অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশু আৰু নাৰীৰ কাৰণে মালিচৰ নিয়ম :

শিশু আৰু নাৰীৰ কাৰণে মালিচৰ নিয়ম :

 

শিশুৰ বাবে মালিচ -

*শিশুক পুৱা কোমল ৰ’দত শুৱাই লৈ মালিচ কৰিব লাগে। ৰ’দত শুৱাই মালিচ কৰিলে শিশুৰ শৰীৰে ৰ’দৰ সংস্পৰ্শত ভিটামিন ‘ডি’ পাব পাৰে। শিশুটিৰ ছাল ৰোগমুক্ত হয় আৰু হাড়ো শক্তিশালী হয়।

*দুৰ্বল আৰু বিকাশ সম্পূৰ্ণ নোহোৱা শৰীৰৰ আৰু কোনো ৰোগত আক্ৰান্ত হৈ দুৰ্বল হোৱা শিশুক ক’ড লিভাৰ অয়ল বা বাদাম তেলেৰে মালিচ কৰিলে অধিক উপকাৰ হয়।

*শিশুৰ মালিচ কোনো ধাই বা অন্য বন কৰা মহিলাৰ দ্বাৰা নকৰাই শিশুটিৰ মাকে নিজে কৰিব লাগে। মাকৰ মৰম আৰু শিশুটিৰ ওপৰত প্ৰভাৱ পেলায় আৰু মাকে কৰিলে মালিচো সুৰক্ষিত ৰূপে হয়। মাকগৰাকী যদি কোনো ৰোগত আক্ৰান্ত হৈ থাকে, তেনেহ’লে শিশুৰ মালিচৰ কামত অভিজ্ঞ কোনো মহিলাৰ দ্বাৰা কৰোৱাব পাৰে।

*শিশুৰ মালিচ অলিভ অয়ল, মাখন বা বিশুদ্ধ গৰুৰ ঘিউৰে কৰিব লাগে। যদি এইবিলাকৰ ভিতৰত কোনো এবিধ তেলো নেথাকে, তেনেহ’লে খাঁটি সৰিয়হৰ তেল বা নাৰিকল তেলেৰেও মালিচ কৰিব পাৰে।

*শিশুৰ মালিচ কোমলকৈ কম হেঁচা প্ৰয়োগ কৰি সাৱধানেৰে কৰিব লাগে। শিশুৰ হাড়ৰ জোৰাত হাতেৰে ঘূৰণীয়াকৈ ঘূৰাই ঘূৰাই চাৰিওফালে মালিচ কৰিব লাগে। অংগবোৰ আঠ-দহ বাৰ লৰচৰ কৰাই জোৰাবিলাকৰ ব্যায়াম কৰোৱা উচিত। ইয়াৰ দ্বাৰা জোৰা বা সন্ধিবোৰ শক্তিশালী হয়। নৱজাত শিশুক কমেও ৪০ দিনলৈকে আৰু অতি বেছি ছমাহ বয়সলৈকে মালিচ দিব পাৰিলে শিশুটিৰ শাৰীৰিক বিকাশ আৰু শ্ৰীবৃদ্ধিৰ বাবে সহায়ক হয়।

নাৰীৰ বাবে মালিচ -

*মাহেকীয়া ঋতুস্ৰাৱ আৰু গৰ্ভাৱস্থাৰ দিনকেইটাত পেট আৰু গৰ্ভাশয় অংশ বাদ দি সমগ্ৰ শৰীৰত মালিচ দিব পাৰি। এই দুই অৱস্থাৰ বাদে কাৰী দিনবোৰত সমগ্ৰ শৰীৰত মালিচ কৰাব পাৰি।

*প্ৰথমে বক্ষস্থলত মালিচ কৰাৰ সময়ত সাৱধানেৰে কম হেঁচা প্ৰয়োগ কৰি মালিচ কৰা উচিত।

*মহিলাসকলে নিজৰ মালিচ নিজে নকৰি কোনো অভিজ্ঞ ধাই বা অন্য কোনো মহিলাৰ হতুৱাই কৰোৱা উচিত। বন্ধ কোঠাৰ ভিতৰত মালিচ কৰোৱা ঠাইত পৰ্যাপ্ত পোহৰ আৰু বতাহ চলাচল থকা হ’ব লাগে।

*প্ৰসৱৰ পিছত অভিজ্ঞ ধাই বা অন্য অভিজ্ঞ মহিলাৰ দ্বাৰা ডেৰ-দুমাহ পৰ্যন্ত প্ৰসূতিৰ মালিচ কৰাবই লাগে, যাতে প্ৰসূতি মাতৃৰ শৰীৰৰ শিথিলতা আৰু দুৰ্বলতা নাইকিয়া হয়। গৰ্ভাৱস্থাত শৰীৰৰ ওপৰত পৰা চাপৰ ফলত পেট, কঁকাল আৰু পেটৰ ছাল ঢিলা হৈ পৰে আৰু মালিচ নকৰিলে সেই অংশৰ ছাল ওলমি যাব পাৰে। কিন্তু মালিচ নিয়মীয়াকৈ কৰাই থাকিলে সেই অংশবোৰ পুনৰ সুগঠিত হৈ পৰে। শৰীৰৰ সুস্থতা আৰু দেহৰ গঠন এই ধৰণৰ মালিচৰ ফলতে পুনৰ সুগঠিত হৈ শক্তিশালী হৈ পৰে আৰু কোচ খাই ওলমি পৰা ছালখনো পুনৰ দাগহীন আৰু উজ্জ্বল হৈ উঠে।

*যিসকল মহিলাই নিজৰ দেহসৌষ্ঠৱ সুগঠিত কৰি ৰাখিবলৈ ইচ্ছা কৰে, তেওঁলোকে নিয়মীয়াকৈ মালিচ কৰোৱাই লাগে। মলিচ তেওঁলোকৰ কাৰণে পাতল ব্যায়ামো হয় আৰু শৰীৰটো পুষ্ট, সুগঢ়ী আৰু সামঞ্জস্যপূৰ্ণ কৰি ৰখাৰ বাবে উত্তম উপায়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

 

 

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate