অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বজ্ৰপাতৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব

বজ্ৰপাতৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব

 

বজ্ৰপাতৰ ফলত প্ৰতি বছৰেই এপ্ৰিল , মে মাহত বহুলোকৰ মৃত্যু হোৱাৰ বাতৰি পাওঁ৷ এতিয়া বজ্ৰপাত পৰাৰ দিন সমাগত৷ গতিকে আমি কেনেকৈ বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিব পাৰো তাকে লিখিবলৈ লৈছো৷

প্ৰথমতেই কওঁ কিছু গাৱলীয়া সমাজত বজ্ৰপাতৰ সম্পৰ্কে অন্ধ বিশ্বাস আছে৷ গতিকে আমি প্ৰথমতেই এই অন্ধ বিশ্বাস পৰিহাৰ কৰি বৈজ্ঞানিক দৃষ্টিভংগীৰে বজ্ৰপাত কি আৰু কেনেকৈ কিয় হয় এই বিষয়ে অধ্যয়ন কৰিব লাগিব৷ কাৰণ অন্ধবিশ্বাসী মানুহে সত্যক মানিবলৈ টান পায়৷

চমুকৈ কবলৈ গলে বতাহৰ ফলত বায়ুমণ্ডলৰ ওপৰৰ অংশত আৰু নিম্ন অংশত বায়ুৰ সৈতে পানীৰ সৰু সৰু কণিকাৰ সৈতে ঘৰ্ষণৰ সৃষ্টি হয় আৰু এই ঘৰ্ষণৰ ফলত দুয়ো অংশতে অসংখ্য আধানৰ সৃষ্টি৷ বায়ুমণ্ডলৰ ওপৰৰ অংশত সাধাৰণতে যোগাত্মক (+) আধান আৰু নিম্ন অংশত ঋণাত্মক (-) আধানৰ সৃষ্টি হয়৷ আনহাতে আমি সকলোৱে জানো যে বায়ু বিদ্যুতৰ কু পৰিবাহী৷ কিন্তু যেতিয়া এই আধানৰ পৰিমান অত্যাধিক বৃদ্ধি পায় তেতিয়া বায়ুৰ এই ধৰ্ম ভেদি যোগাত্মক আধান ঋণাত্মক আধানলৈ খুউব বেগেৰে প্ৰবাহিত হয়৷ আৰু তেতিয়া পোহৰ আৰু শব্দৰ সৃষ্টি হয়৷ পোহৰৰ গতিৰেগ শব্দতকৈ বেছি বাবে আমি পোহৰ আগত দেখা পাওঁ আৰু শব্দ পাছত শুনিবলৈ পাওঁ৷ বায়ুমণ্ডলৰ উচ্চ অংশত সৃষ্টি হোৱা এই আধানবোৰ ত্বৰিৎ গতিৰে নিম্ন অংশৰ বিপৰীতধৰ্মী আধানৰ মাজেৰে ভূগৰ্ভলৈ পাৰহৈ যোৱা পৰিঘটনাটোৱেই হৈছে বজ্ৰপাত৷

এতিয়া আহো বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিব পৰা উপায় সমূহলৈ—

(১)মনত ৰাখিব বজ্ৰপাত সদায় সবাতোকৈ উচ্চ স্থানতহে পৰিব পাৰে৷ গতিকে বিজুলী-ধেৰেকনি মৰা সময়ত কেতিয়াও মুকলি পথাৰত নাথাকিব বা মুকলি পথাৰৰ মাজেদি পাৰহৈ যাবলৈ চেষ্টা নকৰিব৷ কাৰণ মুকলি পথাৰখনত আপুনিহে ওখ হৈ থাকিব৷

(২)বিজুলী-ধেৰেকনি মৰাৰ সময়ত মুকলি স্থানত মোৱাইলত কথা পাতি বা ছাতি লৈ নাথাকিব৷

(৩)আপুনি যদি বিজুলী-ধেৰেকনি মৰাৰ সময়ত কোনোবা পথাৰ নাইবা হাবিৰ মাজত থাকি গ’ল৷ তেতিয়া আপুনি কেতিয়াও ওখ গছৰ তলত আশ্ৰয় নল’ব৷ কোনোবা চাপৰ গছ এজোপাৰ তলত আশ্ৰয় লওঁক৷

(৪)বিজুলী-ধেৰেকনি মৰাৰ সময়ত মুকলি ওখ মথাউৰিৰ মাজেৰে খোজকাঢ়ি বা বাইক চলাই নোযোৱাটোৱেই মংগল৷

(৫)আপুনি যদি বিজুলি -ধেৰেকনি মৰাৰ সময়ত কোনোবা বাছ নাইবা গাড়ীৰ ভিতৰত আছে তেন্তে চিন্তা নকৰি সাবধানে বহি ৰওঁক৷ কিন্তু গাড়ীৰ দৰ্জা, খিৰিকি বা বডীত স্পৰ্শ কৰি নাথাকিব৷

(৬)ঘৰত বজ্ৰপাত নপৰিবলৈ ঘৰৰ ওপৰৰ পৰা মাটিলৈ বিদ্যোৎ পৰিবাহী দণ্ড লগাওঁক৷

(৭ বিজুলী-ধেৰেকনি মৰাৰ সময়ত বৈদ্যোতিক মাধ্যম সমূহ ব্যৱহাৰ নকৰি সংযোগ বিচিন্ন কৰি ৰাখক৷

মনত ৰাখিব আপোনাৰ ধৰ্য আৰু অলপ সতৰ্কতাই আপোনাক বজ্ৰপাতৰ দৰে ভয়ংকৰ দূৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি৷ গতিকে নিজেও বাচক আৰু আনকো সতৰ্ক কৰি তেওঁলোকৰো জীৱন ৰক্ষা কৰক৷

লেখক: পলাশ বৰগোহাঞি

উৎস: অসম সংবাদ

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate