অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিহুৱা-বিহুৱতীৰ স্বাস্থ্যৰ যতনঃ

বিহুৱা-বিহুৱতী্যে স্বাস্থ্যৰ যতন কেনেকৈ লব-

ৰঙালী বিহু বুলিলে অসমীয়া লোকৰ, বিশেষকৈ ডেকা-গাভৰুসকলৰ বহুতৰে বাবে বিশেষ ব্যস্ততাৰ সময়। তাঁত বোৱাৰ পৰা আৰম্ভ কৰি বিহু মৰা তথা ব’হাগমহীয়া বিভিন্ন পৰম্পৰা পালনত সততে ব্যস্ত থাকে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক। বিহুৰ আধুনিকীকৰণৰ লগে লগে পেছাদাৰী বিহু দলৰ আগমন ঘটিছে। ফাগুন-চ’ত মাহত আৰম্ভ কৰি এমাহৰো অধিক কাল কঠোৰ আখৰাৰ অন্তত চ’তৰ শেষৰ পৰা গোটেই ব’হাগ মাহজুৰি বিহুৱা ডেকা-গাভৰু ব্যস্ত থাকে। প্ৰতিকূল বতৰৰ মাজত কঠোৰ পৰিশ্ৰমৰ এই সময়ছোৱাত বিহু দলৰ সদস্য-সদস্যাসকল স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে সচেতন নহ’লে ৰঙালী বিহু ৰংবিহীন হোৱাৰ আশংকা নথকা নহয়।

বিহু মৰাৰ সময়ত আটায়ে কম-বেছি পৰিমাণে সন্মুখীন হোৱা এক সমস্যা-

 

বিহু মৰাৰ সময়ত আটায়ে কম-বেছি পৰিমাণে সন্মুখীন হোৱা এক সমস্যা হ’ল ডিহাইড্ৰেচন বা জলাল্পতা। বিহুৱা, ঢুলীয়া, নাচনী আটাইৰে নাচ পৰিৱেশনৰ সময়ত যথেষ্ট শাৰীৰিক পৰিশ্ৰম হয় আৰু প্ৰচুৰ ঘাম নিৰ্গত হয়। ফলস্বৰূপে শৰীৰত পানীৰ পৰিমাণ কমি যায়। সেয়ে বিহু দলৰ প্ৰতিগৰাকী সদস্যই প্ৰতিটো নাচ পৰিৱেশনৰ পিছত পানী খোৱা উচিত। ইয়াৰ বাবে প্ৰত্যেকেই লগত খোৱাপানীৰ বটল একোটা লগত ৰাখিব লাগে। ঘামত পানীৰ লগতে ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম আদি খনিজ পদাৰ্থও শৰীৰৰ পৰা ওলাই যায়। এই খনিজ পদাৰ্থৰ অভাৱে শৰীৰ অৱশ লগা মাংসপেশী (বিশেষকৈ ভৰিৰ মাংসপেশী) টানি ধৰা আদি সমস্যা কৰিব পাৰে। অ’ আৰ এছ মিশ্ৰিত পানী পৰিমিত পৰিমাণত খাই থাকিলে ঘামত ওলাই যোৱা খনিজ পদাৰ্থ বা ইলেক্ট্ৰোলাইটভাগ পূৰ হয়। গতিকে এনে সমস্যাৰ পৰা দূৰত থকাটো সম্ভৱ হয়। বিহু নাচত প্ৰচুৰ শক্তিৰ প্ৰয়োজন হয় বাবে বহু পৰিমাণে কেলৰি ক্ষয় হয়, সেয়ে তাৎক্ষণিকভাৱে শৰীৰত কেলৰি (শক্তি) যোগানৰ বাবে সময়ে সময়ে বা প্ৰদৰ্শনৰ পিছত গ্লুক’জ পাউডাৰ বা গ্লুক’জ পাউডাৰ মিহলোৱা পানী খাব লাগে। পানী নোখোৱাকৈ শুকান গ্লুক’জ পাউডাৰ খাই থাকিলে বমি হোৱাৰ আশংকা থাকে।

বিহুৱা বা বিহুৱতীসকলে সন্মুখীন হোৱা অইন এটি প্ৰধান সমস্যা হ’ল আঘাতৰ সমস্যা। আখৰাৰ সময়ত বা বিহু প্ৰদৰ্শনৰ সময়ত হ’ব পৰা এনে আঘাত ৰোধৰ বাবে আগতীয়াকৈ কিছুমান সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা উচিত। আখৰাথলী যাতে সমান, সমতল, পৰিষ্কাৰ আৰু উপযুক্ত পোহৰযুক্ত হয়, তালৈ নজৰ ৰাখিব লাগে। কম পোহৰত কৰা আখৰা বিহু দলসমূহৰ আঘাতৰ এক অন্যতম মুখ্য কাৰণ হিচাপে পৰিগণিত হৈ আহিছে। বিহু দলসমূহে বিভিন্ন ঠাইত নাচ প্ৰদৰ্শন কৰাৰ প্ৰাকমুহূৰ্তত বিহুতলী বা মঞ্চখনৰ পৰিৱেশ (খলা-বমা, বোকা, শিল, মঞ্চৰ ভগা অংশ, কাঁচৰ টুকুৰা, গজাল, ধাতৱ সামগ্ৰী আদি আঘাত কৰিব পৰা বস্তুৰ অৱস্থিতি ভালদৰে পৰ্যবেক্ষণ কৰি সম্ভৱ ক্ষেত্ৰত তেনেবোৰ সামগ্ৰী আঁতৰোৱাৰ ব্যৱস্থা লোৱাটো প্ৰয়োজনীয়। এইখিনি কামৰ বাবে এগৰাকী সদস্যক বিশেষভাৱে দায়িত্ব দিলে ফলপ্ৰসূ হয়। খাদ্যৰ ক্ষেত্ৰত বিহু দলৰ সমূহ সদস্য সচেতন হ’ব লাগে। কিয়নো, এইখিনি সময়ত বিভিন্ন ধৰণৰ পেটচলা ৰোগ সঘনাই হ’ব পাৰে। সহজে হজম হোৱা শক্তিদায়ক খাদ্য গ্ৰহণত অগ্ৰাধিকাৰ দিব লাগে। জ্বলা, মচলাযুক্ত বা ভজা তৈলাক্ত আহাৰ বৰ্জন কৰাই ভাল। আমিষ খাদ্য হজম হওঁতে অধিক সময় লাগে। বিহু প্ৰদৰ্শনৰ সময়ত কল এবিধ উপাদেয় খাদ্য। বিভিন্ন ঠাইলৈ বিহু প্ৰদৰ্শনৰ বাবে যোৱা সময়ত বাহিৰৰ খাদ্য, ফাষ্টফুড বা সঘনাই চাহ আদি নোখোৱাই ভাল। গৰম পৰিব ধৰা এই সময়ছোৱাত খাদ্যৰ বিষক্ৰিয়াৰ আশংকাও বেছি হয়। গতিকে পুৰণা বাহী খাদ্য পৰাপক্ষত গ্ৰহণ নকৰাই ভাল। মহ, মাখি আদি বিভিন্ন ৰোগৰ বাহক পতংগসমূহৰ উৎপাত এই সময়ত বাঢ়িবলৈ লয়। মহে মেলেৰিয়া, জাপানিজ এনকেফেলাইটিছ, ডেংগু আদি মাৰাত্মক ৰোগ বিয়পায় তথা মাখিয়ে ডায়েৰীয়া, ডিচেণ্টেৰী, টাইফয়েড আদি ৰোগ বিয়পায়। এইসমূহৰ পৰা নিজকে বচাবলৈ শিবিৰত আঁঠুৱা ব্যৱহাৰ কৰাৰ লগতে সন্ধিয়া ধোঁৱা দিয়া, শিবিৰৰ পৰিৱেশ শুকান আৰু পৰিষ্কাৰকৈ ৰখা, খাদ্যবস্তু ঢাকি ৰখা, মহ-মাখি আৰু অন্যান্য পতংগ দূৰীকাৰক উপলব্ধ আহিলাসমূহৰ ব্যৱহাৰ কৰা উচিত। নাচ পৰিৱেশনৰ বাবে যাওঁতে শৰীৰত মহ দূৰকাৰী দ্ৰব্য সানি ল’ব পৰা যায়। গৰম অথচ সেমেকা এই সময়ছোৱা বিভিন্ন বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণৰ আশংকা খুবেই প্ৰবল। এনে সম্ভাৱ্য সংক্ৰমণৰ বিৰুদ্ধে সাৱধানতা গ্ৰহণৰ লগতে জ্বৰ আদি হ’লে শীঘ্ৰে চিকিৎসকতৰ পৰামৰ্শ কৰা উচিত।

বিহু দলসমূহ দুৰ্ঘটনাত পতিত হোৱাৰ পৰিসংখ্যা একেবাৰে কম নহয়। প্ৰাথমিক পৰিচৰ্যাৰ সঁজুলিৰ বাকচ সদায়ে সম্পূৰ্ণ সাজু ৰখাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। নিশা প্ৰদৰ্শনৰ পিছত যাতায়তৰ সময়ত উপযুক্ত সাৱধানতাৰ অভাৱেই এই দুৰ্ঘটনাসমূহৰ অন্যতম কাৰণ। মদ্যপান বা অইন নিচাযুক্ত দ্ৰব্য সেৱন দুৰ্ঘটনাকে ধৰি বিভিন্ন অনাকাংক্ষিত ঘটনাৰ মূল কাৰণ। মদ্যপান বা নিচাযুক্ত দ্ৰব্যৰ ক্ষেত্ৰত বিহু দলৰ পৰিচালক তথা দলপতিসকল আপোচহীনভাৱে কঠোৰ হোৱাটো সেয়ে অপৰিহাৰ্য বুলি ক’ব পাৰি।

এখন সুশংখল সমাজ আৰু নিজৰ প্ৰতি দায়িত্বশীল বিহুৱা-বিহুৱতীৰ দলে ব’হাগৰ মাহটি ৰঙালীৰ ৰং ছটিয়াই আনন্দমুখৰ কৰিব পাৰে। দায়িত্বশীল হ’লে ৰঙালী বিহুৰ কালছোৱা সমূহ বিহুৱা-বিহুৱতীৰ বাবে নিৰাপদ আৰু স্বাস্থ্যকৰ নিশ্চয়কৈ হ’ব।

(উৎসঃ নিয়মীয়া বাৰ্তা, ডাঃ ৰমেন কুমাৰ কাকতি, চিকিৎসা আৰু স্বাস্থ্য বিষয়া, তামুলপুৰ সামূহিক স্বাস্থ্যকেন্দ্ৰ)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate