অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মইশ্চাৰাইজাৰৰ পৰা সাৱধান

মইশ্চাৰাইজাৰৰ পৰা সাৱধান

চমু বিৱৰণ

আপোনাৰ যদি বহুত বেছি মইশ্চাৰাইজাৰ ব্যৱহাৰৰ অভ্যাস এটা গঢ়ি উঠিছে, তেন্তে সেই অভ্যাস পৰিহাৰ কৰিবলৈ চেষ্টা কৰক। অতিমাত্ৰা মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰা নতুবা ক্ষতিকাৰক উপাদান থকা মইশ্চাৰাইজৰ ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ শৰীৰত বহুতো পাৰ্শ্ব প্ৰতিক্ৰিয়াই দেখা দিব পাৰে।

অতিমাত্ৰা মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰাটো কিমান বিপজ্জনক

খজুৱতী (ইৰিটেছন):

১৯৯৯ চনতে কৰা গৱেষণামতে জনা গৈছিল যে, স্বাভাৱিক ছালখনত দৈনিক মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিলে ছালখনৰ স্বাভাৱিক কাম-কাজত বাধাৰ সৃষ্টি হয় আৰু যন্ত্ৰণাদায়ক পদাৰ্থৰ প্ৰতি ছালখনৰ সংবেদনশীলতা, সচেতনতা বাঢ়ে। তদুপৰি এইটোও প্ৰতীয়মান হৈছে যে, মইশ্চাৰাইজাৰবোৰত যি ছ’ডিয়াম লৰেল ছালফেট থাকে, সেইবোৰে ছালখনৰ পানী বা আৰ্দ্ৰতাক শুকুৱাই পেলায়; ইয়াৰ পৰিণতিত ছালখনৰ জ্বলা-পোৰা ধৰণৰ যন্ত্ৰণাবোৰ বৃদ্ধি পায়।

ফলিকিউলিটিছ:

চুলিৰ গুৰিত থকা কোষ বা ফলিকিউলবোৰৰ বিষ-বেদনাকেই ফলিকিউলিটিছ বুলি কোৱা হয়। বেক্টেৰিয়া অথবা ভাইৰাছবোৰৰ বাবেই ফলিকিউলিটিছ ৰোগটো হয়। হাত, ভৰি, পিঠি অথবা নিতন্বত থকা চুলিৰ ফলিকলৰ চাৰিওপিনে বগা মূৰ বা আগ থকা পিম্পল বা ক্ষুদ্ৰ শালমন হয় বা ৰঙা পৰি ফুলি উঠে। জনা গৈছে যে,  মইশ্চাৰাইজাৰত ভিটামিন ই লিনোলিয়েট থাকে, সেইবোৰে ফলিকলৰ সংস্পৰ্শলৈ আহিলে ডাৰ্মাটাইটিছ বা চৰ্মৰোগৰ সৃষ্টি কৰে।

এলাৰ্জিক কন্টাক্ট ডাৰ্মাটাইটিছ:

জনা গৈছে যে, মইশ্চাৰাইজাৰৰ দৰে প্ৰসাধন সামগ্ৰীসমূহেই এলাৰ্জিক কন্টাক্ট ডাৰ্মাটাইটিছ ৰোগৰ প্ৰধান কাৰণ। মইশ্চাৰাইজাৰক নিৰাপদ বুলি ধৰিলেও কিছুমান ক্ষেত্ৰত এলাৰ্জিক হৈ উঠে। বেছিভাগ মইশ্চাৰাইজাৰত সুগন্ধি কিছুমান থাকে। এই সুগন্ধিবোৰেই হ’ল এলাৰ্জিক সৃষ্টি কৰা এক প্ৰধান উপাদান।

কন্টাক্ট আৰ্টিকেৰিয়া:

কেতিয়াবা মইশ্চাৰাইজাৰ ব্যৱহাৰৰ ফলত খুব দ্ৰুত গতিৰে শৰীৰৰ কিছুমান অংশত এলাৰ্জিৰ সৃষ্টি হয়। এলাৰ্জি হোৱা অংশবোৰ ৰঙা পৰি ফুলি উঠে, কাৰণ আপুনি ব্যৱহাৰ কৰা মইশ্চাৰাইজাৰবিধত এলাৰ্জি সৃষ্টিকাৰী কিছুমান উপাদান থাকে। সেইকাৰণে মইশ্চাৰাইজাৰ কিনাৰ সময়ত টেমা বা বটলটোৰ ওপৰত থকা লেবেলটো ভালকৈ পঢ়ি চাব।

মইশ্চাৰাইজাৰত তিনি ধৰণৰ উপাদান ব্যৱহাৰ কৰা হয়-Occlusives, Hurnectants আৰু Emollients (অকাল্‌ছিভ, হিউমাক্‌টেন্ট আবহু ইম’লিয়েন্ট)। অকাল্‌ছিভ আৰু ইম’লিয়েন্ট নামৰ উপাদান দুবিধে ছালখনক কোমল কৰি তোলাত সহায় কৰে। অকালছিভ হৈছে এবিধ ডাঠ পেট্ৰলিয়াম জেলি; ই ছালৰ ওপৰৰ স্তৰটোত কাম কৰে আৰু আৰ্দ্ৰতাক ধৰি ৰাখে। আনহাতে, ইম’লিয়েন্ট নামৰ উপাদানবিধ হৈছে ফেটি এচিড (তেল আৰু লিপিড’ আৰু ডাঠ ষ্টিয়াৰিক এছিডৰ মিশ্ৰণ) যি ছালখনৰ পুনৰ নিৰ্মাণত সহায় কৰে। ক্ৰীমৰ দৰে মইশ্চাৰাইজাৰবোৰত ইম’লিয়েন্ট উপাদানবিধ অধিক পৰিমাণে থাকে।

হিউমাক্‌টেন্ট (পান্থেনল, গ্লিচাৰিন আদিৰ সংমিশ্ৰণ) নামৰ উপাদানবিধে ছালৰ গভীৰ স্তৰৰ পৰা মইশ্চাৰাইজাৰক টানি ওপৰৰ স্তৰলৈ লৈ আনে। আৰ্দ্ৰ বা সেমেকা জলবায়ুত হিউমাক্‌টেন্ট থকা মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিলে আপোনাৰ ছালখনত থকা পানীভাগ বৃদ্ধি পাব, কাৰণ হিউমাক্‌টেন্ট নামৰ উপাদানবিধে বায়ুৰ পৰাও আৰ্দ্ৰতা বা জলীয় বাষ্পক শুহি থাকে। মইশ্চাৰাইজাৰ তৈয়াৰ কৰা ফৰ্মূলাটোত প্ৰধানকৈ এই তিনিবিধ উপাদানকেই ব্যৱহাৰ কৰা হয়। যিসকল ব্যক্তিৰ ছাল তৈলাক্ত বা তেলৰ পৰিমাণ বেছি, তেওঁলোকে জনা উচিত যে, অকালছি্‌ভ্‌ উপাদানবিধ খুব ডাঠ আৰু চৰ্বিযুক্ত হয়। সেয়ে তেনে লোকে অকালছি্‌ভ্‌ ব্যৱহাৰ কৰিলে বৰ সহজে ঘাম ওলোৱাটো বন্ধ হৈ যায়, যাৰ ফলত ব্ৰন বা শালমইনাৰ সৃষ্টি হয়।

উৎস: সাদিন ফিচাৰ্ছ।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate