অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শক্তিবৰ্ধক পানীয় যুৱক-যুৱতীৰ বাবে ক্ষতিকাৰক :

শক্তিবৰ্ধক পানীয় যুৱক-যুৱতীৰ বাবে ক্ষতিকাৰক :

 

বৰ্তমান যুৱক-যুৱতীসকলৰ মাজত এনাৰ্জি ড্ৰিংকছ (শক্তিবৰ্ধক পানীয়) খোৱাৰ প্ৰৱণতা বাঢ়িছে। বজাৰতো বিভিন্ন কোম্পানীৰ শক্তিবৰ্ধক পানীয় পোৱা যায়। বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্ক কৰি দিছে যে অত্যধিক এনাৰ্জি ড্ৰিংকছ খোৱাৰ ফলত যুৱক-যুৱতীসকলৰ স্বাস্থ্যৰ ব্যাপক ক্ষতি হ’ব। বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষকসকলে ইউৰোপত শক্তিবৰ্ধক পানীয়ই স্বাস্থ্যৰ ওপৰত কিধৰণৰ প্ৰভাৱ পেলায় এই বিষয়ে গৱেষণা চলাইছিল। এনাৰ্জি ড্ৰিংকছবোৰত এনকোহল নাথাকে যদিও কেফেইন, ভিটামিন আৰু আন উপাদান প্ৰচুৰ পৰিমাণে থাকে। যুৱক-যুৱতীসকলে এই পানীয় খালে শাৰীৰিক-মনাসিক শক্তি বৃদ্ধি পোৱা বুলি বিশ্বাস কৰে। ফলত তেওঁলোকৰ মাজত এই পানীয় খোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে। এনাৰ্জি ড্ৰিংকছত কেফেইন প্ৰচুৰ পৰিমাণে থাকে। এনাৰ্জি ড্ৰিংকছ ততালিকে খাব পাৰি বাবে কেফেইন ইনটক্সিকেচন হোৱাৰ সম্ভৱনা থাকে। ইয়াৰ ফলত ওকালি অহাৰ প্ৰৱণতা, উচ্চ ৰক্তচাপ, হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ে, হাত-ভৰি ফন্দিয়াই ধৰা আদি লক্ষণে দেখা দিয়ে।

এনাৰ্জি ড্ৰিংকছ অধিক পৰিমাণে খোৱাৰ ফলত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটা আৰু শাৰীৰিক অসুস্থতাৰ বাবে হস্পিতালত ভৰ্তি কৰাব লগা ঘটনা ইতিমধ্যে বহুতো সংঘটিত হৈছে। অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে যিসকল কিশোৰ-কিশোৰীয়ে অধিক পৰিমাণে এনাৰ্জি ড্ৰিংকছ খায়, তেওঁলোকৰ সংবেদনশীলতা কমি যোৱাৰ লগতে স্বভাৱত উচ্ছৃখলতা প্ৰকাশ পায়। ইয়াৰ উপৰি এনাৰ্জি ড্ৰিংকছ আন এবিধৰ সৈতে মিহলাই খোৱাটো বিপজ্জনক। প্ৰায় ৭০ শতাংশ যুৱক যুৱতীয়ে দুবিধ এনাৰ্জি ড্ৰিংকছ মিহলাই খায়। সুৰাপান কৰাতকৈয়ো এই অভ্যাস বেছি ভয়াৱহ এনাৰ্জি ড্ৰিংকছৰ পাৰ্শ্বক্ৰিয়াৰ কথা প্ৰমাণিত হোৱাত এইবিধ পানীয় বিক্ৰীৰ ক্ষেত্ৰত বাধা-নিষেধ আৰোপ কৰিবলৈ চিকিৎসা বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে। ভৱিষ্যতে এইবিধ পানীয়ই স্বাস্থ্যৰ ক্ষতি কৰিব বুলি বিজ্ঞানীসকলে সকীয়াই দিছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate