১)হৃদযন্ত্ৰ শক্তিশালী কৰি ৰাখে:

গৰমৰ দিনত ওলোৱা ভালেকেইবিধ সুস্বাদু আৰু উপকাৰী ফলৰ ভিতৰত প্লাম অন্যতম।

প্লামত যথেষ্ট পৰিমাণে পটাচিয়াম থাকে আৰু পটাচিয়াম হৃদযন্ত্ৰৰ কাৰণে যথেষ্ট উপকাৰী বুলি প্ৰমাণিত হৈছে। এইবিধ উপাদানৰ কাৰণে প্লাম খালে হৃদযন্ত্ৰ কাৰ্যক্ষম হৈ থাকে।

২)কোষ্ঠবদ্ধতাৰ পৰা সকাহ দিয়ে:

যদি সঘনাই আপোনাক কোষ্ঠকাঠিন্যই বেচ কষ্ট দি আছে আৰু কেৱল এই কোষ্ঠবদ্ধতাৰ কাৰণেই আপোনাৰ গাটো গধুৰ গধুৰ লাগি আছে, মূৰটো বিষাই আছে, তেনেহ’লে আপুনি প্লাম খাওক।

প্লাম খাই থাকিলে আপুনি কোষ্ঠবদ্ধতাৰ যন্ত্ৰণাৰ পৰা মুক্তি পাব। পুৰণি কোষ্ঠবদ্ধতাও প্লামৰ নিয়মিত সেৱনে আপোনাক সকাহ দিব।

লগতে আপোনাৰ পেট পৰিষ্কাৰ হোৱাতো প্লামে সহায় কৰিব।

৩)স্মৃতি শক্তি বৃদ্ধি কৰে:

যদি আপুনি অনুভৱ কৰিছে যে আপোনাৰ স্মৃতিশক্তি কিছু পৰিমাণে হ্ৰাস পাইছে, আৰু আপুনি আপোনাৰ এসময়ত কিছুমান বন্ধুৰ নাম পাহৰি গৈছে, তেনেহ’লে আপুনি প্লাম খাওক।

প্লামত থকা সূক্ষ্ম খনিজ দ্ৰব্য আৰু ভিটামিনে আপোনাৰ স্মৃতিশক্তি পুনৰ শক্তিশালী কৰি তুলিব আৰু আপুনি পুৰণি কথাবোৰ স্পষ্টভাৱে মনত পেলাব পাৰিব।

স্মৃতিশক্তি বেছিকৈ দুৰ্বল হ’বলৈ নিদিব। দুৰ্বল স্মৃতি শক্তিৰ কাৰণে আপোনাৰ চৌপাশৰ পৃথিৱীখন আপোনাৰ নিজৰ মনতে ধূসৰ হৈ পৰিব আৰু সমাজেও আপোনাক মনত ধৰি ৰাখিব নুখুজিব।

৪)চকু আৰু ছালৰ সুস্থতাৰ কাৰণে প্লাম:

প্লামত পৰ্যাপ্ত মাত্ৰাত ভিটামিন ‘চি’ আৰু ভিটামিন ‘ই’ পোৱা যায়।

এই দুয়োবিধ ভিটামিনেই আপোনাৰ চকু আৰু ছাল সুস্থ কৰি ৰাখে আৰু বয়স বাঢ়িলেও দৃষ্টিশক্তি অটুট থাকে।

তাৰোপৰি প্লাম খাই থাকিলে আপোনাৰ ছালখনৰ উজ্জ্বলতা আৰু মসৃণতা যুৱাৱস্থাৰ দৰেই দৃঢ় হৈ থাকিব।

৫)পাচন তন্ত্ৰ শক্তিশালী কৰি ৰাখে:

প্লামত যথেষ্ট পৰিমাণে খাদ্য আঁহ থাকে। সেয়ে প্লাম খাই থাকিলে পাচন তন্ত্ৰ শক্তিশালী হৈ থাকে আৰু পাচন ক্ৰিয়াও ঠিকে থাকে।

৬)শৰীৰক শক্তিৰ যোগান ধৰে:

প্লামত যিহেতু প্ৰয়োজনীয় ভিটামিন আৰু খনিজ দ্ৰব্য থাকে, সেয়ে প্লাম খালে শৰীৰৰ শক্তি সামৰ্থ থাকে, সেয়ে প্লাম খালে শৰীৰৰ শক্তি সামৰ্থ বাঢ়ে।

শৰীৰ দুৰ্বল লগা আৰু অলপতে ভাগৰ লগা আৰু অলপতে ভাগৰ লগা আদি বিসংগতিবোৰো বতৰত ওলোৱা প্লাম খাই থাকিলে নাইকিয়া হয়।

৭)বৰ্ধিত শৰ্কৰা নিয়ন্ত্ৰণ কৰে:

যিসকল লোক ডায়েবেটিছত ভুগি আছে, তেওঁলোকৰ শৰীৰত ৰক্ত শৰ্কৰা বেছি থাকে।

শৰ্কৰা নিয়ন্ত্ৰণৰ কাৰণে ঔষধ খাই থাকিলেও বা ইনচুলিন লৈ থাকিলেও বহুতৰ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰিত মাত্ৰাত নেথাকে। তেনে ব্যক্তিয়ে প্লাম খাই থাকিলে ৰক্ত শৰ্কৰা বা ব্লাড চুগাৰ নিয়ন্ত্ৰণত থাকে।

৮)ব্ৰেষ্ট কেন্সাৰ:

প্লাম ফলটো পকিলে তাৰ শাহটো যথেষ্ট কোমল আৰু ৰসাল হয় ফলত এই ফল খাই থকা লোকে প্ৰায়ে ইয়াৰ বাকলিখন পেলাই দিয়ে। কিন্তু প্লামৰ বাকলি পেলাই দিব নেলাগে।

এই বাকলিত ব্ৰেষ্ট কেন্সাৰ প্ৰতিৰোধী দ্ৰব্য যথেষ্ট পৰিমাণে থাকে।

নিয়মীয়াকৈ প্লাম খাই থকা মহিলাৰ ব্ৰেষ্ট কেন্সাৰৰ টিউমাৰ আৰু কেন্সাৰ কোষ বৃদ্ধিৰ প্ৰক্ৰিয়া প্লামে প্ৰতিৰোধ কৰে।

উৎস: স্বাস্থ্য আৰু জীৱন