অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিভিন্ন বনৌষধি আৰু ঘৰুৱা দ্ৰব্যৰে ৰোগ আৰোগ্য কৰক:

বিভিন্ন বনৌষধি আৰু ঘৰুৱা দ্ৰব্যৰে ৰোগ আৰোগ্য কৰক:

 

কোষ্ঠকাঠিন্য:

 

  • ৰাতি আহাৰ খোৱাৰ এঘন্টাৰ পিছত এফাল গোল-নেমুৰ ৰস একাপ গৰম পানীত মিহলাই খালে পিছদিনা পুৱা পেট খোলোচা হৈ পায়খানা হ’ব।
  • নেমুৰ ৰস তিনি চামুচ আৰু চেনি তিনি চামুচ এগিলাচ পানীত মিহলাই ৰাতি খাই থাকিলে কোষ্ঠকাঠিন্য ভাল হয়। একেৰাহে পোন্ধৰ দিন ধৰি এই মিশ্ৰণ খাই থাকিলে অতি পুৰণি কৌষ্ঠকাঠিন্যও ভাল হয়।
  • ৰাতি শোৱাৰ সময়ত আধাচামুচ বটি লোৱা চফৰ গুড়ি গৰম পানীত গুলি খাই থাকিলে কোষ্ঠবদ্ধতা নিৰাময় হয়।
  • ধনিয়া গুটি, ক’লা নিমখ আৰু জালুক আধা চামুচ পৰিমাণত লৈ গুড়ি কৰি চাটনি হিচাপে আহাৰৰ লগত খাই থাকিলে কোষ্ঠকাঠিন্য দূৰ হয়।
  • দালচেনি, শুকান আদাৰ গুড়ি, ইলাচি, সামান্য পৰিমাণে চফ গুটিৰ লগত মিহলাই দৈনিক এবাৰকৈ খাই থাকিলে কোষ্ঠাকাঠিন্য নিৰাময় হয়।
  • এটা পকা বেল ভাঙি লৈ তাৰ শাহখিনি এটা বহল বাটিত পানীৰ লগত খচি চৰবতৰ দৰে দৈনিক এবাৰকৈ খাই থাকিলে কোষ্ঠকাঠিন্য সম্পূৰ্ণৰূপে নিৰাময় হয়। এনেদৰে প্ৰতিদিনে এমাহমান খাই থাকিলে পেটত আবদ্ধ হৈ থকা পুৰণি মলো পৰিষ্কাৰ হয়।
  • বিলাহীয়ে কোষ্ঠবদ্ধতা দূৰ কৰাত অতি ফলপ্ৰসূ ঔষধৰ দৰে কাম কৰে। ভালদৰে পকা বিলাহী দুটাৰ ৰস উলিয়াই প্ৰতিদিনে খাই থাকিলে অন্ত্ৰত আবদ্ধ হৈ থকা পুৰণা মলো নিষ্কাশন হৈ পেট পৰিষ্কাৰ কৰে।
  • ৰাতি এচামুচ শুকান আমলখিৰ গুড়ি এগিলাচ কুহুমীয়া গৰম পানী বা গাখীৰৰ লগত খালে পুৱালৈ পেট পৰিষ্কাৰ হয়। কোষ্ঠকাঠিন্য নিৰাময় হয়।
  • এটা সতেজ মূলা চকল চকলকৈ তাত সামান্য পৰিমাণে নিমখ, জালুকৰ গুড়ি ছটিয়াই দুপৰীয়া আহাৰৰ লগত দুমাহমান একেৰাহে খাই থাকিলে কোষ্ঠকাঠিন্য সম্পূৰ্ণৰূপে নিৰাময় হয়।
  • দৈনিক পুৱাবেলা এফালকৈ পকা অমিতা খাই থাকিলে কোষ্ঠবদ্ধতা নিৰাময় হয়।
  • পুৱা দুটা খেজুৰ পানীত তিয়াই থৈ ৰাতি আহাৰ খোৱাৰ পিছত চোবাই চোবাই খাওক। আহাৰ কম পৰিমাণে খাব। ৰাতি দুটা খেজুৰ গাখীৰত উতলাই খাব পাৰে। ইয়াৰ দ্বাৰা কোষ্ঠবদ্ধতা দূৰ হয়।
  • এটা মধ্যমীয়া আকাৰৰ পিয়াঁজ দিনে আহাৰৰ লগত কাটি খাই থাকিলে কোষ্ঠকাঠিন্য নহয়।

গ্ৰহণী, ডায়েৰিয়া(পনীয়া পায়খানা), বদহজম:

 

  • গাখীৰত নেমু চেপি খালে গ্ৰহণী ৰোগ ভাল হয়। পায়খানাৰ লগত শাওঁ পৰিলে নেমু ব্যৱহাৰ কৰক। এটা গোল নেমুৰ ৰস একাপ পানীত মিহলাই ৰোগীক খুৱাওক। বেছিকৈ শাওঁযুক্ত পায়খানা হৈ থাকিলে দিনটোত পাঁচবাৰকৈ এনে নেমুৰ পানী খুৱাব। এই ব্যৱস্থাৰে গ্ৰহণী ৰোগ বন্ধ হ’ব।
  • মিঠা আমৰ ৰস আধাকাপ, দৈ পঁচিছ গ্ৰাম আৰু আদাৰ ৰস এচামুচ মিহলাই ৰোগীক খুৱাওক। এই ব্যৱস্থাৰে পুৰণি গ্ৰহণী ৰোগ, অপাচ্য খাদ্য কণা নিষ্কাশন হ’ব আৰু পুৰণি অৰ্শ ৰোগো নিৰাময় হ’ব।
  • শুকান আমলখি আৰু ক’লা নিমখ সমান পৰিমাণত লৈ পটাত বটি পানীত মিহলাই আধা চামুচ পৰিমাণত খাই থাকিলে গ্ৰহণী ৰোগ ভাল হয়।
  • কল বেছিকৈ খালে কোষ্ঠবদ্ধতা হ’ব পাৰে। দুটা কল(মধ্যমীয়া জোখৰ) আধা পোৱা দৈৰ লগত কেইদিনমান খালে গ্ৰহণী, ডায়েৰিয়া আদি ৰোগ ভাল হয়।
  • পাতন পায়খানা হৈ থাকিলে পকা প্লাম চাৰি-পাঁচটা খালে এনে পায়খানা বন্ধ হয়।
  • কেঁচা অমিতা এফাল পানীত সিদ্ধ কৰি খালে পুৰণি গ্ৰহণী ৰোগ ভাল হয়।
  • পাতল পায়খানা আৰু শাওঁ পৰা গ্ৰহণী ৰোগীৰ বাবে গাজৰ উপকাৰী। পাঁচটামান মধ্যমীয়া জোখৰ গাজৰ উপকাৰী। পাঁচটামান মধ্যমীয়া জোখৰ গাজৰ পানীত সিদ্ধ কৰি সামান্য নিমখ দি খালে গ্ৰহণী ৰোগ ভাল হয়।
  • সঘনাই পনীয়া পায়খানা হৈ থকা ৰোগীৰ নাভিৰ ওপৰত মিহিকৈ বটি লোৱা এটা পিয়াঁজেৰে লেপ দি থ’লে পায়খানা বন্ধ হ’ব।
  • তিনি গ্ৰাম পিয়াঁজৰ ৰসৰ লগত এটা মাটিমাহৰ সমান আফিং মিহলাই খুৱালে পায়খানা লগে লগে বন্ধ আৰু গ্ৰহণীৰ প্ৰকোপ কমিব।
  • আধাকাপ দৈৰ ঘোলৰ লগত দুচামুচ মৌ মিহলাই খুৱালে পনীয়া পায়খানা বন্ধ হ’ব।
  • এটা আখৰোট মিহিকৈ বটি ৰোগীৰ নাভিৰ ওপৰত লেপ দি থ’লে পাতল পায়খানা আৰু পেট কামোৰণি ভাল হয়।
  • ধনিয়া গুটি আৰু ক’লা নিমখ মিহলাই গুড়ি কৰি মূল আহাৰৰ পিছত খালে, খোৱাৰ পিছত পাতল পায়খানা হোৱাৰ প্ৰৱণতা নাইকিয়া হয়। কেৱল ধনিয়া গুড়ি খালেও পাতল পায়খানা বন্ধ হয়।
  • আধাকাপ উতলাই লোৱা পানী লওক। ইয়াত এচামুচ আদাৰ ৰস মিহলাওক। যিমান গৰমে গৰমে খাব পাৰে, খাব। এনেদৰে প্ৰতি এঘন্টাৰ মূৰে মূৰে এবাৰকৈ খাই থাকিলে পানীৰ দৰে পাতল পায়াখানাও বন্ধ হয়। পায়খানা বন্ধ হোৱাৰ পিছতো এই মিশ্ৰণ দুবাৰ খাব।
  • পানী উতলাই ঠাণ্ডা কৰি এটা গিলাচত ল’ব। ইয়াত সামান্য নিমখ, সোৱাদ অনুসৰি চেনি মিহলাই গুলি লওক। এই পানী ৰোগীক সঘনাই খাবলৈ দিয়ক। সঘনাই পাতল পায়খানা হৈ থকা ৰোগীক পনীয়া দ্ৰব্য(ভাত বা চিৰা খচা পানী, সাধাৰণ পানী) আদি খুৱাই থাকক। লগতে ৰোগীক সিদ্ধ আহাৰ(তেল নিদিয়া মগু দাইল, আলু আদি) খাই থাকিবলৈ দিব। এনে কৰিলে ৰোগীৰ দুৰ্বলতা নেথাকে।

উৎস:স্বাস্থ্য আৰু দীৰ্ঘজীৱন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate