অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বয়সলৈ লক্ষ্য ৰাখি খোৱা-বোৱা -

বয়সলৈ লক্ষ্য ৰাখি খোৱা-বোৱা -

 

খোৱা-বোৱাৰ ওপৰতে মানুহৰ স্বাস্থ্য নিৰ্ভৰ কৰে। সেইবুলি ডেকা বয়সত যেনেদৰে খোৱা-বোৱা কৰা হয়, বয়স বাঢ়ি আহিলে একেদৰে খালে স্বাস্থ্য ৰক্ষা হোৱাতকৈ স্বাস্থ্যৰ অৱনতিহে ঘটে। বয়স বঢ়াৰ লগে লগে শৰীৰৰ ভাঙোন আৰম্ভ হয়। শৰীৰৰ শক্তি কমি আহে, বংশগত ৰোগ কিছুমানে দেখা দিব পাৰে। যেনে-

*বদহজম,

*কোষ্ঠকাঠিন্য,

*হজম শক্তি কমি অহা,

*পেটৰ আনা ৰোগ,

*শৰীৰৰ বিভিন্ন স্থানৰ বিষ,

*বুকুৰ ধপধপনি বৃদ্ধি,

*উচ্চ ৰক্তচাপ,

*বহুমূত্ৰ আদি কত ৰোগে আহি যে হেচি ধৰে।

কিন্তু আগৰে পৰা খোৱা-বোৱাৰ প্ৰতি সচেতন হ’লে বয়সত কিছুমান ৰোগৰ পৰা হাত সাৰিব পাৰি। ডেকা বয়সত বেছি চৰ্বিযুক্ত খাদ্য, যেনে- ছাগলী মাংস, ডাঙৰ মাছ, বাটাৰ, ঘিউ আদি যিসকলে বেছিকৈ খায়, তেনে লোক অলপ বয়স বাঢ়িবলৈ সোনকালে ৰোগাক্ৰান্ত হ’বলৈ ধৰে। সেই কাৰণে ডেকা বয়সৰ পৰাই ভাবি-চিন্তি, সাৱধান হৈহে খাবলৈ অভ্যাস কৰিব লাগে। ভৱিষ্যৎ জীৱনৰ প্ৰতি আমি যেনেদৰে চিন্তা কৰো স্বাস্থ্যৰ ভৱিষ্যতৰ প্ৰতিও আমি একেদৰেই চিন্তা কৰিব লাগে। কাৰণ স্বাস্থ্যৰ সুস্থতাৰ ওপৰতে নিৰ্ভৰ কৰে জীৱনৰ সুন্দৰতা। স্বাস্থ্য যদি ৰোগীয়া হয়, তেন্তে পঢ়া-শুনা কৰা, দূৰৈত চাকৰি কৰা সকলো কষ্টকৰ হৈ পৰে। আনহাতে ডাঙৰ চাকৰিয়েও সুখ দিব নোৱাৰা হয়। সেয়েহে জীৱনটোক গঢ় দিবলৈ আমি যেনেদৰে চিন্তা কৰো, স্বাস্থ্য ভালে ৰখাৰ ক্ষেত্ৰতো আমি একেদৰে যত্নবান হোৱা উচিত।

এতিয়া আহো বয়সত খোৱা-বোৱাৰ কথালৈ। বয়সত অতিৰিক্ত চৰ্বিজাতীয় খাদ্য গ্ৰহণ কৰিলে অজীৰ্ণ, ভোক নলগা, অম্ল আদি ৰোগ হয়। সেয়ে চৰ্বিজাতীয় খাদ্যতকৈ শাক-পাচলি আৰু ফল-মূল খাব লাগে। কাৰণ শাক-পাচলি, ফল-মূল চৰ্বি থকা প্ৰশ্ন নাই। বয়স হ’লে পাকস্থলী দুৰ্বল হয়। হজম শক্তি কমে। হজম শক্তি বৃদ্ধি আৰু কোষ্ঠ কাঠিন্যৰ পৰা মুক্ত হৈ থাকিবলৈ-

*দোৰোণ শাক,

*ভেদাইলতা,

*মানিমুনি,

*পদিনা,

*নেমু,

*গাজৰ,

*কেঁচা বা পকা অমিতা,

*আমলখি খাব লাগে।

আমলখি সিজাই তাৰ পানীৰে জিল বনাই খাব পাৰি আৰু আমলখি পিটিকা কৰি খাবলৈও ভাল লাগে। কামতো আহে। লিভাৰ দুৰ্বল হৈ বয়সত ৰক্তহীনতাত ভুগিলে-

*কোমোৰা,

*তিতা কেৰেলা,

*লেচেৰা মাহ,

*পালেং শাক,

*পূৰৈ শাক,

*কলডিল,

*ভেদাইলতা,

*জিলমিল শাক,

*আলু-অমিতা খোৱা উচিত।

আমলখি ৰক্তহীনতাৰ বাবে মহৌষধ বুলি ধৰা হয়। আমলখিৰ ৰসৰ লগত মৌ মিহলাই খালে অৱস্থা বহু ভালকৈ আহে। এনে ধৰণৰ ৰোগ আৰম্ভ হ’লে প্ৰথমে খাদ্যাভ্যাস ঠিক কৰি ল’লে কোনে জানে পাছলৈ দীঘলীয়া ডাক্তৰী চিকিৎসা নকৰিলেও হ’ব পাৰে। হাত-ভৰি জিনকিন কৰা হ’লে-

*ব্ৰাহ্মী শাক,

*মৰিচা,

*মানিমুনি,

*টেঙেচি,

*কোমোৰা,

*নৰসিংহ পাত ৰান্ধি খাব লাগে।

কঁকালৰ বিষ, আঁঠুৰ বিষৰ বাবে দীঘলীয়া দিন ধৰি ভেদাইলতা বিভিন্ন ধৰণে ৰান্ধি খাই থাকিব পাৰিলে উপকাৰ পায়। বয়স বাঢ়িলে শৰীৰৰ প্ৰ’টিন কলাজেনৰ যোগান কম হৈ অদ্ৰৱণীয় কলাজেনৰ পৰিমাণ বৃদ্ধি পায়। ফলত চুলি ৰুক্ষ হৈ পৰে। শোটোৰা পৰে। সেয়েহে সকলো প্ৰকাৰৰ শাক-পাচলি, ফল-মূল দৈনিক আহাৰৰ তালিকাত ৰাখি চলক। বয়স বাঢ়িলে গাখীৰতকৈ দৈ খোৱাহে ভাল।

হজম হোৱাত সুবিধা। বয়স বাঢ়িলে প্ৰথমে যি দিশৰ প্ৰতি সচেতনতা আনিব লাগে- সেয়া হৈছে খোৱা-বোৱা। বাছি খাবা, জীৱনৰ জয়গান গাবা এনে মন্ত্ৰেৰে খোৱা-বোৱা কৰিলে সঁচাকৈয়ে গাব পাৰিব জীৱনৰ জয়গান।

লেখিকা: নিৰুপমা বৰা(অসম বাণী)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate