অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৃদ্ধাৱস্থাতো মগজু সক্ৰিয় কৰি ৰাখিব পাৰি :

বৃদ্ধাৱস্থাতো মগজু সক্ৰিয় কৰি ৰাখিব পাৰি :

 

সাধাৰণতে ধাৰণা কৰা হয় যে জন্মৰ সময়তে সৃষ্টি হোৱা মগজুকোষৰ বাহিৰে নতুনকৈ মগজু কোষৰ উৎপাদন হ’ব নোৱাৰে, পিছে স্নায়ুবিজ্ঞানী ছেণ্ড্ৰাইন থুৰেটে(Sandrine Thuret) এটা কৌতূহলোদ্দীপক বক্তৃতাত মগজু কোষ উৎপাদনৰ ক্ষেত্ৰত কেতবোৰ তথ্য আগবঢ়াইছে। মগজু কোষবোৰ প্ৰকৃততে স্নায়ুকোষ। তেওঁ কৈছে যে নতুন স্নায়ুকোষৰ উৎপাদন কৰি বিষণ্ণতা প্ৰশমন কৰিব পাৰি, স্মৃতিশক্তি বৃদ্ধি কৰিব পাৰি, আৰু শিক্ষণ প্ৰক্ৰিয়া উন্নত কৰিব পাৰি। বয়স বৃদ্ধিৰ সমান্তৰালকৈ এই কোষৰ পৰিমাণ হ্ৰাস হোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে হ’ব পাৰে। ‘হিপ্প’কেম্পাছ’(Hippocampus) মগজুৰ কেন্দ্ৰত স্থিত ধূসৰ অংগ(Grey Stucture)। শিক্ষা, স্মৃতি, মেজাজ, আৱেগৰ ক্ষেত্ৰত এই অংগ গুৰুত্বপূৰ্ণ। জানিব পৰা গৈছে যে এই অংগই প্ৰাপ্তবয়স্কৰ মগজুত নতুন স্নায়ুকোষ উৎপাদন কৰিব পাৰে। এক হিচাপৰপৰা দেখা গৈছে যে হিপ্প’কেম্পাছে প্ৰতিদিনে ৭০০ নতুন কোষ উৎপাদন কৰিব পাৰে। সেই হিচাপত ৫০ বছৰ বয়সলৈকে যিমান পৰিমাণৰ নতুন স্নায়ুকোষৰ সৃষ্টি হয়, সেইখিনিয়ে জন্মৰপৰা থকা স্নায়ুকোষবোৰৰ স্থান ল’ব পাৰে। এই নতুন স্নায়ুকোষবোৰ গুৰুত্বপূৰ্ণ আৰু ইহঁতৰ ক্ৰিয়া-কলাপ কি, সেই কথা জানিবলৈ গৱেষণা কৰা হৈছিল। দেখা গ’ল যে যদিহে বয়স্ক মগজুৰ এই নতুন কোষ উৎপাদন ক্ষমতা ৰোধ কৰা হয়, তেনেহ’লে স্মৃতিশক্তি হ্ৰাস হয়। জন্তুৰ বিষণ্ণতাৰ ওপৰত পৰীক্ষা কৰি দেখা গৈছে যে এনে ক্ষেত্ৰত নতুন স্নায়ুকোষ উৎপাদন হ্ৰাস হয়। যদি বিষণ্ণতাৰ উপশম কৰা হয়, তেনেহ’লে নতুন স্নায়ুকোষৰ উৎপাদন পুনৰ বৃদ্ধি হয়। এই তথ্যই নতুন স্নায়ুকোষ আৰু বিষণ্ণতাৰ মাজত সম্পৰ্ক প্ৰতিষ্ঠিত কৰে। থুৰেটৰ মতে, আমি যদি স্মৃতি, মেজাজ, শিক্ষণ আদি সঠিককৈ ৰাখিব বিচাৰোঁ, তেনেহ’লে আমাৰ লক্ষ্য হ’ব নতুন স্নায়ুকোষৰ উৎপাদন বৃদ্ধি নিশ্চিত কৰা। কেনেকৈ কৰা হ’ব এই কাম? আমি শিক্ষন বৃদ্ধি কৰিব লাগিব। মানসিক চাপ আৰু নিদ্ৰাহীনতাই এই প্ৰক্ৰিয়াত বাধা সৃষ্টি কৰে। আনহাতে, যৌন সম্ভোগে নতুন স্নায়ুকোষৰ উৎপাদন বৃদ্ধি কৰে। অৱশ্যে বয়স বৃদ্ধিৰ সমান্তৰালকৈ নতুন স্নায়ুকোষৰ উৎপাদন স্তিমিত হ’ব পাৰে। থুৰেটৰ মতে, শাৰীৰিক সক্ৰিয়তা, যেনে- খোজকঢ়া, দৌৰা, ব্যায়াম কৰা আদিয়ে মগজুৰ ৰক্তসঞ্চালন বৃদ্ধি কৰে। গতিকে নতুন স্নায়ুকোষ উৎপাদনৰ মাত্ৰাও বৃদ্ধি হয়। খাদ্যয়ো এই প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়। কেল’ৰীৰ পৰিমাণ ২০-৩০ শতাংশ হ্ৰাস কৰিব লাগে। মাজে-সময়ে উপবাসে থকা, দুসাঁজৰ মাজৰ সময় বৃদ্ধি কৰা, ফ্লেভনয়ড খাদ্য(যেনে- তিতা চক’লেট), ওমেগা-৩ ফেটী এচিডযুক্ত খাদ্য(Omega3 Fatty Acid, যেনে- চেলমনৰ নিচিনা তেলাল খাদ্য খোৱা ইত্যাদিয়ে নতুন স্নায়ু কোষৰ উৎপাদন বৃদ্ধি কৰে। আনহাতে, অধিক চৰ্বিযুক্ত (বিশেষকৈ সম্পৃক্ত চৰ্বিযুক্ত) খাদ্য, ট্ৰেন্স ফেটযুক্ত খাদ্যই নতুন স্নায়ুকোসৰ উৎপাদন হ্ৰাস কৰে। মদ্যমানেও এই প্ৰক্ৰিয়া স্তিমিত কৰে। অৱশ্যে ৰেছভেৰা’ট্ৰল(Resveratrol) যুক্ত ৰঙা মদে(red wine) স্নায়ুকোষৰ ৰক্ষণাবেক্ষণত সহায় কৰে। জাপানীসকলে খাদ্যৰ গঠন(texture)ৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁলোকৰ মতে, কোমল খাদ্যই স্নায়ুক উৎপাদনত বাধা জন্মায়। আনহাতে, চোবাই চোবাই খাবলগীয়া মচমচীয়া খাদ্যই স্নায়ুকোষ উৎপাদনত সহায় কৰে। যদি দীৰ্ঘদিন সক্ৰিয় মস্তিষ্ক লৈ জীয়াই থাকিব খোজে তেনেহ’লে কম পৰিমাণে খাওক, চৰ্বনীয় খাদ্য খাওক, খেলা-ধূলা কৰক, ব্যায়াম কৰক আৰু শিক্ষণ প্ৰক্ৰিয়া অব্যাহত ৰাখক। এই বিলাকে নতুন স্নায়ুকোষ উৎপাদনত অৰিহণা যোগায়।

লেখক: ডাঃ জীৱন দত্ত বৰুৱা(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate