অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেদবহুলতা কমোৱাৰ বাবে কিছুমান সহজ উপায়

মেদবহুলতা কমোৱাৰ বাবে কিছুমান সহজ উপায়

চীনৰ এটি কথিত প্ৰবচন আছে-‘শৰীৰৰ সকলো বেমাৰেই মুখেৰে সোমায়’। আমি সকলোৱে এই কথা জানো যে খাদ্য খোৱাৰ কুঅভ্যাসৰ ফলত নানা ধৰণৰ ৰোগৰ সৃষ্টি হ’ব পাৰে। আচলতে মেদবহুলতা পুষ্টিকৰ পদাৰ্থৰ অধিকতাৰ ফলত হয়। প্ৰয়োজনতকৈ অধিক পুষ্টিকৰ খাদ্য খোৱাৰ ফলত মেদবহুলতাৰ সৃষ্টি হয়। প্ৰয়োজনীয় পুষ্টিকৰ খাদ্য গ্ৰহণৰ পৰা আমি বিৰত থাকিব নোৱাৰো, কিন্তু সেই খাদ্য সঠিক পৰিমাণত খাব লাগে।

তলত দিয়া কেইটামান উপায় অৱলম্বন কৰি আপুনি অতি সহজে দেহৰ অতিৰিক্ত ওজন কম কৰিব পাৰে-

 

  • এগিলাচ কুহুমীয়া গৰম পানীত এটা নেমু, চেপি ৰাতিপুৱা খাওক। মিঠা কৰিবৰ বাবে আপুনি ইয়াত এক চামুচ মৌ মিহলাব পাৰে। শুই উঠিয়েই খালী পেটত এই মিশ্রণ সেৱন কৰক। দুপৰীয়া অলপমান গৰম পানীত মৌজোলৰ সলনি অলপমান ক’লা নিমখ মিহলি কৰি সেৱন কৰক।
  • তুলসী পাতৰ দহ চামুচ ৰস দুচামুচ মৌৰ সৈতে পানী মিহলাই এমাহ সেৱন কৰক। আপোনাৰ শৰীৰৰ ওজনু কম হ'ব।
  • মেদবহুলতা কম কৰাৰ বাবে সবাতোকৈ ভাল পৰামৰ্শ হ’ল – পকা বিলাহী, পিয়াঁজ আৰু নেমুৰ ৰস সেৱন।
  • মৌজোল বিলাহী ৰসৰ সৈতে সতেজ জাতিলাওৰ (পানীলাও) ৰস পুৱা খালী পেটত সেৱন কৰক।
  • সিদ্ধ আলু দুপৰীয়াৰ আহাৰৰ লগত খাওক।
  • সৰ তোলা গাখীৰৰ দৈৰ পাতল লচ্চি খাওক।
  • খাদ্য চোবাই খাওক। ই এক চমৎকাৰী প্ৰয়োগ। আপোনাৰ যিকোনো খাদ্য ভালদৰে চোবাই চোবাই খাওক। আমাৰ ৩২ টা দাঁত আছে আৰু আমি খাদ্য ৩২ বাৰ চোবাই খালে, নিশ্চিতভাৱে ওজন কম হ’ব। এই কথা আমেৰিকাত চলোৱা এটি অধ্যয়নৰ পৰা জানিব পৰা গৈছে| আৰু ইয়াক “ফলেচৰিজম' নামেৰে জনা যায়। আমি যদি খাদ্য ভালদৰে চোবাই খাওঁ, তেনেহ’লে খাদ্য হজম হোৱাত সহায় হয়|

দ্বিতীয় এটা গুৰুত্বপূর্ণ কথা যে যি সময়ত আমাৰ মন বা ‘মুড’ ঠিক নাথাকে, সেই সময়ত আমি খাদ্য খোৱা অনুচিত, কাৰণ সেই সময়ত প্রয়োজনীয় পাচক এনজাইম আৰু ৰসৰ নিঃসৰণ নহয়| এক আনন্দময় পৰিৱেশ আৰু মুডে খাদ্য হজম কৰাত সহায় কৰে|

আটাইতকৈ প্রয়োজনীয় কথা হ’ল যে যেতিয়ালৈ ভোক নালাগে, তেতিয়ালৈ খাদ্য খাব নেলাগে। ভোক লাগিলেহে খাদ্য খাওক আৰু নির্দিষ্ট সময়তহে খাদ্য খাওক|

  • এটা বহুত উপকাৰী দিহা হ’ল- দুই চামুচ ত্রিফলা ৰাতি দুইগিলাচ পানীত মিহলাই তিয়াই থওক। ৰাতিপুৱা শুই উঠি এই মিশ্রণখিনি সামান্য গৰম কৰক। গৰম হৈ মিশ্রণখিনি যেতিয়া আধা থাকিবগৈ, তেতিয়া জুইৰ পৰা নমাই তাৰ লগত আদাৰ ৰস আৰু মৌ মিহলাই লওক। সামান্য গৰম হৈ থাকোঁতে এই মিশ্রণ খাওক। ওজন হ্ৰাস কৰাৰ ই এটা ভাল উপায়। ইয়াৰ ফলত আপোনাৰ ওজন কম হোৱাৰ লগতে পেটটো পৰিস্কাৰ হ’ব। যদি হাড়ৰ জোৰাৰ বিষ হয়, তেন্তে নেমু ব্যৱহাৰ নকৰিব।
  • অশ্বগন্ধাৰ সতেজ পাত তিনিটা খুন্দি ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া গৰম পানীৰ সৈতে খাওক| এমাহত পাঁচৰ পৰা পোন্ধৰ কিলোগ্ৰামলৈ ওজন কম হ’ব পাৰে। যেতিয়ালৈ সম্ভৱ নহয়, তেতিয়ালৈ নিমখ আৰু চেনিৰ প্রয়োগ কমকৈ কৰক|
  • সেউজীয়া শাক-পাচলি খাওক। ই ওজন নিয়ন্ত্রিত কৰিব।
  • ৰাতি ছয় ঘণ্টাতকৈ অধিক নুশুব।
  • দিনত শোৱাৰ অভ্যাস নকৰিব। খাদ্য খোৱাৰ পিছত একেবাৰে নুশুব।
  • আয়ুর্বেদিক চিকিৎসকৰ পৰামর্শ অনুযায়ী “মেদোহৰ বটী’ গ্রহণ কৰিব পাৰে। ইয়াৰ ফলত ওজন কম হ’ব আৰু কোনো ধৰণৰ দুর্বলতাও নেথাকিব। অধিক সক্ষমতাৰে কাম কৰিবলৈ শক্তি পাব।

মনত ৰাখিব

  • শাৰিৰীক পৰিশ্ৰমৰ অভাৱ তথা থাইৰয়ড আৰু বংশানুগত কাৰণত মেদবহুলতা হ’ব পাৰে। খোৱাৰ পৰিমাণ কম কৰক আৰু বাৰে বাৰে খোৱাৰ অভ্যাস নকৰিব।
  • ঘিউ, তেল, তেলজাতীয় খাদ্য আৰু ময়দাৰ পৰা তৈয়াৰী খাদ্য পদার্থ নাখাব।
  • বার্গাৰ, পিজ্জা, চিপছ, শীতল পানীয় আৰু জাংক ফুডছ নাখাব।
  • নিশা পাতলীয়া আহাৰ খাওক।
  • ফল-মূল আৰু সৰ নথকা গাখীৰ খাওক।
  • ঘেঁহু, চাউল, বজৰা আৰু মগু, পাঁচশ গ্ৰামকৈ বটি লওক। ইয়াৰ লগত ২০ গ্রাম যনী গুটি আৰু ৫০ গ্রাম তিল মিহলি কৰক। এই মিশ্ৰণৰ ৫০ গ্ৰামৰ লগত ৫০ গ্রাম দালিয়া, চাৰিশ গ্রাম পানী দি সিজাওক। সোৱাদৰ বাবে কেঁচা ধনিয়া, আদা, কেচা জলকীয়া মিহলি কৰি খাওক। ইয়াৰ ফলত মধুমেহ আৰু মেদবহুলতা দুয়োটাই কম হ’ব।

মেদবহুলতা কম হ’লে আপোনাৰ শৰীৰ সুন্দৰ, সুঠাম হ’ব। কর্মক্ষম আৰু সৰল শৰীৰ এটাৰে আত্মবিশ্বাস বাঢ়ে আৰু সকলো ৰোগ নাইকিয়া হয়। আনৰ সহায়ৰ প্রয়োজন নহ’ব, বৰঞ্চ গোটেই জীৱনতে আনকহে সহায় কৰিব পাৰিব।

 

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate