অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্লেটলেটৰ বিষয়ে কিছু জানিবলগীয়া

প্লেটলেটৰ বিষয়ে কিছু জানিবলগীয়া

মানুহৰ  ৰক্তত  তিনি ধৰণৰ  কণিকা থাকে:

১) লোহিত ৰক্ত কণিকা (Red Blood Cell)

২) শ্বেত ৰক্ত কণিকা (White Blood Cell)

৩) অণুচক্ৰিকা বা প্লেটলেট (Platelet)

ৰঙা তেজৰ কণিকাই তেজৰ ৪০% আয়তন  জুৰি আছে৷ প্ৰতি মাইক্ৰ’লিটাৰ তেজত  ৫,০০০,০০০ এই  বিধ  কণিকা থাকে৷ এই কণিকাৰ ৰক্তিম  ৰঙ  সৃষ্টি কৰিছে হিম’গ্ল’বিন নামৰ  এবিধ প্ৰ’টিনে, যাৰ দ্বাৰা হাওঁফাওঁৰ পৰা অস্কিজেন  আমাৰ শৰীৰৰ বিভিন্ন কোষলৈ যায়৷ শ্বেত তেজৰ  কণিকা তেজৰ প্ৰতি মাইক্ৰ’লিটাৰত  ৫০০০ ৰ  পৰা ১০০০০ লৈ থাকে৷ এই  বিধ  কণিকা আকাৰত ডাঙৰ  আৰু ই কেইবা প্ৰকাৰৰ৷ শ্বেত  কণিকাৰ কাম হৈছে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দি শৰীৰৰ  ৰোগ প্ৰতিৰোধ কৰা৷  তেজত থকা  কণিকাসমূহৰ ভিতৰত  আটাইতকৈ ক্ষুদ্ৰ আকৃতিৰ  কণিকা হ’ল  প্লেটলেট৷ ইয়াৰ  আকাৰ ৰঙা তেজৰ কণিকাৰ  পাঁচ ভাগৰ এভাগ৷ প্ৰতি মাইক্ৰ’লিটাৰ তেজত  ১৫০,০০০ ৰ  পৰা ৪৫০,০০০ প্লেটলেট থাকে৷ আকৃতিত অতি ক্ষুদ্ৰ হোৱা হেতুকে ই মুঠ তেজৰ সামান্য অংশ এটাহে আৱৰি আছে৷ হ’লেও ইয়াৰ গুৰুত্ব অপৰিসীম৷ প্লেটলেটৰ মূল কাম হ’ল- শৰীৰৰ  ৰক্তক্ষৰণ ৰোধ কৰা৷ তেজ  গোট  মৰা প্ৰক্ৰিয়াৰ যোগেদি প্লেটলেটে ৰক্তক্ষয় বন্ধ কৰে৷

প্লেটলেটক প্ৰথম চিনাক্ত  কৰে জাৰ্মানীৰ মেস্ক চ্যুলত্জ (১৮২৫- ১৮৭৪ চন) নামৰ এনাটমীৰ  চিকিৎসক এজনে৷ কিন্তু প্লেটলেটৰ গুণসমূহৰ বিশদ বৰ্ণনা ইটালীৰ গিওলিঅ’ বিজ্জজিৰোই (১৮৪৬-১৯০১চন) দিয়ে৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে  নেডাৰলেণ্ডৰ মাইক্ৰ’বায়’ল’জিষ্ট এন্টনি ফিলিপচ্ ভান লিৱেনহুকে (১৬৩২-১৭২৩চন) ৰঙা ৰক্ত  কণিকাক প্ৰায় এশ বছৰ আগতেই চিনাক্ত কৰিছিল৷ এইজনা আধুনিক অনুবীক্ষণ যন্ত্ৰৰ জনকে আৰু বহুতো অৱদান চিকিৎসা জগতক দি গৈছে৷

তেজৰ আন কণিকাৰ দৰে প্লেটলেটৰো উৎপাদন হয় হাড়ৰ মজ্জাৰ (Bone Marrow) ভিতৰৰ  পৰা৷ হাড়ৰ মজ্জাৰ ভিতৰত  মেগাকেৰিঅ’চাইট (Megakaryocyte)নামৰ  এবিধ  ডাঙৰ আকৃতিৰ কোষ থাকে৷ থ্ৰম্বপ’য়েটিন (Thrombopoietin) নামৰ এবিধ হৰম’নৰ প্ৰভাৱত প্ৰতিটো মেগাকেৰিঅ’চাইটে এহেজাৰৰো অধিক প্লেটলেটৰ জন্ম দিয়ে৷ প্লেটলেটৰ কাম হ’ল য’তেই তেজৰ নলীৰ জখম হয় তাতেই প্লাগ বা সোপাৰ সৃষ্টি কৰা। প্লেটলেটৰ গাত এনে প্ৰ’টিন থাকে যাৰ ফলত   প্লেটলেটে পৰস্পৰৰ মাজত  লগ লাগিব পাৰে আৰু তেজৰ  নলীৰ  জখম  অংশটো থোপ খাই পৰিব পাৰে৷ এনে কৰোতে প্লেটলেটৰ আকাৰ  কেতিয়াবা দীঘলীয়া, কেতিয়াবা অক্টোপাচৰ দৰে বাহু মেলা হৈ পৰে৷ প্লেটলেট ওজনত অতি পাতল  হোৱা হেতুকে অতি ক্ষিপ্ৰতাৰে চুম্বকীয়  আকৰ্ষণৰ দৰে ৰক্ত প্ৰবাহী নলীৰ জখম হোৱা ঠাইত  উপস্থিত হয়হি৷

প্লেটলেটৰ  বিজুতিৰ বিষয়ে  এতিয়া কিছু আলোচনা কৰিম ৷ প্লেটলেট  সংখ্যাত বেছি হ’ব পাৰে, কম হ’ব পাৰে নাইবা সেইবোৰৰ কামৰ সক্ৰিয়তা কমি যাব পাৰে৷ তেজ গোট মৰা প্ৰক্ৰিয়াটোক  থ্ৰম্ব’চিচ (Thrombosis)বুলি কয়৷ সেয়ে প্লেটলেটৰ আন এটা নাম হ’ – থ্ৰম্ব’চাইট (Thrombocyte)৷

কাচিৎ হাড়ৰ মজ্জাৰ বিজুতিয়ে প্লেটলেট প্ৰতি মাইক্ৰ’লিটাৰ তেজত  ১০,০০,০০০ৰ পৰা ২০,০০,০০০ লৈ বৃদ্ধি কৰিলে তেজ অস্বাভাৱিকভাবে গোট মৰাৰ সম্ভাৱনা বৃদ্ধি পাব৷ কিন্তু এনে অৱস্থা খুব দুৰ্লভ- আনকি তেজত প্লেটলেটৰ পৰিমাণ বঢ়া সত্বেও (Thrombocytosis) বহুতো ৰোগীৰ একো লক্ষণ দেখা নাযায়৷  ইয়াৰ বিপৰীতে তেজত প্লেটলেটৰ পৰিমাণ কমি গ’লে (Thrombocytopenia), বিশেষকৈ প্ৰতি মাইক্ৰ’লিটাৰ তেজত ৫০,০০০ৰ পৰা ৮০,০০০ লৈ কমি গ’লে শৰীৰৰ পৰা ৰক্তক্ষৰণ হোৱাৰ  সম্ভাৱনা দেখা যায়৷ বহু ৰোগীৰ ক্ষেত্ৰত তেজৰ প্লেটলেট কমি যোৱাটো আকস্মিকভাবে তেজ পৰীক্ষাৰ সময়ত ধৰা পৰে৷ কিন্তু কিছুমানৰ  ক্ষেত্ৰত স্বতঃস্ফূৰ্তভাৱে ছালৰ তলত (ঘাইকৈ হাতত, বাহুত বা ভৰিত) বা মিউকাচ মেমব্ৰেনত (শৰীৰৰ ভিতৰৰ যেনে মুখমণ্ডলৰ লাইনিং) তেজৰ ক্ষুদ্ৰ চেঁকুৰা দেখা যাব পাৰে৷ এইবিলাকক ডাক্তৰী ভাষাত অৱস্থাভেদে Petechie, Purpura, Ecchymoses, Bruise আদি বোলে৷ কেতিয়াবা এনে ৰোগীৰ নাকৰ পৰা বা দাঁতৰ আলুৰ পৰা নিজে নিজে তেজ ওলাব পাৰে৷ এনে ৰোগীয়ে শৰীৰ দুৰ্বল, ভাগৰুৱা অনুভৱ কৰিব পাৰে৷ ৰোগীয়ে ব্যৱহাৰ কৰি থকা ঔষধৰ বিষয়ে চিকিৎসকে অৱগত হোৱটো লাগতিয়াল কথা, কিয়নো দৰবৰ পাৰ্শ্বক্ৰিয়াৰ ফলতো প্লেটলেট কমিব পাৰে৷

প্লেটলেট কমাৰ বিভিন্ন কাৰণসমূহ:

১) প্লেটলেটৰ কম উৎপাদন হোৱা

২) প্লেটলেট বেছিকৈ বিনষ্ট হোৱা

৩) অন্যান্য কাৰণ – সৰ্পদংশন, মনোচেচুৰেটেড অমেগা-৯ ফেটি এচিডযুক্ত তেল বেচিকৈ সেৱন কৰাৰ ফলত৷ মিঠাতেল, ইৰুচিক এচিড আৰু লৰেঞ্জ তেলত এইবিধ তত্ব থাকে৷ মধ্য আফ্ৰিকাত দেখা পোৱা অ’নায়ালাই ৰোগ ( Onyalai disease)৷

প্লেটলেটৰ  কম উৎপাদন হোৱাৰ কাৰণসমূহ:–

  • ভিটামিন বি-১২, ফলিক এচিডৰ অভাৱ
  • লিউকেমিয়া: বেক্টেৰিয়া আৰু ভাইৰাছৰ গুৰুতৰ সংক্ৰমণ
  • ডেংগু ফিভাৰ: মেগাকেৰিঅ’চাইটত সংক্ৰমণ আৰু ইমিউন’লজিকেল কাৰণত
  • বহুকেইবিধ জন্মগত বিজুতিৰ ফলত (Hereditary Syndromes): যেনে- এলপৰ্ট চিনড্ৰম, গ্ৰে’ প্লেটলেট চিনড্ৰম, বাৰ্ণাৰ্ড- চ’লিয়াৰ চিনড্ৰম, ৱিস্কট এল্ডৰিচ চিনড্ৰম

প্লেটলেট বেচিকৈ বিনষ্ট হোৱা :

  • ইডিঅ’পেথিক থ্ৰম্ব’চাইট’পেনিক পাৰপ্যুৰা
  • থ্ৰম্ব’টিক থ্ৰম্ব’চাইট’পেনিক পাৰপ্যুৰা
  • হিম’লাইটিক ইউৰেমিক চিনড্ৰম
  • ডিচেমিনেটেট ইন্ট্ৰাভাচকুলাৰ ক’এগুলেচন
  • ডেংগু ফিভাৰ
  • চিষ্টেমিক লুপাচ এৰিথ’মেটাচ
  • প’ষ্ট ট্ৰমেটিক পাৰপ্যুৰা
  • পেৰস্কিচমেল নক্টাৰনেল হিম’গ্লবিনয়ুৰিয়া
  • হাইপাৰস্প্লেনিজম- এইচ আই ভিৰ সংক্ৰমণ  আদি

তলত লিখা ঔষধসমূহেও প্লেটলেটৰ অনিষ্ট সাধিব পাৰে- নানাবিধ এন্টিকেঞ্চাৰ ড্ৰাগ, ইন্টাৰফেৰন, ভেলপ্ৰয়িক এচিড, মন্টুলুকাচ, এচিডিটিত ব্যৱহাৰ হোৱা ৰেনিটিডিন, পেন্ট’প্ৰাজলজাতীয় ঔষধ আদি।

এচপিৰিন  আৰু প্লেটলেটৰ সম্বন্ধ: এচপিৰিনে  প্লেটলেটৰ  পৰস্পৰৰ গোট খাব পৰা শক্তিক বাধা প্ৰদান কৰে৷ ফলত যি ৰোগী তেজ গোটমৰাৰ ফলত (Thrombosis) হৃদৰোগত (Myocordial Infarction) আক্ৰান্ত হয় তেওঁলোকক এচপিৰিনে সুৰক্ষা দিয়ে৷  ইয়াৰ বিপৰীতে যাৰ তেজত প্লেটলেট অতি কম তেনে ৰোগীক এটা এচপিৰিনৰ টেবলেটেও গুৰুতৰ ৰক্তক্ষৰণ ঘটাই (Haematemesis and Melaenaৰ দ্বাৰা ) জীৱন বিপদাপন্ন কৰি তুলিব পাৰে ৷

ক্লপিডগ্ৰেল,প্ৰচু্গ্ৰেল, টিক্লডেপিন, চিলষ্টাজল- এই কেইবিধ ঔষধৰো ক্ৰিয়া এচপিৰিনৰ নিচিনা৷

কিছুমান মহিলাৰ গৰ্ভাৱস্থাত শেষৰ তিনিমাহত প্লেটলেট কমা দেখা যায় (Gestational Thrombocytopenia)৷ সাধাৰণতে ই ডাঙৰ সমস্যাৰ সৃষ্টি নকৰে যদিহে প্লেটলেট অস্বাভাবিকভাৱে নকমে৷ সন্তান প্ৰসৱৰ পিছত প্লেটলেট স্বাভাবিক অৱস্থালৈ ঘূৰি আহে৷

প্লেটলেটৰ ট্ৰান্সফিউজন কাক কাক সাধাৰণতে দিয়া যায়  ?

১) কেঞ্চাৰ বা লিউকেমিয়াৰ চিকিৎসা লৈ থকা ৰোগীক

২) বন মেৰ’ বা অংগ প্ৰত্যাৰোপন কৰা ৰোগীক

৩) প্ৰাণৰ সংশয় সৃষ্টি কৰা যি কোনো ৰক্তক্ষৰণ হ’লে- দুৰ্ঘটনাজনিত বা অস্ত্ৰোপচাৰৰ ফলত

৪) তেজৰ কিছুমান জটিল ৰোগৰ চিকিৎসাত

আজিকালি প্ৰায়বিলাক ব্লাডবেংকতেই তেজৰ পৰা পৃথককৈ প্লেটলেট উলিয়াই দিয়াৰ ব্যৱস্থা আছে৷ কিছুমান ঔষধেও

তেজত প্লেটলেটৰ পৰিমাণ বৃদ্ধিত সহায় কৰে৷ সেইবিলাকৰ নাম হ’ল- অপ্ৰিলভেকিন, ৰমিপ্লষ্টিম, এলট্ৰম্বপেগ৷

লিখক: ডা: ভূপেন শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 3/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate