অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিভিন্ন ৰোগ চিকিৎসাৰ মহৌষধ মিউজিক থেৰাপি :

 

বিভিন্ন ৰোগ আৰোগ্যৰ বাবে বিভিন্ন চিকিৎসা পদ্ধতি আছে। সেইবিলাকৰ ভিতৰত কিছুমান বিকল্প চিকিৎসা পদ্ধতি তাহানি কালৰ পৰাই প্ৰচলিত হৈ আহিছে। তাৰ ভিতৰত প্ৰধান বিকল্প থেৰাপিবোৰ হৈছে- ফিজিঅ’ থেৰাপি, কেমো থেৰাপি, আকুপ্ৰেছাৰ, আকুপাংচাৰ আৰু মিউজিক থেৰাপি। আজি আমি মিউজিক থেৰাপিৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। তাহানি কালৰ পৰাই মিউজিক থেৰাপি চিকিৎসা পদ্ধতি প্ৰচলিত হৈ আহিছে।

আমি যদি মিউজিক থেৰাপিৰ ইতিহাস চাওঁ, তেতিয়াহ’লে দেখিবলৈ পাম যে সুৰ সম্ৰাট তানসেনৰ গুৰু হৰিদাসে সম্ৰাট আকবৰৰ এগৰাকী ৰাণীৰ হৈ থকা ৰোগ এটা বিশেষ মৃদু মধুৰ ৰাগ পৰিৱেশন কৰি নিৰাময় কৰিছিল বুলি জনা যায়। ইয়াৰ উপৰি সুৰ সম্ৰাট বিলাস খানে তেওঁ পিতৃক ‘বিলাখ খনী’ এটা ৰাগৰ সহায়ত তেওঁক আৰোগ্য কৰি তুলিছিল।

সংগীতৰ বিভিন্ন ৰাগ, তাল, লয় আৰু সুৰ আছে।

সংগীতৰ ৰাগসমূহৰ ভিতৰত -

১)ভৈৰবী,

২)অহিৰ ভৈৰবী,

৩)শিৱৰঞ্জনী,

৪)মালকোশ,

৫)চন্দ্ৰকোষ আদি ৰূপো অন্যতম।

এই ৰাগবোৰ সুমধুৰভাৱে ৰোগীৰ সমুখত পৰিৱেশন কৰিলে ৰোগীৰ দুখ-যাতনা, কষ্ট আদি দূৰ হয়। মনৰ উদ্বেগ আৰু হতাশা দূৰ হয় বুলি কোৱা হয়।

দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত অসংখ্য লোক আঘাতপ্ৰাপ্ত হৈ যন্ত্ৰণাত আৰ্তনাদ কৰি আহিছে। সেই সময়ত তেওঁলোকৰ আগত মৃদু স্বৰত সংগীত পৰিৱেশন কৰা হৈছিল। তেনে সংগীত শুনি যন্ত্ৰণা-কাতৰ ৰোগীৰ আৰ্তনাদ চিঞৰ-বাখৰবোৰ নাইকিয়া হৈছিল।

ইয়াৰ উপৰি ১৯৪৪ ইচনত আমেৰিকাত চিগাল ষ্টেট ইউনিভাৰচিটিত মিউজিক থেৰাপি পাঠ্যক্ৰম আৰম্ভ কৰি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰত অধিক গুৰুত্ব দিয়া হৈছিল বুলি জনা যায়। এনেদৰে বিভিন্ন ঠাইত এই মিউজিক থেৰাপিৰ জৰিয়তে বিভিন্ন ৰোগীক চিকিৎসা কৰি আৰোগ্য কৰিছিল।

থেৰাপি ব্যায়াম নহয়, ইয়াৰ সাধাৰণতে পেৰালাইচিছ, কঁকালৰ বিষ, পিঠিৰ বিষ ভৰি-হাতৰ বিষ আদিত ইলেক্ট্ৰনিক শ্ব’ক দি চিকিৎসা কৰা হয়। ইয়াৰ উপৰি ১৯৪৮ চনত আমেৰিকাত সংগীত থেৰাপি এছ’চিয়েচন গঠন কৰি ইয়াৰ দ্বাৰা ৰোগ চিকিৎসা কৰা হৈছিল।

ইয়াৰ পিছতো ভাৰতবৰ্ষত বাংগালুৰুৰ ইনষ্টিটিউট অব মেন্টেল হেলথ কেন্দ্ৰত মিউজিক থেৰাপিৰ দ্বাৰা ৰোগৰ চিকিৎসা কৰা হৈছিল। অৱশ্যে আমাৰ স্বাস্থ্য বিজ্ঞানীসকলে কৈছে যে সুস্থ জীৱন যাত্ৰা, সুষম আহাৰ, চিকিৎসকৰ পৰামৰ্শ, নিজৰ জীৱনবোধ আদি অতি আৱশ্যক।

ভাৰতবৰ্ষত কেবাখনো চিকিৎসালয়ত মিউজিক থেৰাপিৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতবৰ্ষত সংগীতৰ ৭২ টা মূল ৰাগ আছে আৰু এই ৰাগসমূহ ৭২ৰ ডাল সিৰাক(Nerve) দমন কৰি সুস্থ কৰি তুলিব পাৰে বুলি কোৱা হৈছে।

মিউজিক থেৰাপিত ব্যৱহাৰ কৰা এই সংগীতৰ মূৰ্চ্চনা পৰিৱেশন, তাল, মান, লয়, ব্যৱস্থাপনা আদি সুমধুৰ হোৱা উচিত।

এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে মানুহৰ স্বাস্থ্যৰ মহৌষধ হৈছে সুনিদ্ৰা। ৰোগীয়ে হওক বা সুস্থ মানুহে হওক, সাত-আঠ ঘন্টা সুনিদ্ৰা হোৱা অতীব প্ৰয়োজন। নিদ্ৰা নাহিলে সেই সময়ত মোবাইল বা ৰেডিঅ’ত নিম্ন স্বৰত সুমধুৰ ৰাগৰ গীত শুনিলে মানুহৰ ভাল টোপনি আহে। ইয়াৰ উপৰি ৰোগী অন্য লোকৰ সুনিদ্ৰা নহ’লে- ডায়েবেটিছ ৰোগ বৃদ্ধি হ’ব পাৰে। প্ৰেছাৰ অৰ্থাৎ ৰক্তচাপ বৃদ্ধি হয়, স্মৃতিশক্তি লোপ পায়, দেহ-মন অৱশ লাগে। হাওঁফাওঁৰ বেমাৰ হ’ব পাৰে। সেই কাৰণে প্ৰত্যেকে সাত-আঠ ঘন্টা ভাল টোপনি যোৱা উচিত। যেতিয়া নিম্নস্তৰত ভক্তিমূলক গীত শুনিব, তেতিয়া মনটো ভাল লাগিব আৰু টোপনিৰ কোলাত শুই পৰিব। গতিকে, এই মিউজিক থেৰাপিয়েও সুফল দিব পাৰে।

পেৰালাইচিছ, গাঁঠিৰ বিষ, চাৰ্ভাইকেল স্পণ্ডিলাইটিছ, চায়েটিকা, শ্লিপড ডিস্ক, ফ্ৰ’জেন ছ’লজাৰ ইত্যাদি ৰোগৰ যন্ত্ৰণা সংগীতৰ মূৰ্ছনাই বহুখিনি কমাব পাৰে।

আগতে উল্লেখ কৰা হৈছে যে অনিদ্ৰাৰ পৰা মানুহৰ উচ্চ ৰক্তচাপ হয়, উচ্চ ৰক্তচাপ হ’লে বৃক্কৰ ৰোগ, মধুমেহ, ব্ৰেইন ষ্ট্ৰোক, পেৰালাইচিছ আদি হ’ব পাৰে।

দিনত নিউজিক থেৰাপিৰ বাবে উপযুক্ত ৰাগ হৈছে অহিৰ ভৈৰৱ, নিশা পুৰীয়া ৰাগ, ৰাতিপুৱা ভক্তিমূলক ৰাগৰ গীত-

তোড়ী ৰাগ আকৌ উচ্চ ৰক্তচাপ ৰোগীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। চৰ্দি, কাহ, জ্বৰ, চাইনাচাইটিছ, দাঁতৰ বিষ, গাৰ বিষ হ’লে ভৈৰৱী ৰাগ ব্যৱহাৰ কৰা হয়। স্মৃতিশক্তি বৃদ্ধিৰ বাবে ৰাগ শিৱৰঞ্জনী ব্যৱহাৰ কৰা হয়। হৃদৰোগ আৰু ডায়েবেটিছ হোৱা ৰোগীৰ বাবে মালকোশ, চন্দ্ৰকোষ, আশাৱৰী আদি ব্যৱহাৰ কৰা হয়।

এচিডিটি হ’লে, বমি হ’লে কলাৱতী ৰাগ ব্যৱহাৰ কৰা দেখা যায়। ভোজপুৰী ৰাগে মানুহৰ কোষ্ঠকাঠিন্য দূৰ কৰিব পাৰে। এনেদৰে বিভিন্ন ৰোগ বিভিন্ন ৰাগৰ মধুৰ সংগীতে আৰোগ্য কৰিব পাৰে বুলি কোৱা হয়।

এইখিনিতে নিজৰ কথা ক’ব বিচাৰিছো। মোৰ ভৰি দুখনৰ স্নায়ুতন্ত্ৰ দুৰ্বল হৈ খোজ কাঢ়িব নোৱাৰা হৈ প্ৰায় ডেৰমাহমান ব্যক্তিগত চিকিৎসালয় এখনত চিকিৎসা কৰাই আছিলো। ইয়াৰ পৰা এটা কথা উপলব্ধি হৈছে যে, ডাক্তৰ আৰু নাৰ্ছৰ ব্যৱহাৰ আৰু শুশ্ৰূষা ভাল হ’ব লাগে। চিকিৎসালয়ত ৰাতিপুৱা নাৰ্ছ আহি হাঁহি হাঁহি মোক ‘গুড মৰ্ণিং’ কয়। - ‘আপুনি ভাল হ’ব, আপোনাৰ মনোবল আছে’। ইয়াৰ উপৰি নাৰ্ছ দুগৰাকীয়ে কয়- ‘খুৰা, এইকেইটা ডাঙৰ পিল, ৰব গুড়ি কৰি খুৱাই দিওঁ’। ডাঙৰ পিল গুড়ি কৰি পানীৰে মিহলাই মোক সাত দিন খুৱাইছে। ইমান সুন্দৰ ব্যৱহাৰ আৰু শুশ্ৰূষা, আচলতে ভাষাৰে বৰ্ণাব নোৱাৰি। কথাখিনি এইকাৰণে পঢ়ুৱৈসকলক জনাইছো যে, মিউজিক থেৰাপিয়ে যিদৰে সুমুধৰ স্বৰৰ দ্বাৰা ৰোগীক সুস্থ কৰি তোলে, সেইদৰে সুস্থ পৰিৱেশ, নাৰ্ছ-ডাক্তৰৰ ব্যৱহাৰ, আন্তৰিকতা আদিয়েও ৰোগীৰ বাবে ঔষধৰ কাম কৰিব পাৰে।

গতিকে ৰোগীসকল, যিসকল বিছনাত পৰি থাকে, শ্ৰৱণশক্তি, দৃষ্টিশক্তি থাকে- সেই ৰোগীসকলে মধুৰ স্বৰত সংগীত শুনিলে মনৰ দুখ-বেদনা আঁতৰ হয়। জীয়াই থকাৰ বা সুস্থ হোৱাৰ বাবে মানসিক বল বৃদ্ধি হয়। ইয়াৰ উপৰি মোবাইলত, ৰেডিঅ’ত বা টিভিত গীত-মাত শুনিলে ৰোগীৰ মন আনন্দত ভৰি পৰে। জীয়াই থকাৰ হেঁপাহ জাগে। দুখ-বেদনা পাহৰি থাকে। গতিকে তাহানিৰ এই পৰম্পৰা অক্ষুণ্ণ ৰাখি হস্পিতালসমূহত গীত পৰিৱেশন কৰাৰ ব্যৱস্থা কৰিলে ৰোগীসকল সোনকালে সুস্থ হৈ উঠিব বুলি আমি ভাবো। অৱশ্যে ডাক্তৰ-নাৰ্ছৰ শুশ্ৰূষা, তেওঁলোকৰ ব্যৱহাৰ, সততা, নিষ্ঠা আৰু ৰোগীৰ লগত একাত্ম হ’লেহে এই প্ৰচেষ্টাই সুফল দিব।

গতিকে আমি উল্লেখ কৰা ধৰণে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা ৰোগীসকলে মিউজিক থেৰাপিৰেও কিছু সুফল লাভ কৰিব বুলি ক’ব পাৰি।

ইয়াৰ উপৰি মানুহৰ অংগ-প্ৰত্যংগবোৰৰ ভিতৰত আটাইতকৈ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ হৈছে- ভৰি দুখন। ভৰি দুয়োখনেৰে খোজকঢ়া, ফুৰা-চকা কৰা সকলো কামেই কৰা হয়। কিয়নো খোজকঢ়াটো উৎকৃষ্টতম ব্যায়াম বুলি কোৱা হয়। এই ভৰিদুখনৰ সমান সুবিধাজনক আৰু উপকাৰী যন্ত্ৰ আজিলৈকে কোনেও উলিয়াব পৰা নাই। সেই কাৰণে আমি ভৰিদুখন সুস্থ-সবল কৰি ৰাখিবলৈ সৃষ্টিকৰ্তাক ধন্যবাদ জনোৱা আৰু কৃতজ্ঞ হোৱা উচিত।

মানুহ হিচাপে জীয়াই থাকিবলৈ হ’লে ভৰি দুখনৰ ভূমিকা অপৰিসীম। কথাখিনি আজি মই মৰ্মে মৰ্মে উপলব্ধি কৰিছো। কিয়নো আজি তিনিমাহ ধৰি ভৰিদুখন বিকল হৈ বিছনাত পৰি আছো। ফিজিঅ’ থেৰাপিষ্টৰ দ্বাৰা ফিজিঅ’ থেৰাপি কৰাই আছো। বৰ্তমান কিছু উন্নত হৈছে যদিও মই কিন্তু খোজকাঢ়িব পৰা নাই।

গতিকে থেৰাপিসমূহৰ ভিতৰত মিউজিক থেৰাপি, ফিজিঅ’ থেৰাপি আদি হৈছে উল্লেখযোগ্য থেৰাপি। এইটো ঠিক যে থেৰাপিবোৰক ব্যায়াম বুলি ভাবিলে নহ’ব। ইয়াকো সদায় নিয়মিতভাৱে কৰিলেহে শৰীৰৰ জঠৰতা আঁতৰ হয়, সুস্থ হৈ উঠিব পাৰিব। দিনটোত কমেও দুই-তিনিবাৰ এই থেৰাপি ল’ব লাগে। তদুপৰি বিছনাত পৰি থকা ৰোগীৰ বাবে মিউজিক থেৰাপিয়ে মনৰ উদ্বিগ্নতা বা দুশ্চিতা আঁতৰ কৰিব পাৰে।

গীতে-মাতে মানুহক প্ৰেৰণা দিয়ে, ৰোগীসকলৰ দুখ-যন্ত্ৰণা পাহৰাই ৰাখিব পাৰে।

লেখক: ধনেশ্বৰ হুজুৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate