অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শাৰীৰিক ব্যায়ামেৰে লাভ কৰক মগজুৰ সুস্থতা

শাৰীৰিক ব্যায়ামেৰে লাভ কৰক মগজুৰ সুস্থতা

 

আমাৰ মগজুৱে শৰীৰৰ বাকী পেশীসমূহৰ দৰেই সূত্ৰ মানি চলে-, ইয়াক ব্যৱহাৰ কৰক বা হেৰুৱাই পেলাওক । যিদৰে পেশীসমূহ সুন্দৰ-সুঠাম কৰি ৰাখিবলৈ দৈনিক শাৰীৰিক শ্ৰম বা ব্যায়াম কৰাৰ প্ৰয়োজন, ঠিক একেদৰে মগজুৰ কাৰ্যসমূহ সুচাৰুৰুপে চলাই যাবলৈ দৈনিক শাৰীৰিক ব্যায়ামৰ প্ৰয়োজন ।

শৰীৰৰ সামান্য ব্যায়াম অলপ সময়ৰ বাবে কৰাৰো বিশাল আৰু তাৎক্ষণিক উপকাৰ মগজুৰ ওপৰত দেখা যায় । শাৰীৰিক ব্যায়াম, বিশেষকৈ এৰ’বিক ব্যায়াম কৰাৰ মস্তিষ্কৰ ওপৰত ধনাত্মক প্ৰভাৱ বিভিন্ন দিশত দেখা যায় । এই প্ৰভাৱে মগজুৰ কোষ গঠনৰ পৰা আৰম্ভ কৰি ব্যৱহাৰিক দিশলৈকে সাঙুৰি লয় । জৰ্জিয়া বিশ্ববিদ্যালয়ৰ এটা সমীক্ষা মতে সাধাৰণ ২০ মিনিটজোৰা ব্যায়ামে তথ্য বিশ্লেষণ আৰু স্মৃতিশক্তিৰ উন্নয়ন আদিত ব্যাপক সহায় কৰে । এই ২০ মিনিটজোৰা ব্যায়ামে মগজুত ড’পেমইন, ছেৰ’টনিন, নৰ’এড্ৰিনোলাইন ইত্যাদি বিভিন্ন হৰম’নৰ নি:সৰণ উন্নত কৰে, যিয়ে তাৎক্ষণিক মানসিক স্থিতিৰ উন্নয়ন, মনোযোগৰ উন্নয়ন, মন কেন্দ্ৰীভূত কৰিব পৰা ক্ষমতা ইত্যাদি পৰৱৰ্তী ২ ঘণ্টাৰ কাৰণে ধৰি ৰাখিব পাৰে । ব্যায়ামে হৃদস্পন্দন বঢ়াই তোলে বাবে হৃৎপিণ্ডই বেছি অক্সিজেন আৰু পুষ্টি মগজুলৈ সৰবৰাহ কৰে ।

কিছু সময় খোজ কাঢ়িলে সৃজনীশীলতা বাঢ়ে । ই মগজুৰ হিপ’কম্পছ অঞ্চলৰ ওপৰত প্ৰভাৱ পেলায় আৰু নতুন কোষ তৈয়াৰ কৰাত সহায় কৰে । মগজুৰ প্ৰিফ্ৰণ্টেল কৰ্টেক্স আৰু টেম্পৰেল কৰ্টেক্স অঞ্চলে সিদ্ধান্ত লোৱা, চিন্তা কৰা মনোযোগ দিয়া, ব্যক্তিত্ব ইত্যাদি নিয়ন্ত্ৰণ কৰে । ব্যায়ামে এই নিৰ্দিষ্ট অঞ্চলসমূহৰ আয়তন বঢ়ায় তথা সবল কৰে । গতিকে যিমানেই ব্যায়াম কৰা যায়, সিমানেই মগজুৰ বিভিন্ন অঞ্চলৰ কোষ বৃদ্ধি হয় ।

বয়স বঢ়াৰ লগে লগে আমাৰ মগজুৰ স্নায়ুকোষসমূহৰ অৱক্ষয় আৰম্ভ হয় । গতিকে জীৱনজোৰা ব্যায়াম কৰাৰ বাবে এটা সুস্থ সবল, মজবুত তথা ডাঙৰ মগজুৰ সৃষ্টি হয়, যিয়ে আলজাইমাৰ বা ডিমেনছিয়া আদি ৰোগৰ পৰা দূৰত ৰাখে ।

ব্যায়ামে মগজুত গ্ৰ’থফেক্টৰ বঢ়াই তোলে, যাৰবাবে মগজুৱে সহজেই নতুন স্নায়ুকেন্দ্ৰৰ সংযোগ বৃদ্ধি কৰিব পাৰে । সাধাৰণভাৱে যিবোৰ ব্যায়াম হৃৎপিণ্ডৰ বাবে ভাল, সেই সকলো ব্যায়ামেই মগজুৰ বাবেও উপকাৰী ।

এতিয়া চোৱা যাওক মগজুৰ কাৰ্যক্ষমতা বঢ়াবলৈ ব্যায়ামৰ ক্ষেত্ৰত কি কৰণীয় । প্ৰথমেই দৈনিক নিজৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি কম বা উচ্চ প্ৰাবল্যৰ যিকোনো এৰ’বিক বা কাৰ্ডিঅ’ ব্যায়াম সন্নিৱিষ্ট কৰিব লাগিব । এই ব্যায়াম কৰোতে মনত ৰাখিব লাগিব যে ব্যায়ামৰ সময়ত আমাৰ পালছ ৰেট যাতে আমাৰ সৰ্বোচ্চ পালছ ৰেটৰ ৫০% ৰ পৰা ৮০% ভিতৰত থাকে । এই ব্যায়াম কম প্ৰাৱল্যৰ হ’লে ৩০ মিনিট সপ্তাহত ৫ দিনকৈ বা উচ্চ প্ৰাৱল্যৰ হ’লে ২০ মিনিট প্ৰতি সপ্তাহত ৩ দিনকৈ কৰাটো দৰকাৰ ।

দ্বিতীয়তে ভাৰোত্তোলন বা ৰোধ প্ৰশিক্ষণ সন্নিৱিষ্ট কৰিব লাগিব । এইক্ষেত্ৰত সম্পূৰ্ণ শৰীৰজোৰা ভাৰ বা ৰোধ প্ৰশিক্ষণ উপকাৰী । ভাৰ বা ৰোধ প্ৰশিক্ষণ বুলিলে এইটো নহয় যে বহুত বেছি ওজন লৈ ব্যায়াম কৰিব লাগিব । এইক্ষেত্ৰত আৰম্ভণিতে কম ওজন লৈ ব্যায়াম কৰি বেছিকৈ কৰাৰ ধৰণ, শৰীৰৰ ভাব-ভংগী বা স্থিতি আদিৰ ওপৰত গুৰুত্ব দিয়াটোহে বেছি জৰুৰী ।

তৃতীয়তে এণ্ড’ৰেন্স প্ৰশিক্ষণ সাঙুৰি লোৱা উচিত । এণ্ড’ৰেন্স প্ৰশিক্ষণ বুলিলে কিমান দীঘলীয়া সময় ধৰি আমি ভাৰোত্তোলন বা এণ্ড’ৰেন্স প্ৰশিক্ষণ কৰি থাকিব পাৰো তাকেই বুজায় । প্ৰথমাৱস্থাত আমি কম সময়তে ভাগৰুৱা হৈ গ’লেও লাহে লাহে বেছি সময় ধৰি কৰিব পৰা হ’ম । সাধাৰণতে দৈনিক ৩০ মিনিটৰ এণ্ড’ৰেন্স প্ৰশিক্ষণ কৰিবলৈ পৰামৰ্শ দিয়া হয় ।

সৰ্বশেষত জিৰণি সময়ৰ উচ্ছাস যোগাযোগ কাম এটা দৈনিক কৰাটো মগজুৰ সুস্বাস্থ্যৰ বাবে খুবেই দৰকাৰী । এই ধৰণৰ কাম সুষম, আৰামদায়ক তথা সামাজিক হ’লে ভাল ।

মুঠ কথাত, ব্যায়ামৰ মগজুৰ সুস্থতাৰ ওপৰত বহুল প্ৰভাৱ আছে । ইয়াৰ বাবে বহুত বেছি ব্যায়াম কৰিব লাগিব বোলা কোনো কথা নাই । প্ৰাথমিকভাৱে যিখিনি বলে পৰা যায়, সেইখিনি ব্যায়ামেৰেই আৰম্ভ কৰিব লাগে । মোটামুটিভাৱে যিখিনি ব্যায়াম কৰিলে হাৰ্টৰেট কিছু বাঢ়ে আৰু অলপ দ্ৰুত হাৰত উশাহ-নিশাহ ল’ব লগা হয়, সিমানখিনি ব্যায়াম সপ্তাহত ৩ ৰ পৰা ৪ দিন ৩০ মিনিটজোৰাকৈ কৰিলেই হয় ।

গতিকে এটা সুস্থ আৰু সুখী জীৱন পাবলৈ হ’লে আজিয়েই ব্যায়াম কৰা আৰম্ভ কৰক যিয়ে আপোনাৰ মগজুটোকো বিভিন্ন দুৰাৰোগ্য ৰোগ তথা বয়সজনিত অৱক্ষয়ৰ পৰা ৰক্ষা কৰিব ।

লেখক :- ভাস্কৰ কৌশিক

উৎস :- দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 5/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate