অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পিয়াহৰ পানীটোপা

পিয়াহৰ পানীটোপা

পিয়াহ লগা কথাটো আমাৰ বাবে এটা বৰ সাধাৰণ কথা। দৈনদিন জীৱনত এই কথা বাৰে-বাৰে ঘটিয়েই থাকে। কিন্তু পিয়াহ লগা কাৰণটো হ’ল, মগজুৱে আমাক সংকেত দিয়ে, যে এতিয়া শৰীৰত পানীৰ পৰিমান কমিছে। যেতিয়া আপুনি পিয়াহ অনুভৱ কৰে তেতিয়া ই হ’ল আপোনাৰ শৰীৰত পানী ক’মাৰ ( dehydration) প্ৰথম স্তৰ। পিয়াহ হ’ল আমাৰ জীয়াই থকাৰ প্ৰথম প্ৰয়োজন, সেয়ে ইয়াক অনুভৱ হ’বলৈ নিদিব। তাৰ আগতেই যথেষ্ঠ পানী খাওঁক।

পানীৰ অভাৱে আমাৰ প্ৰসাৱ হ্ৰাস কৰাৰ লগতে ইয়াক ঘনীভূত কৰে। যদি আমি যথেষ্ঠ পানী পৰিমানে নাখাওঁ,আমি হয়তো কমেও ৭ ঘন্টা প্ৰসাৱ নকৰাকৈ থাকিব লগা হ’ব পাৰে। কিয়নো সেই সময়চোৱাত শৰীৰে পানী সংৰক্ষণ কৰাৰ চেষ্টা কৰে। সাধাৰণ অৱস্থাত এজন মানুহক দৈনিক কমেও ৫ বাৰ প্ৰসাৱ কৰিব লগা হ’য়। পানী কমকৈ খালে প্ৰসাৱ হালধীয়া বা অম্বৰৰ দৰে পাতল ৰঙচুৱা বৰণৰ হ’য়; যিটো electrolytes ৰ (তৰল,যাৰ মাজেদি বিদ্যুৎ প্ৰৱাহিত হ’ব পাৰে বা ইয়াৰ মাজেদি বিদ্যুৎ পঠালে ইয়াত নিহিত থকা পদাৰ্থ বিলাক ভাগি পৃথক হৈ পৰে) সৈতে ঘণীভুত হ’য়, য’ত পানীৰ পৰিমান ক’ম থাকে। ই বৃক্কৰ বাবে এক মাৰাত্মক কথা।

আমি পানী ক’মকৈ খালে মূখ শুকাই যোৱা বা মূখৰ পৰা বেয়া গোন্ধ ওলোৱাতো এটা প্ৰাকৃতিক কথা। কিয়নো দেহত পানীৰ অভাৱ হ’লে আমাৰ লেলাউটি ক’মে। এনে অৱস্থাত প্ৰাকৃতিক ভাবে মুখত জন্ম লোৱা কিছুমান বেক্টেৰিয়াক শৰীৰে ধুই নিবলৈ সক্ষম নহয়। লেলাউটিৰ অবিহনে বেক্টেৰিয়াৰ বৃদ্ধি বৰ খৰতকীয়া হ’য় আৰু ইহঁতে মূখত থাকি যোৱা খাদ্যৰ কণিকা বিলাকক খাবলৈ ধৰে। বেক্টেৰিয়া বৃদ্ধি আৰু ইহঁতৰ খোৱা কাৰ্যৰ ফলত মুখখন বেয়া গোন্ধাবলৈ ধৰে, ঠিক ৰাতিপুৱা শুই উঠাৰ পিচত মূখখন গোন্ধোৱাৰ দৰে আৰু ই গোটেই দিন থাকি যায়। সেয়ে মূখৰ বেয়া গোন্ধৰ ৰক্ষাৰ বাবে দিনটোত সঘনে পানী খাওঁক। মূখৰ বেয়া গোন্ধে আপোনাক বন্ধু-বান্ধৱ, মানুহৰ মাজত অপ্ৰিয় কৰি তুলিব পাৰে। মানুহে আন মানুহৰ দেহাৰ সকলো দোষ হজম কৰিব পাৰিলেও মূখৰ বেয়া গোন্ধ সহ্য নকৰে।

দেহত পানীৰ অভাৱ হ’লে ই আপোনাৰ দেহাত metabolism (খাদ্য খোৱাৰ পিচত শৰীৰত ঘটা সকলো ৰাসায়নিক প্ৰক্ৰিয়া)ক সাংঘাতিক ধৰণে ক্ষতি কৰিব, লগতে ৰক্তচাপকো হ্ৰাস কৰিব। ৰক্ত সঞ্চালনে দেহৰ বিভিন্ন অংশলৈ অক্সিজেন আৰু পুষ্টিৰ যোগান ধৰে। দেহত ৰক্তচাপ কমি যোৱাৰ ফলত যেতিয়া ৰক্ত সঞ্চালনত বাধাপ্ৰাপ্ত হ’ব তেতিয়া আপুনি দুৰ্বল, শক্তিশীন অনুভৱ
কৰিব,যেন আপোনাৰ ল’ৰচ’ৰ কৰিবলৈকো শক্তি নাই।

দেহত পানীৰ অভাৱতো মূৰবিষ হ’য়; কিয়নো ই হৈছে এটা উপায় য’ত শৰীৰে সংকেত দিয়ে, যে মগজু আৰু হাওঁফাওঁয়ে যথেষ্ঠ পানী পোৱা নাই। আকৌ ই এটা ফলাফলো যে আপোনাৰ শৰীৰত প্ৰয়োজনীয় পৰিমানৰ পানীৰ অভাৱ হৈছে যাৰ বাবে হৃদপিণ্ডটোৱে ভালকৈ এই পানীক শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যঙ্গলৈ পাম্প কৰি পঠাব পৰা নাই। সেইবাবেই মূৰবিষ
আৰু মূৰঘূৰণি হ’য়,বা তাতোকৈ বেচি কিবা বেয়া হ’ব পাৰে।

পানী ক’মকৈ খোৱাৰ ফলত শৰীৰত প্ৰথম স্তৰ হিচাবে গাৰ ছালখন শুকান হৈ আহে, কিয়নো ইয়াক পানীয়েহে সেমেকাই ৰাখে। এনে অৱস্থাত আপোনাৰ শৰীৰে কমকৈ ক’লাজেন (collagen : বিশেষকৈ আমাৰ শৰীৰৰ
হাড়ৰজোঁৰা বিলাকত থকা এক প্ৰকাৰৰ প্ৰটিন) উৎপন্ন কৰে,যি ছালখনক ফিটফিটিয়া আৰু ইলাষ্টিকৰ দৰে ইয়াৰ স্থিতিস্থাপক
গুণটোক বৰ্ত্তাই ৰাখে। সেয়ে পানী ক’মকৈ খালে মানুহৰ দেহত বয়সতকৈ আগতেই বুঢ়া হৈ অহাৰ লক্ষণ পৰিলক্ষিত হ’য়, মূখৰ ছালত ৰিংক’ল পৰিবলৈ ল’য়।

পানী ক’মকৈ খোৱাজন সোনকালে শকত হৈ আহিবও পাৰে। কিয়নো ডাক্তৰেও কৈ গৈছে: “এভাগ অন্ন দুভাগ জ’ল,এভাগে থাকে বায়ুৰ ব’ল”। অৰ্থাৎ অন্নৰ দুভাগ পৰিমানৰ পানী খাব লাগে। শৰীৰত পানীৰ পৰিমান ক’মি গ’লে ভোক বেচিকৈ লাগিব ধৰে। ফলত অতিমাত্ৰা খোৱাৰ ফলত আপোনাৰ দেহাত চৰ্বিৰ পৰিমান বাঢ়ি আহে; ই শৰীৰৰ বাবে অতি
ক্ষতিকাৰক। বয়সত পানী যথেষ্ঠ খাই, আহাৰ ক’মাই খালেহে যৌৱন বেচি দিনলৈ বৰ্ত্তি থাকে। জিভাখন অহেতুক লপলপাই থাকিলে
পানী খাই ভোক কমাওক। পানী বেছিকৈ খালে কিডনী দুটাও পৰিষ্কাৰ হৈ থাকে। (আজিকালিৰ জেনেৰেচনে পানী কমকৈ
খায়। কথাটো ভালকৈ মন কৰক। বিশুদ্ধ পানীৰ নামত ঘৰৰ আধুনিক ফিল্টাৰৰ পৰা ভৰাই নিয়া এবটল পানীকে দিনটো চেলেকি চেলেকি খাই থাকিব। কোম্পানীবিলাকেও মানুহৰ মনত এনে ভয় সোমোৱাই দিলে যে, এতিয়া
মানুহে পানীক বিষাক্তকে দেখি থাকে। পানীৰ আটাইতকৈ ভয় ল’গা কথাটো হৈছে এতিয়াৰ ‘আৰ্চেনিক লেভেল’। কিয়নো
পৃথিৱীৰ যিমান ত’লৰ স্তৰলৈ যোৱা যায় এই স্তৰবোৰৰ পানীত বিষাক্ত পদাৰ্থৰ পৰিমানৰ সম্ভাৱনা বাঢ়ি যায়। আগতে বহু তলৰ স্তৰৰ পৰা পানী উলিওৱা সজূঁলিবোৰ, পাম্পবোৰৰ আৱিস্কাৰ হোৱা নাছিল; সাধাৰণ দ’মক’লৰ ওপৰৰ স্তৰতে মানুহে পানী পাইছিল, বা পুখুৰীৰ পানীৰে মানুহে প্ৰয়োজন পূৰাইছিল। এই স্থানৰ পানীবোৰ স্বাস্থ্যসন্মত আছিল।
এতিয়া আপুনি খুওব চাফা পানী বটলটোত লৈ ফুৰিছে, কিন্তু গুণাগুণ একেবাৰে বেয়া। মানে ‘বোৱাৰী দেখিবলৈ ব’ৰ ধুনীয়া,কিন্তু
চৰিত্ৰ একেবাৰে বেয়া’,তেনে কথা। আমাৰ ঘৰৰ ফিল্টাৰবোৰে আৰ্চেনিকৰ দৰে বিষাক্ত পদাৰ্থবোৰ কাটিব পাৰে বুলি যদি
এজেন্টজনে কৈছে তেনেহ’লে সি গোকোট মিছা কথা কৈছে। আপোনাৰ ফিল্টাৰে আৰ্চেনিক কাটিব নোৱাৰে। সেয়ে
যিকোনো ঠাইৰ পৰিষ্কাৰ পানী খাওঁক,বআপোনাৰ ঘৰৰ পানীখিনিৰ যি অৱস্থা সেই ঠাইৰ পানীখিনিৰো একেই অৱস্থা।
লগতে যিকোনো ঠাইৰ পানী খোৱাৰ অভ্যাস কৰিলে water resistance বাঢ়ে, যাৰ ফলত নতুন ঠাই এখনৰ পানী কেতিয়াবা খাব লগা হ’লে আপুনি বেমাৰত নপৰে, বৰষুণত তিতিলে চৰ্দি-কাঁহ ইত্যাদি নালাগে; ইত্যাদি ইত্যাদি।

ইমৰান হুছেইন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate