অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেদবহুলতাৰ বিষম পৰিণতি :

মেদবহুলতাৰ বিষম পৰিণতি :

 

আজি বিশ্বৰ মানৱ জাতিয়ে দিনে দিনে উন্নতি কৰি গৈ আছে, কিন্তু লগে লগে মানৱ সমাজে বিবিধ সমস্যাৰো সন্মুখীন হ’বলগা হৈছে। কিছু বছৰ উন্নতি প্ৰায় স্থবিৰ আছিল আৰু জনসাধাৰণো বিশেষ সমস্যাৰ সন্মুখীন হ’বলগা হোৱা নাছিল। যাতায়ত, খোৱাপানী, চিকিৎসা সেৱা, পুষ্টিদ্ৰব্যৰ যোগান আদি যিবিলাক সমস্যা আছিল, সেইবিলাক কোনেও বিশেষ সমস্যা বুলি ধৰি লোৱা নাছিল আৰু প্ৰায় সমস্যামুক্ত হৈ চলি গৈছিল। আজিৰ তুলনাত তেতিয়া খাদ্যৰ যোগান, যাতায়ত, খোৱাপানী আদিৰ যোগানৰ ব্যৱস্থা প্ৰায় নাছিলেই বুলি ক’ব পাৰি, তথাপি তেতিয়াৰ মানুহে এইবিলাক নিজে কষ্ট কৰি যোগাৰ কৰি লৈছিল যদিও ইয়াৰ বাবে হোৱা কষ্টক একো বুলি ভাবি লোৱা নাছিল। সেয়ে তেওঁলোক সেই সময়খিনিত নিজকে সুখী বুলিয়েই অনুভৱ কৰিছিল।

আজিকালি মানুহে অত্যাৱশ্যকীয় সঁজুলি বা দ্ৰব্য সংগ্ৰহৰ কাৰণে বেছি কষ্ট কৰিব লগা নহয় বৰং পূৰ্বতকৈ বহুগুণে জীৱন ধাৰণৰ বাবে সন্মুখীন হোৱা বহুতো কষ্ট লাঘৱ হৈছে আৰু মানুহে আৰাম বা আমোদ-প্ৰমোদৰ বাবে অধিক সময় পোৱা হৈছে। মানুহ আৰামপ্ৰিয় হোৱাৰ লগে লগে অৰ্থাৎ প্ৰয়োজনীয়তকৈ অধিক সময় আৰাম কৰি শুই-বহি থকাৰ কাৰণে আগতে কেতিয়াও নোহোৱা-নোপজা ৰোগে লগ ল’বলৈ ধৰিছে।

আৰামপ্ৰিয় মানুহৰ শৰীৰত দেখা দিয়া ৰোগবিলাক জীৱনশৈলীজনিত ৰোগ(Lifestyle Disease) বুলি কোৱা হয়। অৰ্থাৎ উবিকৃত জীৱন শৈলীৰ কাৰণে বিকৃত ৰোগ। এনে ধৰণৰ ৰোগে এবাৰ আক্ৰমণ কৰিলে, ৰোগটোৰ পৰা উদ্ধাৰ পোৱাৰ কোনো উপায় নাথাকে। এনে ধৰণৰ জীৱনশৈলীজনিত ৰোগবিলাকৰ চিকিৎসা কৰিবলৈ আজিৰ ব্যস্ত লোকসকলৰ হাতত সময় নাইকিয়া হৈ আহিল। আজি প্ৰগতিৰ এই দৌৰত আমি সকলোৱে ইমান ব্যস্ত হৈ পৰিছো যে নিজৰ কাৰণে সময় উলিয়াব নোৱাৰা হৈছো। সেই কাৰণেই এতিয়া মানুহে নিজৰ ব্যস্ততাৰ ফলতে খাদ্য গ্ৰহণৰ প্ৰতি মনোযোগ দিবলৈকো অৱকাশ নাইকিয়া হৈছে। চহৰাঞ্চলৰ চাকৰিজীৱী পৰিয়ালত স্বামী-স্ত্ৰী দুয়োজনে চাকৰি কৰাৰ বাবে নিজৰ বাবে দিন আৰু ৰাতিৰ দুয়োসাঁজ আহাৰ নিজে ৰন্ধা-বঢ়া কৰি প্ৰস্তুত কৰাৰ বাবে সময় আৰু ধৈৰ্য দুয়োটাই নেথাকেগৈ। সেয়ে বহুতো চাকৰিজীৱী দম্পতীয়ে ৰাতিৰ সাজ আহাৰ ৰেষ্টুৰেন্টতে খাবলগা হয়। এনেধৰণৰ দৈনন্দিন ৰুটিনৰ কু-প্ৰভাৱ লাহে লাহে শৰীৰত পৰিবলৈ আৰম্ভ কৰে।

আজিকালি প্ৰায় সকলো লোকেই মিছা সুখৰ পিছত দৌৰি থাকিবলৈ আৰু তাৰ ফলত ঘৰৰ বাকী সদস্যসকলৰ লগত মূল মানুহজনে আন্তৰিকাৰে সম্পৰ্ক ৰক্ষা কৰি চলিব নোৱাৰা হৈছে। আনকি পতি-পন্তীৰ মাজতো কথা-বতৰা পাতিবলৈ সময় নাইকিয়া হৈছে। এই অতি ব্যস্ততাপূৰ্ণ জীৱন কটোৱাৰ পিছতো সকলো লোকেই সমানভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। কোনোবাজন সফল হৈছে, কোনোবাজনে পদক পাইছে, কোনোবাই পদোন্নতি পাইছে আৰু আন কিছু লোকে ইমান ব্যস্ততাপূৰ্ণ জীৱন কটোৱাৰ পিছতো জীৱনত সফলতা লাভ কৰা নাই। কৰিবলৈ আঁচনি কৰি থোৱা কামবিলাকো সম্পূৰ্ণ কৰিব পৰা নাই। ফলত তেওঁলোকে দুশ্চিন্তা আৰু উদ্বেগত ভুগি অকালতে ইহ-সংসাৰৰ পৰা বিদায় ল’বলগা হৈছে। এনে ধৰণৰ অসফল লোকৰ স্বাস্থ্যও সোনকালে ভাগি পৰে। অতি ব্যস্ততাৰ বাবে অগাধ পাৰ্থিব সম্পদ আহৰণ কৰাৰ পিছতো বহু লোকৰ স্বাস্থ্য লাহে লাহে ভাগিবলৈ আৰম্ভ কৰে। ভগ্ন স্বাস্থ্যৰ বাবে নিজ হাতে সঞ্চয় কৰা সম্পদ ভোগ কৰিবও নোৱাৰা হয়গৈ।

মেদবহুলতা কি?

চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ফলত আজি আধুনিক মানুহে প্ৰায় সকলো ৰোগৰে চিকিৎসাৰ উপায় বিচাৰি উলিয়ালে। কেইবিধমান অসংক্ৰামক ৰোগ নিৰাময় কৰিব নোৱাৰা অৱস্থাত আছে যদিও, সেইবিলাক ৰোগ নিয়ন্ত্ৰণত ৰখাৰ বাবে ভালেমান ঔষধ উদ্ভাৱন হৈছে। এতিয়ালৈকে দুৰাৰোগ্য বুলি মানি চলা কেন্সাৰৰ দৰে ৰোগো প্ৰাৰম্ভিক অৱস্থাতে চিকিৎসা কৰিলে সম্পূৰ্ণ নিৰাময় কৰিব পাৰি। এইচআইভি/এইডছৰ দৰে দুবিধমান ভাইৰাছজনিত ৰোগ নিয়ন্ত্ৰিত অৱস্থাত ৰখাৰ উপায়ো ওলাইছে। সি যি কি নহওক, এতিয়া দুৰাৰোগ্য ৰোগ প্ৰায় নোহোৱাৰ দৰেই হৈছেগৈ। প্ৰায় সকলো সংক্ৰামক আৰু অসংক্ৰামক ৰোগ চিকিৎসা বিজ্ঞানৰ দ্ৰুত অগ্ৰগতিৰ ফলত এতিয়া নিয়ন্ত্ৰণলৈ আনিব পৰা হৈছে বুলি ধৰি ল’ব পাৰি। যিকোনো ৰোগ নিয়ন্ত্ৰণত ৰখাৰ কাৰণে ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ সদস্যসকল যথেষ্ট সচেতন আৰু চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত খৰতকীয়া হ’ব লাগে।

সকলো ৰোগ নিয়ন্ত্ৰণলৈ আনিব পাৰি যদিও ‘মেদবহুলতা’ নামৰ এইবিধ ৰোগ কেন্সাৰতকৈও বিপজ্জনক ৰোগলৈ পৰিৱৰ্তিত হৈছে। মেদবহুলতাৰ পৰিণতিত হোৱা শৰীৰৰ বিভিন্ন ৰোগত ভুগি মৃত্যু হোৱা লোকৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। প্ৰায় সকলো ৰোগেই শৰীৰৰ কোনো এক তন্ত্ৰত আক্ৰমণ কৰি সেই তন্ত্ৰক অকামিলা কৰি তোলে আৰু তাৰ পৰিণতিত এদিন ৰোগীজনৰ মৃত্যু হয়। কিন্তু মেদবহুলতা এটা ৰোগ নহয়, বৰং ই এক প্ৰকাৰৰ মহাৰোগ। এই ৰোগৰ প্ৰভাৱত শৰীৰৰ প্ৰায় সকলো অংগৰ কাৰ্যপ্ৰণালী ক্ষতিগ্ৰস্ত হয় আৰু সেইবিলাকৰ ওপৰত অতিৰিক্ত বোজা জাপি দিয়ে। ইয়াৰ ফলত সেই তন্ত্ৰ বা অংগবিলাক ৰুগ্ন আৰু দুৰ্বল হৈ পৰে আৰু লাহে লাহে সেইবিলাক বিকল হৈ পৰিবলৈ ধৰে। আজিকালি গ্ৰামাঞ্চলতকৈ, চহৰাঞ্চলৰ মানুহ অধিক মেদবহুল হ’বলৈ ধৰিছে।

মেদবহুলতা হয় শৰীৰৰ চৰ্বি বৃদ্ধি পোৱা ফলত। যদি আপুনি শৰীৰৰ বাবে প্ৰয়োজন হোৱা শক্তিৰ তুলনাত অধিক মাত্ৰাত বেছি কেলৰিযুক্ত খাদ্য খায়, তেনেহ’লে অতিৰিক্ত মাত্ৰাত লাভ কৰা কেলৰি শৰীৰত অতিৰিক্ত চৰ্বিৰূপে জমা হ’বলৈ আৰম্ভ কৰে। এনেদৰে জমা হ’বলৈ আৰম্ভ কৰা চৰ্বিৰ পৰিমাণ ক্ৰমে বৃদ্ধি পাই গৈ থাকে আৰু এদিন ব্যক্তিজন(মহিলা তথা কিশোৰ-কিশোৰী) অধিক পৰিমাণে শকত বা মেদবহুল ব্যক্তিত পৰিণত হয়গৈ।

যদি আপোনাৰ বয়স আৰু উচ্চতাৰ হিচাপে থাকিবলগা আদৰ্শ ওজনতকৈ ১০ শতাংশ অধিক ওজন হয়গৈ। তেনেহ’লে জানিব, আপুনি মেদবহুলতাৰ চিকাৰ হ’বলৈ লৈছে। এই প্ৰবন্ধটিৰ শেষৰফালে আপোনাৰ বয়স আৰু উচ্চতা অনুপাতে আদৰ্শ ওজনৰ এখন তালিকা দিয়া হৈছে। সেই তালিকাখন চাই আপোনাৰ বৰ্তমান শৰীৰৰ ওজন মেদবহুল বা স্বাভাৱিক ওজনৰ ভিতৰত আছে নেকি, এবাৰ চাই লওক।

মেদবহুলতাই মানুহৰ শৰীৰটো গধুৰ আৰু লোদোৰ-পোদোৰ তথা আপচু কৰি তোলে। লগতে, উচ্চ ৰক্তচাপ, হৃদৰোগ(হাৰ্ট এটেক), হৃদযন্ত্ৰৰ অন্য ৰোগ, গল ব্লাডাৰ ষ্টোন, মেৰুদণ্ডৰ হাড়ৰ ৰোগ বা বিসংগতিও মেদবহুলতা বৃদ্ধিৰ লগে লগে আৰম্ভ হয়।

আজিকালি চহৰাঞ্চলবিলাকত বহুসংখ্যক শকত লোক দেখা যায়। এওঁলোকৰ অধিকাংশই মেদবহুলতাৰ কাৰণে অস্বস্তিত ভুগি থাকে। কাৰণ তেওঁলোকে যে শকত হৈছে, সেই কথা দেখুৱাব নোখোজে। তাৰোপৰি এই মেদবহুল লোকসকলৰ পদে পদে সন্মুখীন হোৱা বিভিন্ন শাৰীৰিক অসুবিধাৰ বাবে মুক্ত বিচৰণ প্ৰায় নাইকিয়া হয়। গতিকে এই কথা স্পষ্ট হৈ পৰিল যে, আপোনাৰ ওজন যিমান অধিক বাঢ়িব, আপোনাৰ স্বাস্থ্যজনিত সমস্যাও সিমানেই বৃদ্ধি পাব।

লেখক: সুজিত বাৰ্মা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate