অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেদবহুলতা আৰু নিউট্ৰিজিন’মিকছ’ :

মেদবহুলতা আৰু নিউট্ৰিজিন’মিকছ’ :

 

বৰ্তমান নৱপ্ৰজন্মৰ হতাশাৰ এটি প্ৰধান কাৰক হৈছে মেদবহুলতা। মেদবহুলতাই বহুতৰ জীৱনলৈ অন্ধকাৰ নমাই আনে। বহুতে নিজৰ শৰীৰটোক লৈ হীনমন্যতাত ভোগে। এই মেদবহুলতাৰ বহুতো কাৰক আছে, যেনে- জীৱনশৈলী, খাদ্যৰ বাছনি, ব্যায়াম, খাদ্য গ্ৰহণৰ সময় ইত্যাদি। এইবোৰৰ উপৰি মেদবহুলতাত প্ৰভাৱ পেলোৱা অন্য এক কাৰক হৈছে জিন। মানৱ স্বাস্থ্যৰ লগত জিন আৰু পৰিৱেশৰ সম্পৰ্ক ওতপ্ৰোত। আজি খাদ্য আৰু জিনৰ সম্পৰ্ক আলোচনা কৰিম এই লেখাটোত।

ইতিমধ্যে আমি গম পাইছোঁ যে খাদ্য আৰু জীৱনশৈলী হৈছে এক বাহ্যিক কাৰক যিয়ে মেদবহুলতাত অৰিহণা যোগায়। জিন হৈছে বংশগতিৰ বাহক ডি এন এৰ এক অংশ, যাৰ বাবেও বেলেগ বেলেগ ব্যক্তিৰ শৰীৰত খাদ্য আৰু মেদবহুলতাৰ প্ৰভাৱ ভিন্ন হয়। একে আৰু সমানুপাতৰ খাদ্য গ্ৰহণ কৰাৰ পিছতো কিছুমান ব্যক্তিৰ ওজন বাঢ়ে আৰু কিছুমানৰ নাবাঢ়ে। ইয়াৰ প্ৰধান কাৰণ হৈছে জিন আৰু জীৱনশৈলী। এই খাদ্যৰ লগত জিনৰ সম্পৰ্ক অধ্যয়নেই হৈছে নিউট্ৰিজিন’মিকাছ। ই বৰ্তমান খাদ্য বিশেষজ্ঞসকলৰ মাজত অতিকৈ জনপ্ৰিয়। নিউট্ৰিজিন’মিকছৰ মতে বৰ্তমানলৈকে মেদবহুলতাৰ লগত জড়িত ২০০-৩০০ জিন আৱিষ্কাৰ কৰা হৈছে। ইয়াৰ ভিতৰত FTO  আৰু  MC4R জিনৰ ওপৰত অধ্যয়ন বেছিকৈ কৰা হয়। এই জিনৰ ৰিস্ক ভেৰিয়েণ্ট থকা ব্যক্তিসকলে অলপ খালেই সন্তুষ্টি নহয়। অৰ্থাৎ তেওঁলোকৰ ভোক বেছিকৈ লাগে আৰু সন্তুষ্ট দেৰিকৈ হয়। ইয়ে মেদবহুলতাত অৰিহণা যোগায়। মেদবহুল ব্যক্তিসকল বহু সময়ত হতাশাতো ভোগা দেখা যায়। বহুতে ব্যক্তিগৰাকীক মেদবহুলতাৰ বাবে দায়ী কৰে। কিন্তু ই সত্য নহয়। প্ৰকৃততে মেদবহুল ব্যক্তিসকল, তেওঁলোকে তেওঁলোকৰ জিনৰ ভুক্তভোগী। এই জিনবোৰ এসময়ত আমাৰ পুৰ্ব-পুৰুষসকলৰ বাবে উপযোগী আছিল, কাৰণ এই জিনে শৰীৰৰ অতিৰিক্ত শক্তিবোৰ চৰ্বি হিচাপে সঞ্চয় কৰিছিল যাতে খাদ্যৰ নাটনিৰ সময়ত ই দেহত শক্তিৰ যোগান ধৰিব পাৰে। কিন্তু আজিৰ যুগত খাদ্যৰ নাটনি হোৱা দেখা নাযায় আৰু সেয়ে এই জিনবোৰ এজন ব্যক্তিৰ বাবে অভিশাপ হৈ পৰিছে।

মেদবহুলতাৰ লগত জড়িত কিছুমান লক্ষণ হৈছে -

১) ছেটাইটী (Satiety) কম হোৱা। ছেটাইটী হৈছে এক সংবেদন যিয়ে খাদ্য গ্ৰহণৰ পিছত মনলৈ সন্তুষ্টি আনে। প্ৰায় ১৩-১৫ শতাংশ সাধাৰণ ব্যক্তি আৰু ৪৯-৫৫ শতাংশ মেদবহুল ব্যক্তিৰ ছেটাইটী কম হোৱা দেখা যায়। পঞ্চাছতকৈও অধিক জিন ছেটাইটী কম হোৱাৰ লগত জড়িত হৈ আছে য’ত FTO  আৰু MC4R জিন অন্তৰ্ভুক্ত।

২) হতাশাৰ কাৰণে কৰা খাদ্য গ্ৰহণো ওজন বঢ়াৰ অন্য এক কাৰক। ই মগজুৰ ৰিৱাৰ্ড ছিষ্টেমৰ দ্বাৰা সঞ্চলিত। প্ৰায় ৪০ শতাংশ ব্যক্তিয়ে হতাশাৰ হেতু অতিমাত্ৰা খোৱা দেখা যায়। ইয়াৰে ৩.৫ শতাংশ মহিলা আৰু ২ শতাংশ পুৰুষ ‘Binge eating disorder’ত ভোগা দেখা যায়। এনেধৰণে অতি মাত্ৰাত কৰা খাদ্য গ্ৰহণৰ মুখ্য কাৰক হৈছে DRD2  আৰু OPRM1 জিনৰ ভেৰিয়েণ্ট।

৩) বিপাক ক্ৰিয়াৰ হাৰ কমি যোৱা অৰ্থাৎ ‘বেছেল মেটাব’লিক ৰেট’(Basal Metabolic Rate) কম হোৱা । বিপাক ক্ৰিয়াৰ হাৰ কমি গ’লেও ওজন বৃদ্ধি পোৱা দেখা যায়। কাৰণ শক্তি গ্ৰহণৰ তুলনাত শক্তিৰ ব্যৱহাৰ কম হয় আৰু অতিৰিক্ত শক্তি চৰ্বি হিচাপে জমা হয়। বিপাক ক্ৰিয়াৰ হাৰ কম হোৱা কাৰক হৈছে ADIPOQ  আৰু UPC2 জিন ভেৰিয়েশ্বন।

৪) আত্মসংযম কম হোৱা অৰ্থাৎ খাদ্য দেখিলে নিজকে সংযম কৰিব নোৱৰা। প্ৰায় ২৩ শতাংশ মহিলা, ১৪ শতাংশ পুৰুষৰ খাদ্যৰ প্ৰতি আত্মসংযম বেছি হোৱা দেখা যায়, আনহাতে ৩৪ শতাংশ মহিলা আৰু ২৩ শতাংশ পুৰুষৰ খাদ্যৰ প্ৰতি আত্মসংযম কম হোৱা দেখা যায়।

৫) সাত ঘণ্টাতকৈ কম সময়ৰ বাবে টোপনি গ’লেও ওজন বৃদ্ধি হোৱা দেখা যায়। প্ৰায় ৬-৪ শতাংশ সাধাৰণ ব্যক্তি আৰু ১৮-৩০ শতাংশ মেদবহুল ব্যক্তিৰ টোপনি ৬ ঘণ্টাতকৈ কম হোৱা দেখা যায়। এই প্ৰক্ৰিয়াতা জড়িত জিনবোৰ হৈছে CLOCK,SLC6A4 আৰু GRIA3

যদিওৱা এজন ব্যক্তিৰ দেহত এনেধৰণৰ জিনৰ ৰিস্ক ভেৰিয়েণ্ট দেখা যায়, কিন্তু ‘ব্যক্তিগত ডায়েট’ৰ (Personalized Diet) সহায়ত এনে ব্যক্তিয়ে ওজন হ্ৰাস কৰিব পাৰে। ইয়াৰ বাবে ব্যক্তিজনে কি জিন বহন কৰিছে পৰীক্ষা কৰি ল’ব লাগে। পৰীক্ষাৰ বাবে যিকোনো ওচৰৰ ‘নিউট্ৰিজিন’মিক’ পৰামৰ্শদাতাৰ সৈতে যোগাযোগ কৰিব পাৰে। যদি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি সজাগ, আপোনাৰ জিন অনুসৰি খাদ্য গ্ৰহণ কৰক আৰু সুস্থ-সবল হৈ থাকক।

লেখিকা: পল্লৱিকা গগৈ (আমাৰ অসম পুৰ্বাচল)

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate