অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যক্ষ্মা ৰোগ নিৰ্ণয়ৰ নতুন পৰীক্ষা

যক্ষ্মা ৰোগ নিৰ্ণয়ৰ নতুন পৰীক্ষা

বৰ্তমানৰ যক্ষ্মা ৰোগ নিৰ্ণয়ৰ প্ৰক্ৰিয়াটো সম্পুৰ্ণ নিৰ্ভৰযোগ্য নহয়-

 

ঔষধ সংবেদনশীল (Drug sensitive)আৰু ৰিকাম্পিচিন প্ৰতিৰোধী যক্ষ্মাৰ বীজাণু চিনাক্ত কৰিবলৈ এক নতুন ব্যয়সাধ্য আণৱিক নিৰ্ণায়ক পৰীক্ষা ভাৰততে উদ্ভাৱন কৰা হৈছে। সম্প্ৰতি এই পৰীক্ষা বৈধকৰণ (Validation)পৰ্যায়ত আছে। এই বৈধকৰণ কৰা হৈছে ভাৰতীয় স্বাস্থ্য গৱেষণা (ICMR)ৰ তত্ত্বাৱধাৱনত।

গৱেষণা পৰিষদে নতুন পৰীক্ষা পদ্ধতিটো জনস্বাস্থ্য কেন্দ্ৰসমুহলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছে। জনস্বাস্থ্য কেন্দ্ৰসমুহত বৰ্তমান কফৰ স্মিয়েৰ (Smear) অণুবীক্ষণ যন্ত্ৰত পৰীক্ষা কৰে। এই ব্যৱস্থাত সাফল্য ৫০ শতাংশ, কিন্তু পৰীক্ষা ব্যৱস্থাৰ দ্বাৰা ১০০ শতাংশ যক্ষ্মাৰ বীজাণু চিনাক্ত কৰিব পাৰিব বুলি আশা কৰা হৈছে।

নতুন পৰীক্ষা কৰা যন্ত্ৰটোৰ নাম ট্ৰুনেটএমটিবি (TruenetMTB)। এই পৰীক্ষাৰ বাবেও কফৰ নমুনা ব্যৱহাৰ কৰা হয়। এই পৰীক্ষা ১০ খন ৰাজ্যৰ ৫০ খন জিলাৰ আণুবৈক্ষণিক কেন্দ্ৰত কৰা হৈছে। এমাহৰ ভিতৰত প্ৰায় ১৮,০০০ কফৰ নমুনা পৰীক্ষা কৰা হ’ব। পিছৰ মাহত ফলাফল ঘোষণা কৰা হ’ব। ইতিমধ্যে নিৰ্দিষ্ট আণুবৈক্ষণিক কেন্দ্ৰসমুহৰ ৮০ শতাংশত এই নতুন যন্ত্ৰ স্থাপন কৰা হৈছে।

গৱেষণা পৰিষদে ভাৰতৰ চাৰিখন ঠাইত প্ৰায় ২,৫০০ ৰোগীৰ কফৰ নমুনাক ৫,০০০ পৰীক্ষা বৈধকৰণ কৰিছে। নমুনাসমুহৰ ৰিকাম্পিচিন প্ৰতিৰোধী যক্ষ্মা বীজাণুৰ পৰীক্ষা কৰা হৈছে। ফলাফল আশাব্যঞ্জক। ২০১৩ চনত ট্ৰুনেটএমটিবি যন্ত্ৰ ব্যৱহাৰ কৰি ১৯১ জন যক্ষ্মা ৰোগীৰ সংবেদনশীলতা পৰীক্ষা কৰা হৈছে। এই ক্ষেত্ৰত ৯১ শতাংশ সাফল্য লাভ কৰা গৈছে। যক্ষ্মা ৰোগ নথকা ব্যক্তিৰ ক্ষেত্ৰত এনে সাফল্য ১০০ শতাংশ। এই অধ্যয়নৰ ফলাফল  Plos one জাৰ্নেলত প্ৰকাশ কৰা হৈছে। ট্ৰুনেটএমটিবি বেটাৰীচালিত আৰু হাতৰ মুঠিত ল’ব পৰা আকাৰৰ। পৰীক্ষাৰ বাবে ডি এন এ নিষ্কাশন কৰিবলৈ ২৫ মিনিট সময় লাগে। যক্ষ্মা ৰোগৰ বীজাণু চিনাক্ত কৰোতে লাগে ওপৰঞ্চি ২৫ মিনিট সময়। ৰিকাম্পিচিন প্ৰতিৰোধ্যতা নিৰ্ণয় কৰোতে লাগে আৰু এঘণ্টা। আমেৰিকাত উদ্ভাৱন কৰা জিন এক্সপাৰ্ট যন্ত্ৰৰ বাবে কফৰ নমুনা লাগে এক মিলিলিটাৰ। ট্ৰুনেটএমটিবিৰ বাবে লাগে .৫ মিলিলিটাৰ।

কাৰ্য সম্পাদন বৈধকৰণৰ উপৰি ক্ষেত্ৰভিত্তিক কাৰ্যক্ষমতা সম্ভাৱনীয়তাৰ দিশটোও পৰ্যবেক্ষণ কৰা হৈছে-

যন্ত্ৰটোৱে উষ্ণ আৰু আৰ্দ্ৰ পৰিৱেশত কেনেদৰে কাৰ্য সম্পাদন কৰে সেই দিশটোও নিৰীক্ষণ কৰা হৈছে। বিদ্যু অবিহনে কাৰ্যক্ষমতা এই যন্ত্ৰটো চলাবৰ বাবে টেকনিচিয়ানক নুন্যতম প্ৰশিক্ষণ দিলেও হয়। জিন এক্সপাৰ্ট যন্ত্ৰৰ বিপৰীতে ট্ৰুনেটএমটিবি ব্যৱহাৰ কৰি মাথোন যক্ষ্মাৰ বীজাণু চিনাক্তকৰণেই নহয়, ৰিকাম্পিচিন প্ৰতিৰোধ্যতাৰ পৰীক্ষা কৰিব পাৰি। তদুপৰি এই যন্ত্ৰ ব্যৱহাৰ কৰি কৰা পৰীক্ষাৰ ব্যয়ো তুলনামুলকভাৱে প্ৰায় ৫০ শতাংশ কম।

জিন এক্সপাৰ্টৰ প্ৰযুক্তি উপস্থিতিতিক টুনেটএমটিবিৰ প্ৰযুক্তিভিত্তিক। সেই দিশৰ পৰা ট্ৰুনেটএমটিবি অধিক পৰিৱেশপ্ৰেমী জিন এক্সপাৰ্টৰ পদ্ধতি আবদ্ধ (closed)ট্ৰুনেটএমটিবিৰ পদ্ধতিমুক্ত। এই যন্ত্ৰত পোনতে ডিএনএ নিষ্কাশন কৰা হয় তাৰে এটা অংশ পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা হয়। এবাৰ পৰীক্ষা কৰি সফল নহ’লে দ্বিতীয়বাৰ পৰীক্ষা কৰা হয়। তদুপৰি নিষ্কাশিত ডিএনএ অন্য নিৰ্ণায়ক পৰীক্ষা তথা ৰিকাম্পিচিন প্ৰতিৰোধ্যতাও পৰীক্ষা কৰিব পাৰি। জিন এক্সপাৰ্টত এই পৰীক্ষাসমুহৰ বাবে অতিৰিক্ত ডিএনএৰ প্ৰয়োজন হয়।

লেখক: ডা: জীৱন দত্ত বৰুৱা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate