষ্ট তাপমাত্ৰা আৰু এটা নিৰ্দিষ্ট সময়লৈ উতলাই সেৱন কৰাৰ নিৰ্দেশ দিয়া আছে। এই পানীৰ নাম দিয়া হৈছে "উষ্ণদোক" আৰু পানীৰ লগত কিছুমান বনৌষধি মিহলাই খোৱাৰো পৰামৰ্শ দিয়া হৈছে।

এই উতলোৱা বা বনৌষধি যুক্ত পানীয়ে আমাৰ শৰীৰত কেনেকৈ ক্ৰিয়া কৰে :-

পানী যেতিয়া উতলোৱা হয় ই তীক্ষ্ণ গুণসম্পন্ন হয় আৰু ই শৰীৰৰ বিপাক ক্ৰিয়াৰ ফলত উৎপন্ন বিষযুক্ত আম(toxin) ৰ ফলত বন্ধ হোৱা শৰীৰৰ কোষবিলাকলৈ পানী পৰিবাহী নলীবিলাকৰ মুখবোৰ খুলি দিয়ে আৰু নতুন কৈ উৎপন্ন হোৱা আম (toxin) খিনিও শৰীৰৰ পৰা বাহিৰ কৰি দিয়াত সহায় কৰে। এই পানীত যদি আৰু কিছুমান বনৌষধি মিহলাই গৰম কৰা হয় ই আৰু তীক্ষ্ণ হৈ বহু চিকিৎসীয় গুণসম্পন্ন হয়। আয়ুৰ্বেদ শাস্ত্ৰমতে স্বাভাবিক গৰম নকৰা পানী আমাৰ শৰীৰৰ কোষবিলাকলৈ অবশেোষিত হবলৈ প্ৰায় ছয় ঘণ্টা সময় লাগে। উতলাই ঠাণ্ডা কৰি লোৱা পানী শৰীৰৰ কোষবিলাকলৈ অবশেোষিত হবলৈ তিনি ঘণ্টা আৰু বনৌষধিযুক্ত পানী কোষ বিলাকত প্ৰবেশ কৰিবলৈ দেৰ ঘণ্টা সময়ৰ প্ৰয়োজন হয়।

মানুহৰ প্ৰকৃতি আৰু দোষ অনুসৰি পানী সেৱন বিধি:- তলত দিয়া বনৌষধি যুক্ত পানী মানুহজনৰ প্ৰকৃতি আৰু দোষ (বাত, পিত্ত, কফ) অনুসৰি সেৱন কৰিলে শৰীৰৰ দোষজনিত বিকাৰসমূহ উপশম হোৱাত কিছুপৰিমানে সহায় কৰে।

বাত প্ৰকৃতিৰ মানুহৰ বাবে :- আঠ কাপ পানী পাঁচ মিনিটৰ বাবে উতলাই লব লাগে। জুইৰ পৰা নমাই তিনিটা পদিনাৰ পাত, আধা চামুচ মেথি গুটি, এক চামুচৰ চতুৰ্থাংশ মাৰ্শ্বমেলোৰ (Marshmallow) শিপা মিহলাই এটা ফ্লাক্সত থৈ সম্পূৰ্ণ দিনটোৰ ভিতৰত খাই শেষ কৰিব লাগে।

পিত্ত প্ৰকৃতিৰ মানুহৰ বাবে -

আঠ কাপ পানী দুই মিনিটৰ বাবে উতলাই জুইৰ পৰা নমাই তাত এক চামুচৰ চতুৰ্থাংশ মেথি গুটি, দুটা গোলাপৰ কলি আৰু এটা লং মিহলাই এটা ফ্লাক্সত থৈ সম্পূৰ্ণ দিনটোৰ ভিতৰত খাই শেষ কৰিব লাগে। গৰমৰ দিনত ইয়াক এটা কাপত থৈ ঠাণ্ডা কৰি আৰু ঠাণ্ডাৰ দিনত অলপ অলপ গৰম অৱস্থাত খাব লাগে।

কফ প্ৰকৃতিৰ মানুহৰ বাবে -

আঠ কাপ পানী পাঁচ মিনিটৰ বাবে উতলাই জুইৰ পৰা নমাই তিনিটা তুলসীৰ পাত, দুই টুকুৰা পাতলকৈ কাটি লোৱা আদা, দালচেনী এক চামুচৰ চতুৰ্থাংশ আৰু আধা চামুচ মেথি গুটি মিহলাই গৰমে গৰমে ফ্লাক্সত থৈ সম্পূৰ্ণ দিনটোৰ ভিতৰত খাই শেষ কৰিব লাগে। ঠাণ্ডা নকৰাকে অলপ গৰমে গৰমে খালে ভাল।

কিমান পৰিমাণৰ পানী খোৱা উচিত? এজন মানুহে সেৱন কৰিবলগীয়া পানীৰ পৰিমাণ মানুহজনৰ বয়স, শাৰীৰিক শ্ৰম, ব্যায়াম, বতৰ, খোৱা খাদ্যৰ ধৰন, মানসিক চাপ, শৰীৰৰ প্ৰকাৰ ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰে।পিত্ত প্ৰকৃতিৰ মানুহ সাধাৰণতে কফ প্ৰকৃতিৰ মানুহতকৈ বেছি তৃষ্ণাতুৰ হয়। বাত প্ৰকৃতিৰ মানুহ সাধাৰণতে কোষ্ঠকাঠিন্যযুক্ত বা শুকান আৰু ৰুক্ষ চৰ্মযুক্ত হোৱা বাবে অধিক পৰিমাণৰ পানীৰ দৰকাৰ হয়। সাধাৰণতে গোটেই দিনটোৰ ভিতৰত আঠ কাপ বনৌষধিযুক্ত পানী খাবলৈ উপদেশ দিয়া হৈছে যদিও ভিন্নজনৰ বাবে এই পৰিমাণ ভিন্ন হয়। বনৌষধিযুক্ত পানী ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি প্ৰত্যেক আধা ঘণ্টাৰ মুৰে মুৰে খাব লাগে আৰু সন্ধিয়া সাত বজাৰ আগতে খাই শেষ কৰিব লাগে আৰু সন্ধিয়া সাত বজাৰ পিছত সাধাৰণ গৰম পানী সেৱন কৰিব লাগে। যদি বনৌষধিযুক্ত পানী সন্ধিয়া সাত বজাত শেষ নহ'লে সেইখিনি পানী ব্যৱহাৰ নকৰি পেলাই দিব লাগে আৰু পিছদিনা ৰাতিপুৱা পুনৰ নতুনকৈ তৈয়াৰ কৰি লব লাগে।

খাদ্যৰ লগত পানী খোৱা নিয়ম -

আয়ুৰ্বেদ শাস্ত্ৰত যিকোনো খাদ্যবস্তুৰ লগত সাধাৰণ গৰম পানী খোৱাৰ উপদেশ দিয়া আছে কাৰন আমাৰ খাদ্যবস্তুবিলাকত ইতিমধ্যে বনৌষধি বা মছলা মিহলি হৈ থাকেই আৰু খাদ্যৰ লগত এক কাপৰ অধিক পানী খোৱাটো অনুচিত বুলি কোৱা হৈছে । অধিক পৰিমাণৰ পনীয়া খাদ্য যেনে- ডাইল, চুপ ইত্যাদি সেৱন কৰিলে খাদ্যৰ লগত সেৱন কৰা পানীৰ পৰিমান কমাই দিব লাগে। শুকান খাদ্যবস্তু বেছিকৈ সেৱন কৰিলে খোৱা পানীৰ পৰিমানো বঢ়াই দিব লাগে। খোৱা পানী সদায় কোঠাৰ উষ্ণতাৰ সমান বা অলপ গৰম হব লাগে। কিন্ত কেতিয়াও বৰফ চেঁচা পানী সেৱন কৰিব নালাগে কাৰণ ই পাচন প্ৰক্ৰিয়াত ব্যাঘাত জন্মায়। পিয়াহৰ অনুপাতে খাদ্য খোৱাৰ অতিকমেও ৪৫ মিনিট পিছতহে পানী সেৱন কৰিব লাগে।

ডা: মুকুল শৰ্মা (আয়ুৰ্বেদাচাৰ্য্য)
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটী
চিকিৎসা বিষয়া, মুলাগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

ফোন নং- ৯৫০৮০২৬৮২৫

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate