অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানৱ দেহক সুস্থ ৰখাত কিডনীৰ ভূমিকাঃ

মানৱ দেহক সুস্থ ৰখাত কিডনীৰ ভূমিকাঃ

চমু বিৱৰণ

মানৱ দেহৰ এটি লাগতিয়াল উল্লেখযোগ্য অংগ হ’ল কিডনী। ইয়াৰ আকৃতি এটি বীনৰ দৰে আৰু ই ৰঙা বাদামী ৰঙৰ। এজন প্ৰাপ্তবয়স্ক লোকৰ কিডনী সাধাৰণতে ১০ চেঃমিঃ দীঘল, ৫ চেঃমিঃ প্ৰস্থ আৰু ৪ চেঃমিঃ মোটা হয়। প্ৰত্যেক কিডনীৰ ওজন ১৫০-১৭০ গ্ৰাসৰ ভিতৰত থাকে। আমাৰ দেহত থকা দুটা কিডনীকে এজন মাষ্টাৰ কেমিষ্টৰ লগত তুলনা কৰিব পাৰি। এই কিডনীয়ে দিনে-ৰাতিয়ে কাম-কাজ কৰি আমাক সুস্থ ৰাখে। অতি দুখৰ বিষয় বৰ্তমান কিডনীৰ ৰোগ দিনে দিনে বাঢ়ি গৈ আছে। শেহতীয়া তথ্য মতে ভাৰতবৰ্ষত বৰ্তমান কিডনী ৰোগীৰ সংখ্যা ১০ কোটিৰ ওপৰত। প্ৰথম অৱস্থাত কিডনীৰ ৰোগ ধৰা পৰিলে উন্নত চিকিত্সা পদ্ধতি, উন্নতমানৰ ঔষধ, খাদ্য নিয়ন্ত্ৰণৰ দ্বাৰা সম্পূৰ্ণ ভাল কৰিব পৰা যায়। শেষ অৱস্থাত কিডনী ফেইলৰ হ’লে যি চিকিত্সা কৰিবলগীয়া হয় সেয়া অত্যন্ত দামী চিকিত্সা। সাধাৰণ মানুহৰ কথা বাদ, আনকি উচ্চ মধ্যবিত্ত লোকৰ বাবেও সেয়া সম্ভৱ নহয়। চিকিত্সা যে সম্পূৰ্ণ সফল হ’ব সেয়া কোনা চিকিত্সকে ক’ব নোৱাৰে। এই লেখাত কিডনীৰ প্ৰধান কাম তেজ শোধন, মূত্ৰ উত্পাদন, শৰীৰৰ বিভিন্ন উপাদানৰ ভাৰসাম্য ৰক্ষা কৰা সম্পৰ্কে চমুকৈ উল্লেখ কৰা হ’ল।

কিডনীৰ গুৰুত্বঃ

প্ৰত্যেক মানুহৰ আহাৰৰ প্ৰকাৰ আৰু মাত্ৰা প্ৰতিদিন পৰিৱৰ্তন হয়। বিভিন্ন আহাৰৰ বৈচিত্ৰ্যৰ বাবে আমাৰ দেহৰ পানী-অম্ল-ক্ষাৰৰ মাত্ৰাৰো নিৰন্তৰ পৰিৱৰ্তন হয়। আমি নানা ধৰণৰ খাদ্য গ্ৰহণ কৰো আৰু এইবোৰৰ পচন প্ৰক্ৰিয়াৰ সময়ত লাগতিয়ালৰ লগতে বহু অলাগতিয়াল পদাৰ্থ উত্পন্ন হয়। দেহৰ পানী-অম্ল বা ক্ষাৰৰ লগে লগে অন্যান্য ৰাসায়নিক পদাৰ্থৰ মাত্ৰাৰ ভাৰসাম্য নষ্ট নহ’লে আমাৰ বাবে ক্ষতিকৰ বা মৃত্যুৰ কাৰণো হ’ব পাৰে।

কিডনীৰ প্ৰধান কামঃ

(১) তেজৰ পৰিশোধনঃ আপুনি জানি আচৰিত হ’ব যে কিডনীয়ে বিৰামহীনভাৱে দিনে-ৰাতিয়ে নীৰৱে তেজক পৰিষ্কাৰ কৰি জঞ্জালকাৰী দেহৰ অনিষ্টকাৰী পদাৰ্থক প্ৰস্ৰাৱৰ দ্বাৰা বাহিৰ কৰি দি আপোনাক সুস্থ ৰাখে।

(২) পানীৰ ভাৰসাম্যঃ দেহৰ পানীৰ ভাৰসাম্য কিডনীয়ে সকলো সময়তে বজাই ৰাখে। শৰীৰত পানীৰ পৰিমাণ কমি গ’লে যেনে ক্ষতিকাৰক, ঠিক তেনেদৰে অতিৰিক্ত পানীয়েও সমানে ক্ষতিকাৰক। আমাৰ শৰীৰৰ মূত্ৰাশয়ত ৩০০-৪০০ মিঃলিঃ মূত্ৰ জমা হয়, তেতিয়াই আমাৰ প্ৰস্ৰাৱ লাগে আৰু মূত্ৰনলীৰ দ্বাৰা মূত্ৰ শৰীৰৰ পৰা বাহিৰ হৈ যায়।

(৩) এচিড আৰু অম্লৰ ভাৰসাম্য বজাই ৰখাঃ আমাৰ শৰীৰত থকা ছডিয়াম-পটাছিয়াম-ক্ল’ৰাইড-মেগনেচিয়াম-ফছফেট-বাইকাৰ্বনেট ইত্যাদিৰ মাত্ৰা সঠিক ৰখাৰ যি জটিল কাম তাক কিডনীয়ে নিয়াৰিকৈ সম্পন্ন কৰি আমাক নিৰোগী কৰি ৰাখে। যদি বিভিন্ন কাৰণত ছডিয়ামৰ মাত্ৰা কমি বা বাঢ়ি যায়, তেনেহ’লে ইয়াৰ প্ৰভাৱ মস্তিষ্কত পৰে। আনফালে পটাছিয়ামৰ মাত্ৰা কমা বা বঢ়াৰ বাবে হৃদযন্ত্ৰ বা স্নায়ুতন্ত্ৰৰ গতিবিধিৰ ওপৰত প্ৰভাৱ পৰিব।

(৪) ৰক্তচাপৰ নিয়ন্ত্ৰণঃ কিডনীয়ে বহু ধৰণৰ হৰম’ন নিঃসৰণ কৰে যেনে- এনজিঅ’টেনচিন-এলডোষ্টেৰন প্ৰোষ্টাগ্লানডিন ইত্যাদি। এই হৰম’নবোৰৰ দ্বাৰা আমাৰ শৰীৰৰ পানীৰ মাত্ৰা অম্ল আৰু ক্ষাৰৰ ভাৰসাম্য বজাই ৰাখি শৰীৰৰ ৰক্তচাপ বজাই ৰখাৰ কাম নিয়াৰিকৈ সম্পাদন কৰে।

(৫) ৰক্তকণিকা উত্পাদনঃ তেজত থকা লোহিত ৰক্তকণিকাৰ দ্বাৰা সৃষ্ট এৰিথ্ৰোপায়েটিন হৰম’নৰ সহায়ত অস্থিমজ্জা সৃষ্টি হয়। উপৰিউক্ত হৰম’ন কিডনীৰ দ্বাৰা প্ৰস্তুত হয়। কিডনী বিফল হ’লে এই হৰম’নৰ নিঃসৰণ কমি যায় বা সম্পূৰ্ণ বন্ধ হৈ যায়, যাৰ বাবে তেজ কমি এনিমিয়া হয়।

(৬) হাড়ৰ স্বাস্থ্যঃ সক্ৰিয় ভিটামিন ‘ডি’ তৈয়াৰ কৰাত কিডনীয়ে এক সক্ৰিয় ভূমিকা পালন কৰে। এই ভিটামিনে শৰীৰৰ কেলছিয়াম আৰু ফছফৰাছৰ জৰুৰী মাত্ৰা বজাই ৰাখি দাঁত আৰু হাড়ৰ স্বাস্থ্য অটুট ৰাখে।

মূত্ৰ কেনেকৈ উত্পন্ন হয়ঃ

আমাৰ শৰীৰত কিমান পৰিমাণৰ মূত্ৰ উত্পন্ন হ’ব সেয়া নিৰ্ভৰ কৰে আমি কিমান পানী গ্ৰহণ কৰো-শৰীৰৰ পানীৰ মাত্ৰা-শৰীৰৰ হৰম’নৰ মাত্ৰাৰ ওপৰত, কিডনীৰ সুস্থতাৰ ওপৰত। কিডনী অসুস্থ হ’লে আৰু জি এফ আৰ (Glomerular Filtration Rate) কমি যায় তেনেহ’লে মূত্ৰৰ উত্পাদন কমি যায়। দুয়োটা কিডনীলৈ প্ৰতি মিনিটত ১২০০ মিঃ লিঃ তেজ পৰিস্ৰুত হ’বলৈ প্ৰৱেশ কৰে। এনেদৰে ২৪ ঘণ্টাত ১৭,২৮০ লিটাৰৰ প্ৰায় ১৭ লিটাৰ তেজ পৰিস্ৰুত হয়।

১২০০ x ৬০x ২৪  =  ১৭,২৮০ লিটাৰ।

প্ৰস্ৰাৱৰ মাত্ৰাঃ

প্ৰস্ৰাৱৰ পৰিমাণ পানী গ্ৰহণ আৰু আৱহাৱাৰ ওপৰত নিৰ্ভৰ কৰে।

এজন সুস্থ ব্যক্তিয়ে যদি পানী একেবাৰে কম গ্ৰহণ কৰে, তেনেহ’লে তেওঁৰ মূত্ৰ গাঢ় হৈ পৰিব। এজন সুস্থ ব্যক্তিয়ে যদি দিনটোৰ ভিতৰত ৫০০ মিঃ লিঃ মূত্ৰ ত্যাগ কৰে তেওঁৰ শৰীৰৰ পৰা দূষিত পদাৰ্থ বাহিৰ কৰিবলৈ যথেষ্ট। বেছি পানী গ্ৰহণ কৰিলে প্ৰস্ৰাৱৰ বেগ অধিক হয় আৰু প্ৰস্ৰাৱৰ ৰং পাতলীয়া হয়। গ্ৰীষ্মকালত আমাৰ শৰীৰৰ পৰা ঘাম যথেষ্ট পৰিমাণে বাহিৰ হৈ যায় বাবে প্ৰস্ৰাৱৰ পৰিমাণ কমি যায়। আনফালে শীতত ঘাম কম হয় বাবে প্ৰস্ৰাৱৰ মাত্ৰা বাঢ়ি যায়।

কিডনীৰ ৰোগ নিৰ্ণয় কৰিবলৈ বহু ধৰণৰ পৰীক্ষা কৰাৰ ব্যৱস্থা আছে যদিও আমি সাধাৰণভাৱে ঘৰতে এটি প্ৰমাণ চাব পাৰো আচলতে কিডনী ঠিক আছে নে নাই। এজন সুস্থ মানুহে যদি নিয়মীয়াকৈ পানী গ্ৰহণ কৰাৰ পাছতো ৫০০ মিঃ লিঃ অৰ্থাত্ আধা লিটাৰতকৈ কম প্ৰস্ৰাৱ হয় নাইবা ৩,০০০ মিঃ লিঃ বা ৩ লিটাৰতকৈ বেছি হয় তেনেহ’লে তেওঁ বুজিব লাগিব যে তেওঁৰ কিডনীত ৰোগৰ লক্ষণ দেখা দিছে। অলপো সময় নষ্ট নকৰি নেফ্ৰোলজিষ্ট বা ইউৰোলজিষ্টৰ ওচৰলৈ গৈ তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰি চিকিত্সাৰ ব্যৱস্থা কৰিব লাগে। বহুতে এই দুই বিশেষজ্ঞৰ মাজৰ পাৰ্থক্য বুজিব নোৱাৰে। সাধাৰণতে কিডনী বিশেষজ্ঞ চিকিত্সকক নেফ্ৰোলজিষ্ট বুলি কোৱা হয়। যিয়ে ঔষধৰ দ্বাৰা চিকিত্সা আৰু ডায়েলেছিছৰ দ্বাৰা তেজ পৰিশোধন কৰে। আনফালে কিডনী বিশেষজ্ঞ ছাৰ্জনক ইউৰোলজিষ্ট বুলি কোৱা হয়- যিয়ে ছাৰ্জাৰীৰ দ্বাৰা চিকিত্সা কৰে।

সনাতন ডেকা

উত্সঃ অসমীয়া খবৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate