মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / বৃদ্ধাৱস্থাৰ সমস্যা আৰু যতন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৃদ্ধাৱস্থাৰ সমস্যা আৰু যতন

বৃদ্ধাৱস্থাৰ সমস্যা আৰু যতনৰ বিষয়ে লিখা হৈছে

বৃদ্ধাৱস্থালৈ গতি কৰাটো একধৰণৰ শাৰীৰিক, মানসিক তথা সামাজিক পদ্ধতি। বৃদ্ধাৱস্থা এক সার্বজনীন সত্য আৰু ইয়াক কোনেও উলাই কৰিব নোৱাৰে। যোৱা প্রায় তিনিটা দশকৰ পৰা বৃদ্ধসকলৰ স্বাস্থ্য সম্বন্ধে সকলো সজাগ হৈ পৰিছে।

বৃদ্ধসকলে জীৱনৰ এই কালছোৱাত সঘনে মুখামুখি হোৱা ৰোগসমূহ

 

  • দৃষ্টিশক্তিৰ বিসংগতি, যেনে— কেটেৰেক্ট, গ্লুক'মা, চকুৰ ৰেটিনাত হোৱা বিসংগতি।
  • শ্রবণ শক্তিৰ বিসংগতি।
  • শ্বাস-প্রশ্বাসৰ বিসংগতি, যেনে— এষ্ঠমা, ব্রংকাইটইছ।
  • চলাচলৰ বিসংগতি, যেনে— বাতবিষ, হাড়ৰ জোৰাৰ বিষ ইত্যাদি।
  • দাঁতৰ সমস্যা।
  • উচ্চ ৰক্তচাপজনিত নানান অসুখ।
  • এলঝেইমাৰ।
  • বহুমুত্ৰ ৰোগ তথা আনুষংগিক অসুবিধাসমূহ।
  • পুষ্টিহীনতা, আভোক, বদহজম।
  • কাহ-কফৰ দ্বাৰা সহজে আক্ৰান্ত হোৱা।
  • নিদ্ৰাহীনতা।
  • সাধাৰণ দুর্বলতা।

বৃদ্ধ অৱস্থাত দেখা পোৱা সাধাৰণ লক্ষণসমূহ

 

  • পাহৰি যোৱা, স্মৃতি বিভ্ৰম হোৱা।
  • অতিমাত্ৰা দেহৰ ওজন হ্রাস হোৱা আৰু খাদ্য অভ্যাস সলনি হোৱা।
  • নিঃসংগ অনুভৱ আৰু হতাশাগ্ৰস্ততা।
  • নিয়মীয়াকৈ ঔষধ খোৱাত অসুবিধা।
  • নিজকে পৰিষ্কাৰ কৰি ৰখাত অপাৰগতা।
  • আনৰ লগত মিলা-মিচা কৰিবলৈ অনিচ্ছুক।
  • চিৰকলীয়া বিষ।
  • খোজ কঢ়াত অসুবিধা, ভাৰসাম্যহীনতা অথবা সঘনাই পৰি থকা।
  • নিজে গা-ধুবলৈ, ৰন্ধা-বঢ়া কৰিবলৈ অথবা অন্যান্য দৈনন্দিন কামবোৰ সমাধা কৰিবলৈ অসুবিধা পোৱা।

বৃদ্ধ পিতৃ-মাতৃৰ যত্ন ল’বলৈ হ’লে তেওঁলোকৰ লগত মুকলিকৈ আলোচনা কৰিব লাগিব। তেওঁলোকে কি আশা কৰে, কিহলৈ ভয় কৰে আৰু তেওঁলোকৰ ভৱিষ্যতৰ আঁচনি, তেওঁলোকৰ কি কি ভাল লাগে, কি বেয়া লাগে ইত্যাদিৰ বিষয়ে খুব সাৱধানতাৰে মুকলিকৈ তেওঁলোকৰ লগত কথা পাতি জানিবলৈ চেষ্টা কৰা উচিত।

কিছুমান নিৰ্দিষ্ট কাৰকে বৃদ্ধসকলৰ যত্ন কেনে হ’ব নির্ণয় কৰে-

 

খাদ্য আৰু পুষ্টি

সাধাৰণতে খাদ্য সম্ভাৰ বজাৰ কৰিবলৈ আৰু খাদ্য প্রস্তুত কৰিবলৈ তেওঁলোকে অসুবিধা পায় নেকি সেয়াও অৱগত হোৱা উচিত।

পৰিস্কাৰ-পৰিচ্ছন্নতা

পিতৃ-মাতৃয়ে গা ধুবলৈ, কাপোৰ পিন্ধিবলৈ বা চুলি আঁচুৰিবলৈ অসুবিধা পায় নেকি ? এই সকলোখিনি মন কৰিব লাগিব।

চিকিৎসা সম্বন্ধীয় যত্ন

পিতৃ-মাতৃৰ স্বাস্থ্য ৰক্ষার্থে প্রয়োজনীয় চিকিৎসা সেৱাৰ যত্নৰ বিষয়ে সজাগ থকা উচিত। এনে যত্ন প্রত্যেকৰে কাৰণে ভিন্ন হ’ব পাৰে।

গতিশীলতা

আপোনাৰ পিতৃ-মাতৃয়ে বিছনাৰ পৰা উঠা নমা কৰিবলৈ অথবা এটা কোঠালিৰ পৰা আন এটা কোঠালিলৈ, গা-ধোৱা ঘৰলৈ বাৰাণ্ডাখনলৈ ওলাই যাবলৈ অসুবিধা পায় নেকি? এই সকলোখিনি কৰিব লাগিব।

বর্তমান জীৱন-ধাৰণৰ পদ্ধতি য’ত নেকি ক্ষিপ্ৰ যান্ত্রিক সভ্যতা আৰু সদাব্যস্ত জীৱন-প্ৰণালীয়ে অভূতপূর্ব প্রভাৱ পেলাইছে, বৃদ্ধ পিতৃ-মাতৃসকলক যত্ন লওঁতেও তিনি প্রকাৰৰ পৰিলক্ষিত হয়। যেনে –

ঘৰুৱা যত্ন

এনে যত্নত ঘৰুৱাভাৱে কৰা নূন্যতম সহায়ৰ উল্লেখ কৰিব পাৰি। যেনে—দৈনন্দিন ব্যৱহাৰ কৰা কাপোৰ-কানি ধোৱা, থকা-শোৱা, খোৱা কোঠালি, আচবাব-পত্ৰ, বাচন-প্রয়োজন অনুসৰি ডাক্তৰৰ ওচৰলৈ লৈ যোৱা ইত্যাদিবোৰ কামৰ কাৰণে এগৰাকী সহায়কাৰীৰ প্রয়োজন হয়।

স্বতন্ত্ৰ যত্ন

এনে যত্নৰ ক্ষেত্ৰতো অৱসৰপ্রাপ্ত কিন্তু স্বনিৰ্ভৰশীল জ্যেষ্ঠ নাগৰিকসকলক বুজোৱা হয়। তেওঁলোকে স্বতন্ত্ৰভাৱে নিজৰ দৈনন্দিন কাম-কাজ সমাধা কৰাৰ উপৰি সামাজিক কামতো আত্মনিয়োগ কৰে। তেওঁলোকে নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল’ব পাৰে। প্রয়োজনীয় আহাৰ, দৰব নিয়মীয়াকৈ নিজেই গ্ৰহণ কৰে, বহুতে খোজ কাঢ়ে, ব্যায়াম কৰে, যোগ কৰে, আনকো কৰিবলৈ উপদেশ দিয়ে, স্বাস্থ্য ৰক্ষাৰ আন সৰু সৰু নিয়মবোৰো মানি চলে। ধৰক, ৰাতিপুৱা শুই উঠি সদায় কুহুমীয়া পানীহে খায়।

দীঘদিনীয়া যত্ন

এনে যত্ন ২৪ ঘন্টাৰ বাবে প্ৰয়োজন হোৱা সেৱাৰ কাৰণে বুজোৱা হয়। সাধাৰণতে পশ্চিমীয়া দেশত নাছিংহোমসমূহত এনে সেৱা উপলব্ধ হয়। আমাৰ অসমীয়া সমাজত আজিকালি কিছুমান এজেঞ্চি আছে, য'ত নেকি বৃদ্ধসকলক দিনে-ৰাতিয়ে শুশ্ৰূষা কৰাৰ কাৰণে পুৰুষ-মহিলা উভয় লিংগৰ শুশ্ৰূষাকাৰী উপলব্ধ। তেনে কিছুমান শুশ্ৰূষাকাৰীৰ কিছুমানৰ ইনজেকশ্যন, চেলাইন আদি দিব পৰাৰ অৰ্হতাও থাকে। সেয়েহে বৃদ্ধগৰাকীৰ দৈনন্দিন প্রয়োজনীয় সকলো যত্নই এওঁলোকে ল’ব পৰাৰ সক্ষমতা আছে। বয়সস্থ পিতৃ-মাতৃৰ যত্ন ল’বলৈ কিছুমান কথাত গুৰুত্ব দিব লাগে।

  • সর্বপ্রথমে বৃদ্ধ পিতৃ-মাতৃৰ স্বাস্থ্যৰ বুজ ল'বলৈ চিকিৎসকৰ ওচৰলৈ লৈ গৈ প্রয়োজনীয় সকলো পৰীক্ষা-নিৰীক্ষা কৰোৱা উচিত। তেতিয়াহে স্বাস্থ্যৰ বিসংগতি থাকিলে তাৰ শুদ্ধ চিনাক্তকৰণ হ'ব। উপযুক্ত যত্ন তেতিয়াহে সম্ভৱ হ’ব।
  • বৃদ্ধ পিতৃ-মাতৃৰ গতিশীলতা চিনাক্ত কৰক। তেওঁলোকে কিমান দূৰত্ব ভাগৰ নলগাকৈ খোজ কাঢ়িব পাৰে, নিজে এতিয়াও চাইকেল, গাড়ী, স্কুটাৰ সহায় নোহোৱাকৈ চলাব পাৰেনে ? নে তেওঁলোকক এতিয়া লাখুটি আদিৰ প্রয়োজন নেকি?
  • পৰিয়ালৰ আন সদস্যসকলৰ লগতে বৃদ্ধ পিতৃ-মাতৃৰ বাবে আপোনাৰ চিন্তা অথবা উদ্বেগ জনাওক।
  • আপোনাৰ বৃদ্ধ পিতৃ-মাতৃৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ আগতো তেওঁলোকৰ কাৰণে আপোনাৰ উদ্বিগ্নতা প্রকাশ কৰক।
  • তেওঁলোকৰ আপত্তিবোৰ মন দি শুনক, আবদাৰ কৰিবলৈকো সুযোগ দিয়ক।
  • তেওঁলোকৰ বাবে কিছু ত্যাগ কৰিবলৈ সাজু থাকক, যাতে পৰৱৰ্তী সময়ত আপুনি অনুতাপ কৰিবলগীয়া নহয়।
  • ডেকাকালত আপোনাৰ পিতৃ-মাতৃৰ যিবোৰ চখ আছিল, পাৰিলে আপুনি কৰি তেওঁলোকক আনন্দ দিয়ক। তেওঁলোকৰ ধুনীয়া ফুলনি বা শাকনি বাৰীখন আপুনিও যত্ন কৰি সজীৱ কৰি ৰাখক। এনে কৰিলে দুয়ো পক্ষৰে মনত আনন্দ থাকে।
  • তেওঁলোক যে আপোনালোকৰ কাৰণে বোজা বা আৱৰ্জনা নহয়, সেয়া কথাই, কামে কৰি দেখুৱাওক। তেওঁলোকৰ আত্মতুষ্টিয়ে আপোনাকো অধিক সন্তুষ্টি প্রদান কৰিব।

মনত ৰখা উচিত যিসকলে তোমাক সযতনে প্রতিপালন কৰি ডাঙৰ কৰিলে, তেওঁলোকৰ যত্ন লোৱাটো সকলোতকৈ ডাঙৰ সন্মান।

 

লেখিকা: ড° মিনতি ফুকন, অসম কৃষি বিশ্ববিদ্যালয়ৰ মানৱ বিকাশ আৰু পৰিয়াল অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপক।

2.95
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top