অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুক পোকে কামুৰিলে কি কৰিব:

শিশুৱে খেল-ধেমালি কৰি থাকোঁতে কেতিয়াবা হঠাতে উৰি থকা বা মাটিত পৰি থকা পোকে কামুৰিব পাৰে। বিষাক্ত পোকে কামোৰাৰ ফলত এলাৰ্জী হ’ব পাৰে। মৌ-মাখি, কদো, বৰল, ক’লা পৰুৱা আদিয়ে সাধাৰণতে কামোৰে। শিশুক পোকে কামুৰিলে ল’ব লগা যতন সংক্ষেপে বৰ্ণনা কৰা হ’ল।

  • থলুৱা আৰু সাধাৰণ পোকে কামুৰিলে এদিন বা দুদিনতে ভাল হয়। কিন্তু পোকে কামোৰাৰ ফলত শিশুটোৰ অত্যধিক বিষ হ’লে, জ্বৰ হ’লে চিকিৎসকৰ কাষত লৈ যোৱা উচিত।
  • আক্ৰান্ত অংশটো চাবোন আৰু পানীৰে লগে লগে ধুই দিব।
  • ফেলামাইন লোচন সানি দিব।
  • আইচ পেক লগাব। আইচ পেকে বিষ আৰু জ্বলন পোৰণৰ পৰা সকাহ দিব।

 

শিশুৰ ভৰিৰ বিষ আওকাণ নকৰিব:

 

শিশুৰ বিকাশৰ অন্যতম ইংগিত হৈছে তেওঁৰ খোজকঢ়াৰ ক্ষমতা আৰু সময়। খোজকঢ়াৰ সময় সকলো শিশুৰ বাবে ভিন ভিন হয়। কিছুমান শিশুৱে ১১ মাহ বয়সতে খোজ কাঢ়িবলৈ আৰম্ভ কৰে আৰু কিছুমানৰ এবছৰতকৈও অধিক সময়ৰ প্ৰয়োজন হয়। এইটো এটা সামান্য কথা। কিন্তু খোজ কাঢ়িবলৈ অত্যধিক সময় ল’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতিকৈ জৰুৰী। একেদৰেই যদি শিশুৱে খোজকঢ়া বা থিয় হোৱাৰ সময়ত তলুৱা আৰু গোঁৰোহাত বিষ অনুভৱ কৰে, তেতিয়া আওকাণ কৰা উচিত নহয়। বিশেষকৈ বিষ যদি ৪-৫ দিনলৈকে থাকে আৰু সহজ উপায়েৰে ঠিক নহয়, তেন্তে চিকিৎসকৰ কাষলৈ শিশুটোক লৈ যাব। ভৰিৰ তলুৱা বা ভৰিৰ বিষৰ বিভিন্ন কাৰণ থাকিব পাৰে। কিন্তু তাৎক্ষণিক আৰু সুচিকিৎসাই শিশুক আৰোগ্য কৰিব পাৰে। শিশুৰ ভৰিৰ লগত জড়িত এনে সমস্যা হ’ল-

  • কিছুমান শিশু দৌৰোঁতে, খোজ কাঢ়োঁতে বা শাৰীৰিক কৰ্মৰ সময়ত ভৰি, আঁঠু আদিত বিষয় অনুভৱ কৰে। এনেক্ষেত্ৰত তৎক্ষণাৎ চিকিৎসা আৰু পৰামৰ্শৰ প্ৰয়োজন।
  • ভৰিৰ নখক একপ্ৰকাৰ সুৰক্ষা কবচ বুলি ক’ব পাৰি। কেতিয়াবা নখ বেয়াকৈ কাটিলে, টান জোতা-মোজা পিন্ধালে শিশুৰ নখ মৰি যাব পাৰে। আওকাণ কৰিলে সমস্যা গম্ভীৰ হ’ব পাৰে। সেয়ে নখৰ চিকিৎসা কৰাব লাগে।
  • ভৰিৰ কোনো ঠাইত সৰু সৰু গুটি উঠিব পাৰে। কিন্তু ভৰিৰ একেবাৰে তলৰ অংশত উঠা এনে গুটিয়ে বিষ সৃষ্টি কৰে। শৰীৰৰ আন ঠাইতো এনে গুটি উঠিব পাৰে। ধ্যান নিদিলে শৰীৰৰ গভীৰলৈকে বিয়পি যাব পাৰে আৰু শিশুৰ থিয় হৈ থকা, খোজকঢ়া আদি সমস্যা উদ্ভৱ হ’ব পাৰে।

এইবোৰ সমস্যাৰ উপৰি সংক্ৰমণ, অভ্যন্তৰৰ দুৰ্বলতা বা আনুবংশিক কাৰণতো শিশুৰ ভৰিৰ বিষ হ’ব পাৰে। শিশুৰ সমস্যাক আওকাণ নকৰি চিকিৎসকৰ কাষ চপাটোৱেই বুদ্ধিমানৰ কাম।

শীতত শিশুৰ স্বাস্থ্যৰ যতন:

 

বিশেষজ্ঞসকলৰ মতে ঠাণ্ডাত বায়ুমণ্ডলত নানা বেক্টেৰিয়া মিহলি হৈ পৰে। গতিকে শিশুৱে যেতিয়া বতাহত উশাহ লয়, তেতিয়া কাষত বেমাৰত ভোগা লোক থাকিলে অতি সহজে শিশু বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয়। বিভিন্ন পৰীক্ষাত প্ৰমাণ হৈছে যে ঠাণ্ডা বতৰে শিশুক বেমাৰত নেপেলায়, বৰঞ্চ আন কাৰণতহে এনে বতৰত শিশুৰ ৰোগ বৃদ্ধি পায়। সেয়ে সৰু সৰু কিছুমান কথালৈ লক্ষ্য উৰাখিয়েই শিশুক ৰোগমুক্ত কৰি ৰাখিব পাৰি-

    নিয়মীয়াকৈ হাত ধুৱাব:

ঠাণ্ডা আৰু বেমাৰৰ বীজাণুৰ পৰা শিশুটোক বচাই ৰাখিবলৈ নিয়মীয়াকৈ শিশুটোক হাত ধোৱাৰ অভ্যাস কৰাব। প্ৰতিবাৰেই টইলেটৰ পৰা অহাৰ পিছত, খাদ্য গ্ৰহণৰ আগত, বিদ্যালয়ৰ পৰা উভতি আহি বা খেলাৰ পাছত ঘৰলৈ আহি হাত-ভৰি ধোৱাটো বাধ্যতামূলক কৰিব। ইয়াৰ বাবে কোনো এন্টিবেক্টৰিয়েল চাবোন লোৱাৰ প্ৰয়োজন নাঈ, যিকোনো চাবোন ব্যৱহাৰ কৰিব পাৰে।

    নাক আৰু কাণত হাত নলগাব:

নোধোৱা হাতত অজস্ৰ বীজাণু থাকিব পাৰে। কোনো সময়ত হাত নোধোৱাকৈ চকু, নাক আদি মোহাৰিলে অতি সহজে শৰীৰৰ অভ্যন্তৰত বীজাণু প্ৰৱেশ কৰি তেজৰ লগত মিহলি হৈ যায়। সন্তানক সেয়ে ৰুমাল ব্যৱহাৰৰ অভ্যাস শিকাব। কহা বা হাচি মৰাৰ সময়ত মুখত টিচু বা ৰুমাল দিবলৈ শিকাব।

    ভেকচিন সময়তে দিব:

কিছুমান বেক্টেৰিয়াৰ পৰা বচাবলৈ শিশুক ভেকচিন দিব। লক্ষ্য ৰাখিব যাতে ভেকচিন সময়মতে দিয়া হয়।

  • প্ৰাকৃতিক উপায়েৰে প্ৰতিৰোধ ক্ষমতা বঢ়াওক। শিশুক পুষ্টিকৰ আহাৰ দিব যাতে, শিশুটোৱে পুষ্টি লাভ কৰে। তদুপৰি শিশুক পৰ্যাপ্ত নিদ্ৰা আৰু শাৰীৰিক ব্যায়াম বা কৰ্মৰো প্ৰয়োজন।

উৎস: দেওবৰীয়া সুকন্যা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate