অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৃক্কৰ পাথৰ আৰু ল’বলগা সাৱধানতা :

বৃক্কৰ পাথৰ আৰু ল’বলগা সাৱধানতা :

 

বৃক্কৰ পাথৰ (Kidney Stone), মুত্ৰতন্ত্ৰ বিভাগৰ অন্যান্য বিসংগতিসমুহৰ ভিতৰত দেখিবলৈ পোৱা এক অত্যন্ত বেদনাদায়ক ৰোগ। বিজ্ঞানীসকলে পৰীক্ষা কৰি প্ৰায় ৭০০০ বছৰৰ পুৰণি ইজিপ্তিয়ান মামীৰ দেহতো বৃক্কৰ পাথৰৰ উপস্থিতিৰ সন্ধান পাইছে। দুৰ্ভাগ্যবশত: বৃক্কৰ পাথৰ ৰোগ প্ৰস্ৰাৱৰ নলীৰ (Urinary Tract) প্ৰায়েই দেখা পোৱা বিভিন্ন ৰোগসমুহৰ ভিতৰত অন্যতম। প্ৰতি বছৰে স্বাস্থ্য পৰীক্ষাৰ বাবে যোৱা প্ৰায় ৩০ লাখ ৰোগীৰ আধাসংখ্যক বৃক্কৰ পাথৰৰ ৰোগী প্ৰায়েই জৰুৰীকালীন অৱস্থাতে চিকিৎসালয়লৈ আহে। বৃক্কৰ বেছিভাগ পাথৰেই প্ৰস্ৰাৱৰ লগত আমাৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়- কোনো চিকিৎসকৰ কাষ নচপাকৈয়ে। কিন্তু যিবোৰ পাথৰ বহুদিন ধৰি দেহত থাকি বিভিন্ন অসুবিধাৰ সৃষ্টি কৰে বা অন্যান্য উপসৰ্গৰ ৰুপত দেখা দিয়ে, তেনে ক্ষেত্ৰত এই ৰোগৰ চিকিৎসাৰ প্ৰয়োজন হয়। গৱেষকসকলে বিভিন্ন গৱেষণাৰ জৰিয়তে এটা কথাত উপনীত হৈছে যে বৃক্কৰ পাথৰ গঠনত থকা মুল উপাদানসমুহৰ জৰিয়তে বৃক্কৰ পাথৰ গঠন হোৱাত বাধা দিব পৰা যায়। বিভিন্ন ধৰণৰ পদাৰ্থৰ সংমিশ্ৰণৰ ফলত বৃক্কৰ পাথৰ হোৱা পৰিলক্ষিত হয়। সচৰাচৰ বৃক্কৰ পাথৰসমুহ কেলচিয়াম আৰু অক্সালেট (Oxalate) নাইবা ফছফেট, ইউৰিক এছিড সংমিশ্ৰণ। এই পদাৰ্থসমুহ এজন মানুহৰ সাধাৰণ খাদ্য তালিকাৰ অংশবিশেষ আৰু দেহৰ গুৰুত্বপুৰ্ণ অংশ গঠনত ভুমিকা পালন কৰে, যেনে-হাড় আৰু মাংসপেশী। অতি কমসংখ্যক বৃক্কৰ পাথৰ প্ৰস্ৰাৱ নলীত হোৱা সংক্ৰমণৰ বাবে সৃষ্টি হয়। এনেধৰণৰ পাথৰসমুহক সংক্ৰমণ পাথৰ (Struvite Stone) বুলি কোৱা হয়। ইউৰিক এচিড আৰু চিষ্টাইন ষ্ট’ন (Cystine Stone) সমুহ অতি কমসংখ্যক ৰোগীৰ দেহত দেখা যায়। পাথৰসমুহ সাধাৰণতে মহিলাতকৈ পুৰুষৰ মাজত বেছি হোৱা দেখা যায়। প্ৰায় ৪০ বছৰৰ পৰা ৭০ বছৰ বয়সৰ পুৰুষসকলৰ মাজত বৃক্কৰ পাথৰ হোৱাৰ প্ৰৱণতা অধিক হোৱাৰ বিপৰীতে মহিলাৰ মাজত প্ৰায় ৫০ বছৰ বয়সত অধিক হোৱা দেখা যায়। এটাতকৈ অধিক বৃক্কৰ পাথৰ হোৱা লোকসকলৰ মাজত এই ৰোগ পুনৰ হোৱা পৰিলক্ষিত হয়।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে কোনো এটা বিশেষ কাৰণত পাথৰ গঠন হয় বুলি ভবা নহয় যদিও কিছুমান বিশেষ খাদ্যাভ্যাসৰ লগত পাথৰৰ গঠনৰ সম্পৰ্ক আছে। বৃক্কৰ পাথৰ থকা লোকসকলৰ পৰিয়ালৰ বেলেগ সদস্যসকলৰ মাজত পাথৰ হোৱা সম্ভাৱনা অধিক। মুত্ৰনলীৰ সংক্ৰমণ, বৃক্কৰ আৰু কিছু হৰম’ন গ্ৰন্থিসমুহৰ অসামঞ্জস্যতা, যেনে- Hyperparathyroidism আদি কাৰকবোৰক বৃক্কৰ পাথৰৰ উৎস হিচাপে ধৰা হয়। Renal Tubular Acidosis নামৰ এটা বংশগত (Hereditary) ৰোগত প্ৰায় ৭০ শতাংশ ৰোগীৰ বৃক্কৰ পাথৰ হোৱা দেখা যায়। Cystinuria আৰু Hyperoxaluriaনামৰ আন দুবিধ জন্মসুত্ৰে হোৱা বিসংগতিৰ (Metabolic) বাবে সঘনাই বৃক্কৰ পাথৰ হোৱা দেখা যায়।

Hypercalciuria এক বংশগত ৰোগ, য’ত বৃক্কৰ পাথৰ হোৱা দেখা যায়। ইউৰিক এচিড বিসংগতিৰ বাবে হোৱা   Hyperuricosuriaও বৃক্কৰ পাথৰ ৰোগৰ এক কাৰক। গাউট (গৰল ৰোগ), অত্যধিক ভিটামিন ‘ডি’ গ্ৰহণ, প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ, প্ৰস্ৰাৱনলীৰ গতি ৰুদ্ধ হোৱা, অত্যধিক মাত্ৰাত কেলচিয়ামযুক্ত এণ্টাচিড সেৱন ইত্যাদিও বৃক্কৰ পাথৰ ৰোগ কাৰক।

Intestinal Bypass অস্ত্ৰোপচাৰ আৰু ক্ষুদ্ৰান্তৰ এবিধ জটিল ৰোগত (Chronic Inflammation of Bowel) আক্ৰান্ত ব্যক্তিৰ কেলচিয়াম অক্সালেট পাথৰ সৃষ্টি হ’ব পাৰে। Protease inhibitor  ঔষধ সেৱন (এইচ আই ভি ৰোগৰ চিকিৎসাত ব্যৱহৃত এই ঔষধ) কৰা লোকসকলৰো বৃক্কৰ পাথৰ হোৱাৰ সম্ভাৱনা অধিক। অত্যধিক মাত্ৰাত অক্সালেট থকা বিভিন্ন পানীয় আৰু খাদ্য সেৱন কৰাসকলৰ এই ৰোগৰ সম্ভাৱনীয়তা অধিক। অত্যধিক মাত্ৰাত গ্ৰহণ কৰা আমিষ জাতীয় খাদ্য, অধিক লৱণজাতীয় খাদ্য আদিও পাথৰ গঠনৰ কাৰক হয়।

লক্ষণসমুহ -

বৃক্কৰ পাথৰে প্ৰায়ে কোনো ধৰণৰ লক্ষণ প্ৰকাশ প্ৰকাশ নকৰে। সাধাৰণতে বৃক্কৰ পাথৰ ৰোগৰ প্ৰথম লক্ষণ হ’ল  অত্যধিক বিষ। যেতিয়া পাথৰটো প্ৰস্ৰাৱতন্ত্ৰলৈ গতি কৰি প্ৰস্ৰাৱৰ পথটো বন্ধ কৰি দিয়ে, যাৰ ফলত কেতিয়াবা কোনো ৰোগীয়ে পিঠি আৰু বৃক্কৰ কাষ বা তলপেটত তীব্ৰ বিষ অনুভৱ কৰে। কেতিয়াবা বমি বা বমিৰ ভাব (nausea) হোৱা দেখা যায়। পাছলৈ বিষ তললৈ নামি গৈ কৰঙনৰ চুকলৈ (groin) যাব পাৰে। কেতিয়াবা পাথৰ প্ৰস্ৰাৱৰ মাধ্যমেৰে দেহৰ পৰা ওলাবলৈ লয়, তেতিয়া প্ৰস্ৰাৱনলীৰ ভিতৰত আঘাত লাগি প্ৰস্ৰাৱত তেজ ওলায় বা তেজমিহলি প্ৰস্ৰাৱ হয়। এনে সময়ত ৰোগীয়ে বাৰে বাৰে প্ৰস্ৰাৱ অনুভৱ কৰে, প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা অনুভৱ হয়। এই লক্ষণবোৰৰ লগত ৰোগীৰ জ্বৰ গৈ থাকিলে, সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। তেনেস্থলত তৎকালেই এজন বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

এক্স-ৰে জৰিয়তে প্ৰায় ৯০ শতাংশ পাথৰেই ধৰা পৰে। ইয়াৰ জৰিয়তে পাথৰৰ আকাৰ আৰু অৱস্থিতি জনা যায়। তদুপৰি আল্ট্ৰাছাউণ্ড পৰীক্ষাৰ জৰিয়তে সকলো ধৰণৰ পাথৰৰ অৱস্থিতিসহ ধৰা পেলাব পৰা হয়। ৩ মি:মি:তকৈ সৰু পাথৰ বা প্ৰস্ৰাৱ নলীৰ বেছি দুৰত্বত থকা পাথৰ ধৰা পেলাবৰ বাবে চি-টি স্কেন (computerized Tomography) নামৰ উচ্চ পৰ্যায়ৰ পৰীক্ষা কৰা হয়। এই পদ্ধতিৰে বৃক্কৰ পাথৰৰ বাহিৰেও বৃক্কৰ কাৰ্যক্ষমতা, আকাৰ, অন্য ৰোগ, প্ৰস্ৰাৱনলীৰ সমস্যাবোৰো ধৰা পেলাব পৰা যায়। যেতিয়া পাথৰ ৫ মি: মি:তকৈ অধিক ডাঙৰ হয় বা দেহত অন্যান্য অসুবিধাৰ সৃষ্টি কৰে তেতিয়া সক্ৰিয় চিকিৎসাৰ জৰিয়তে পাথৰ বৃক্ক বা প্ৰস্ৰাৱৰ নলীৰ পৰা তিনিটা পদ্ধতিৰে নিষ্কাশন কৰিব লগা হয়। ৰোগৰ অত্যধিক সংক্ৰমণ হ’লে প্ৰয়োজনীয় জৰুৰী ব্যৱস্থা গ্ৰহণৰ জৰিয়তে সংক্ৰমণ ৰোধ কৰিব লগা হয়। শৰীৰত ডাঙৰকৈ  নকটাকৈ তিনি ধৰণৰ আধুনিক পদ্ধতিৰে পাথৰ বাহিৰ কৰা যায়।

*ESWL (Shock-wave lithotripsy)এই পদ্ধতিৰ যোগেদি সাধাৰণতে ১ চি এমতকৈ সৰু পাথৰ সঠিক অৱস্থানত থাকিলে শৰীৰৰ বাহিৰৰ পৰা এটা যন্ত্ৰৰ সহয়ত শব্দ তৰংগৰ প্ৰক্ষেপণৰ যোগেদি সৰু সৰু টুকুৰালৈ পৰিণত কৰিব পাৰি। যিবোৰ কিছুদিনৰ পাছত প্ৰস্ৰাৱৰ লগত দেহৰ পৰা বাহিৰ হয়।

*PCNL(Keyhole surgery)শৰীৰত এটা সৰু ফুটা কৰি ডাঙৰ পাথৰ শল্য চিকিৎসাৰে বাহিৰ কৰিব পাৰি। পাথৰৰ আকাৰ বহু ডাঙৰ থাকিলেও অত্যাধুনিক যন্ত্ৰ সহয়ত সৰু সৰু টুকুৰা কৰি বাহিৰলৈ উলিয়াই অনা হয়।

*Ureteroscopy $ RIPS-এই ধৰণৰ পদ্ধতিত শৰীৰত কোনো ধৰণৰ ছিদ্ৰ বা ফুটা নকৰাকৈ সৰু আকাৰৰ এণ্ডছকপি প্ৰস্ৰাৱনলী আৰু মুত্ৰাশয়ৰ ভিতৰেৰে বৃক্কলৈকে ভৰাই দিব পাৰি। বৃক্কৰ ভিতৰৰ পাথৰ স্ক্ৰীনত চকুৰে চাই লেজাৰ (Holmium) সহায়েৰে সুক্ষ্ম সুক্ষ্ম টুকুৰা কৰি উলিয়াই  অনা হয়। শৰীৰত বিষ নহয়, ৰক্তক্ষৰণ নাথাকে আৰু ৰোগীক প্ৰায়ে একেদিনাই ছুটী দিব পৰা যায়।

ল’ব লগা সাৱধানতা -

বৃক্কৰ পাথৰ ৰোগ প্ৰতিৰোধৰ বাবে ল’ব লগা সাৱধানতাসমুহ উল্লেখ কৰা হ’ল-

*জীৱনশৈলীৰ পৰিৱৰ্তন: এটি অতি সহজ আৰু প্ৰয়োজনীয় জীৱনশৈলীৰ পৰিৱৰ্তন হ’ল অধিক মাত্ৰাত পানীয় সেৱন কৰা বিশেষকৈ পানী, যি বৃক্কৰ পাথৰ ৰোগ নিৰাময়ত সহজভাৱে আৰু সক্ৰিয়তাৰে কাম কৰে।

*গাখীৰজাতীয় সামগ্ৰীৰ সেৱনৰ জৰিয়তে কেলচিয়াম জাতীয় পাথৰ গঠনত বাধা দিব পৰা যায় যদিও ‘পিল’ ৰুপত উপলব্ধ কেলচিয়াম গ্ৰহণ কৰিলে পাথৰ গঠনত সহায়ক হয়।

*ৰোগীক কেলচিয়াম সমৃদ্ধ বিভিন্ন Antacids আৰু অত্যধিক মাত্ৰাত ভিটামিন –‘ডি’ গ্ৰহণ কৰাৰ পৰা আঁতৰাই ৰাখিব লাগে।

*মুত্ৰনলী সংক্ৰমণত আক্ৰান্ত ৰোগীয়ে সেই ৰোগৰ সঠিক চিকিৎসা গ্ৰহণ কৰিব লাগে।

*কিছুমান দেহৰ বিসংগতিয়ে বৃক্কৰ পাথৰ গঠনত উৎসাহিত কৰে। যেনে গাউট (গৰল ৰোগ), Parathyroid গ্ৰন্থিৰ বিসংগতি দেহত শৰ্কৰাৰ বিসংগতি, প্ৰস্ৰাৱত বেছি কেলচিয়ামৰ উপস্থিতি, অত্যধিক মাত্ৰাত নিমখ সেৱন, অত্যধিক শৰ্কৰাযুক্ত প্ৰটিন খাদ্য আৰু অত্যধিক মাত্ৰাত ভিটামিন ‘ডি’ যুক্ত খাদ্য সেৱন।

*অত্যধিক অক্সালেটযুক্ত খাদ্য যেনে-চুকাশাক, পালেং শাক, বীট, ঘেঁহুজাতীয় সামগ্ৰী, ছয়াবীন জাতীয় সামগ্ৰী, বাদামজাতীয় সামগ্ৰী, চকলেট, মিঠাআলু আদি, খাদ্যই পাথৰ গঠন হোৱাত সহায় কৰে।

*নিৰামিখ খাদ্য, যেনে-গাজৰ, কেৰেলা, ফল-মুল, ফলৰ ৰস, নেমু, কমলা, তৰমুজ, আনাৰস আদিয়ে পাথৰ হোৱাৰ  সম্ভাৱনা কম কৰে। বাৰ্লি আৰু অ’টছে পাথৰ হোৱাত বাধা দিয়ে। নাৰিকলৰ পানী সেৱন কৰাটো লাভদায়ক।

*পালেং শাকত থকা অত্যধিক অক্সালেট পাথৰ হোৱাত সহায় কৰে, ফুলকবি, ৰঙালাও, বেঙেনা, মাছৰুম আদি ইউৰিক এচিডযুক্ত খাদ্য তালিকাৰ পৰা আঁতৰত ৰাখিব লাগে।

*আমিষ আহাৰ, যেনে-ছাগলীৰ মনগস, মাছ , কণী আদিৰ উপৰি কফি, চাহ, গেছযুক্ত পানীয় পৰিহাৰ কৰি বৃক্কৰ পাথৰ হোৱাৰ পৰা আঁতৰি থাকিব পাৰি।

লেখক: ড° অৰুপ কুমাৰ নাথ (দৈনিক জনমভুমি)

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate