মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ভাত মহিলাৰ বাবে ক্ষতিকাৰক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভাত মহিলাৰ বাবে ক্ষতিকাৰক :

ভাত মহিলাৰ বাবে ক্ষতিকাৰক, সেই বিষয়ে লিখা হৈছে ।

 

ভাতৰ অবিহনে আমাৰ সকলোৰে খাদ্য তালিকা যেন অসম্পূৰ্ণ। দেশৰ সৰহসংখ্যক মানুহৰে প্ৰধান খাদ্য ভাত। আৰু সেই ভাতেই এতিয়া আমাৰ সমস্যা হৈ পৰিছে। গৱেষণাত প্ৰমাণ হৈছে যে, ভাতৰ এক ক্ষতিকাৰক উপাদান থাকে যিয়ে মহিলাৰ মেন’পজৰ সময়সীমা দ্ৰুতগতিত চমুৱাই আনে। অৰ্থাৎ সঠিক সময়ৰ পূৰ্বেই মহিলাসকল মেন’পজৰ সন্মুখীন হয়। ইতিমধ্যে ওজন বৃদ্ধিকাৰক হিচাপে ভাতৰ স্থান শীৰ্ষত সেই কথা আমি সকলোৱে জানো। কেৱল ভাতেই নহয় কাৰ্বহাইড্ৰেটযুক্ত যিকোনো উপাদান এই তালিকাত অন্তৰ্ভুক্ত। আনকি পাস্তাও ওজন বৃদ্ধিৰ কাৰক বুলি জাৰ্নাল অব এপিডেমিঅ’লজি এণ্ড কমিউনিটী হেলথৰ গৱেষণাত প্ৰকাশিত। সম্প্ৰতি ১৪,১৫০ গৰাকী মহিলাক লৈ চলোৱা এক গৱেষণাত প্ৰকাশিত তথ্য অনুসৰি কম বয়সতে মেন’পজৰ বহু কাৰণ থাকিব পাৰে। তাৰ ভিতৰত বংশগত কাৰণটি অন্যতম বুলি কোৱা হয় যদিও গৱেষকসকলে এতিয়া ইয়াৰ অন্যতম কাৰণ ‘ডায়েট বা খাদ্যপ্ৰণালী বুলিহে ক’ব খোজে। কিন্তু খাদ্য তালিকাত অতিৰিক্ত কাৰ্বহাইড্ৰেট সংযোজনৰ ফলত মেন’পজ প্ৰায় এবছৰ পৰ্যন্ত আগতীয়াকৈ হ’ব পাৰে। আন এক গৱেষকে জানিবলৈ দিয়ে যে, সঠিক সময়ৰ পূৰ্বে মেন’পজ হ’লে মহিলাসকলৰ শৰীৰত একাধিক সমস্যাই দেখা দিয়ে। হাৰৰ ক্ষয় জাতীয় ৰোগো হ’ব পাৰে। আনহাতেদি নিৰ্দিষ্ট সময়ৰ পাচত অৰ্থাৎ দেৰিকৈ হোৱা মেন’পজে মহিলাৰ শৰীৰত কেন্সাৰৰ দৰে দুৰাৰোগ্য ৰোগৰ আশংকা বৃদ্ধি কৰে।

উৎস: সাদিন

2.94117647059
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top