অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মোহনীয় হাঁহিটোৰ অন্যতম সম্পদ দাঁত :

মোহনীয় হাঁহিটোৰ অন্যতম সম্পদ দাঁত :

 

মানৱ শৰীৰৰ ৭৯ টা প্ৰধান অংগৰ ভিতৰত এটা অংগ হৈছে দাঁত। এই দাঁতৰ সহায়ত আমি খোৱা খাদ্যসমুহক ক্ষুদ্ৰ অৱস্থালৈ ৰুপান্তৰ কৰো যাতে খাদ্যসমুহ সহজে পাকস্থলীয়ে হজম কৰিব পাৰে।

দাঁতৰ প্ৰকাৰ -

মানুহৰ দাঁতৰ প্ৰকাৰ চাৰিবিধ। যেনে:

১) আগদাঁত বা কৃন্তক দাঁত( Incisors)

২) কুকুৰ দাঁত বা ছেদক দাঁত (Canines)

৩) অগ্ৰগামী দাঁত বা পুৰপেষক দাঁত (Premolar)

৪) পেষক বা জামী দাঁত (Molar)

এই দাঁতসমুহৰ নিৰ্দিষ্ট কাৰ্য থাকে। আগদাঁতে খাদ্যবোৰ  সৰু সৰু টুকুৰালৈ ৰুপান্তৰিত কৰে। কুকুৰ দাঁতে খাদ্যবোৰ ছিঙে আৰু বাকী দুই প্ৰকাৰৰ দাঁতে খাদ্যবোৰ গুড়ি কৰে। এই দাঁতসমুহৰ শিপাবোৰৰ ওপৰত পাৰিত (মেকজিলা), সোলাও সোমাই থাকে আৰু তলৰ পাৰিত (Mandible) মেনডিবোলত সোমাই থাকে।

দাঁতৰ তৰপ -

এটা দাঁতত বিভিন্ন প্ৰকাৰৰ তৰপ থাকে। সেইসমুহক বিশেষত: তিনি প্ৰকাৰত বিভক্ত কৰিব পাৰি। যেনে-

ক) (Crown) মুখৰ ভিতৰত আমি সহজে দেখা পোৱা দাঁতসমুহ

খ) (Neck) দেখা পোৱা আৰু দেখা নোপোৱা দাঁতৰ মাজৰ ভাগ,

গ) (Root) আলুৰ ভিতৰত সোমাই থকা আমি চকুৰে নেদেখা অংশ।  Crown ৰ একেবাৰে ওপৰৰ অংশক Cramel  বুলি কোৱা হয়, যিটো মানৱ শৰীৰৰ আটাইতকৈ টান সম্পদ। এনেস্থলত পিচত ক্ৰমান্বয়ে Dentin, Cemtum, Dental pulp  । মানৱ শৰীৰত দুইধৰণৰ দাঁত দেখা যায়। তাৰে এটা হ’ল গাখীৰ খোৱা দাঁত (Deciduous)। কিছুসংখ্যক নৱজাতকৰ ক্ষেত্ৰত ছমাহৰ ভিতৰত যি দাঁত গজা দেখা যায়, তাক Natal teeth  বুলি কোৱা হয়। দৰাচলতে শিশুৰ ছমাহ পাৰ হোৱাৰ পিচতহে গাখীৰ খোৱা দাঁতবোৰ গজিবলৈ আৰম্ভ কৰে আৰু এই কালছোৱাত কণমানিসকলৰ এটা মৃদু বিষ অনুভৱ কৰে। ওপৰৰ দহটা আৰু তলৰ দহটা দাঁতৰ সৈতে বিশটা দাঁত ভৱিষ্যতে যেতিয়া সৰিবলৈ ধৰে, তাৰ পিচত সেই ঠাইতে আকৌ নতুন দাঁত গজে। ইয়াকে স্থায়ী দাঁত বোলে (Permanent teeth)। স্থায়ী দাঁতৰ ওপৰৰ পাৰিত ষোল্লটা আৰু তলৰ পাৰিত ষোল্লটা, মুঠতে বত্ৰিশটা দাঁত গজে। কোনো কোনো লোকৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰমো দেখা পোৱা যায়। যদি বত্ৰিশটাতকৈ বেছি দাঁত হয়, তেতিয়া তাক Hyperdontia   বুলি কোৱা হয় আৰু যদি কম দাঁত থাকে, তেতিয়া তাক Hypodontia বুলি কোৱা হয়।

কৰণীয় -

কোনোধৰণৰ দাঁতৰ ৰোগ হোৱা বুলি জানিলে সাধাৰণ ব্যক্তি হিচাপে আমি বিশেষজ্ঞৰ পৰা সু-পৰামৰ্শ আৰু সু-চিকিৎসা লোৱাৰ উপৰি দৈনন্দিন জীৱনত দাঁতক যত্ন ল’বলগীয়া শৈলী দুটামান আহৰণ কৰা অতি আৱশ্যকীয়। মুলতে মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি ৰখা আৰু দৈনন্দিন দুবাৰকৈ দাঁত মজা উচিত। এবাৰ পুৱা আৰু এবাৰ ৰাতি আহাৰ গ্ৰহণ কৰাৰ পিচত। যিকোনোধৰণৰ লিকটীয়া বা মিঠা বস্তু খোৱাৰ পিচত মুখখন ভালকৈ ধুব লাগে দাঁতৰ ফাঁকত কোনোধৰণৰ খাদ্যবস্তু সোমাই নাথাকে। আঁহ বা ফাইবাৰযুক্ত আহাৰ খোৱাটো বাঞ্চনীয়। টেঙা (ভিটামিন চি) জাতীয় খাদ্য আৰু লগতে কেলচিয়ামযুক্ত আহাৰ খোৱাটি প্ৰয়োজনীয়। কিন্তু ভিটামিন চি আৰু কেলচিয়াম একেলগে সেৱন কৰিব নালাগে। প্ৰয়োজনসাপেক্ষে দাঁতৰ বিশেষজ্ঞৰ লগত কমেও বছৰি এবাৰকৈ দন্ত পৰীক্ষা (Oral Check up) কৰোৱা প্ৰয়োজন। এজন সুস্থ মুখৰ আৰু দাঁতৰ গৰাকীয়ে নিজকে বহু ৰোগৰ পৰা বচাই ৰখাৰ লগতে জগত জিনিব পৰা এটা হাঁহিৰ অধিকাৰী হ’ব পাৰে।

সমস্যা -

গতিকে যদি এই সাধাৰণ বিধিসমুহ পালন কৰি দাঁতৰ যত্ন ল’ব নোৱাৰে, তেনেহ’লে আমি বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। যেনে- দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা, মুখৰ দুৰ্গন্ধ, দাঁতৰ সিৰসিৰনি, আলু ক্ষয় হোৱা, আলু ফুলা আৰু আলুত পাথৰ জমা হোৱাকে ধৰি বিভিন্ন সমস্যাই দেখা দিব পাৰে। এই গোটেইখিনিকে পায়েৰিয়া (Peridontis) বোলা হয়। দ্বিতীয়তে, Caries (Cavities) বা দাঁতত ফুটা হোৱাৰ লগতে দাঁতৰ বিষ হোৱা দেখা যায়। ইয়াৰ লগতে দাঁত গজাৰ সময়ত হোৱা কিছু তাৰতম্যৰ বাবে দাঁতৰ এনামেল ক্ষয় হোৱা, দাঁতৰ ৰং সলনি হোৱা, দাঁতৰ কিছু অংশ ক্ষয় হোৱা, দাঁতৰ গঠন আৰু দাঁতৰ আকৃতিত কিছুমান অস্বাভাৱিক পৰিবৰ্তন দেখা যায়। তদুপৰি আমাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সজাগতাৰ অভাৱত বহুতো সমস্যাই দাঁত আৰু মুখমণ্ডলত দেখা  দিয়ে।

লেখিকা: ডা: জয়শ্ৰী পাঠক (দেওবৰীয়া সম্ভাৰ)

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate