অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বুকুৰ জ্বলা-পোৰা :

বুকুৰ জ্বলা-পোৰা :

 

আপোনাৰ বাৰু জ্ব্লা-পোৰা কৰে নেকি?কেতিয়াবা এনে হোৱাটো ডাঙৰ কথা নহয় যদিও সঘনাই বুকু জ্বলা-পোৰা কৰি থাকিলে উপেক্ষা কৰা অনুচিত।কিয়নো,খাদ্যনলীৰ ভিতৰত ই ক্ষতি কৰিব পাৰে।কিছুমান নিয়ম পালন কৰিলে এই সমস্যাৰ পৰা আঁতৰত থাকিব পাৰি।মদ,কেফিনযুক্ত পানীয়,চকলেট,নেমুজাতীয় ফলৰ ৰস,বিলাহী আদি কমকৈ খাব।সদায় আহাৰ খাওঁতে পিছত অলপ খাব পৰাকৈ খাব।অৰ্থাৎ সম্পুৰ্ণ পেট ভৰাই খোৱা অনুচিত।খোৱাৰ পিছতে ব্যায়াম বা তললৈ হাওলি কাম কৰিব নালাগে।আহাৰ গ্ৰহণ কৰাৰ পিছত কঁকালৰ বেল্ট টানকৈ নামাৰিব।সাধাৰণতে আমি খোৱা খাদ্য খাদ্যনলীৰে শৰীৰত প্ৰৱেশ কৰে।আধা হজম হোৱা খাদ্যবস্তু এচিডিক হয়।সেইবোৰে খাদ্যনলীত আহি জ্বলা-পোৰা কৰাৰ ফলত বুকুত এই  অনুভৱ হয়।যদি কাৰোবাৰ এই সমস্যা বেছিকৈ হৈছে তেওঁলোকে অৱহেলা নকৰি চিকিৎসকৰ লগত যোগাযোগ কৰা উচিত।অন্যথা গেষ্ট্ৰ’এছ’ফেগাল ৰিফেক্স ডিজিজ হোৱাৰ সম্ভাৱনা থাকে।মহিলাসকলৰ গৰ্ভৱতী অৱস্থাত এই সমস্যাই দেখা দিয়ে।চিকিৎসকৰ পৰামৰ্শ ল’লে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি।কেতিয়াবা অত্যধিক টেনছনৰ কাৰণেও এই সমস্যা হ’ব পাৰে।কোনো কাৰণতে বুকুৰ জ্বলা-পোৰা হ’লে নিজে নিজৰ চিকিৎসা কৰিবলৈ আগ নাবাঢ়িব।

উৎস: জি এনআৰচি স্বাস্থ্য



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate