অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতকালত ছালৰ সমস্যা:

শীতকালত ছালৰ সমস্যা:

 

শীতকাল আহিল। শীতকালৰ জলবায়ু ঠাণ্ডা আৰু শুকান হৈ বায়ুমণ্ডলৰ আৰ্দ্ৰতা কমি অহা বাবে আমাৰ ছালখন শুষ্ক হৈ টানি ধৰা যেন লাগে। ছালখন ৰঙচুৱা হৈ পৰে আৰু ছালত মিহি ফাট মেলে। বিশেষকৈ গোৰোহা আৰু ওঁঠত ফাট মেলা দেখা যায়। কেতিয়াবা এনে পৰ্যায় পায়গৈ যে ছাল ফাটি চটা-চটে এৰায়। অকণমান যত্ন ল’লে আৰু সঠিকভাৱে খাদ্য আৰু পানী খালে আমি এনে সমস্যা আঁতৰাই ৰাখিব পাৰোঁ।

ভৰিৰ গোৰোহা ফটাটো এটা সৌন্দৰ্য সংক্ৰান্তীয় সমস্যা-

ই মানুহক বহু সময়ত বিৰক্তিকৰ অৱস্থাত পেলাব পাৰে। পিছে ইয়াৰ পৰা কেতিয়াবা ডাঙৰ শাৰীৰিক সমস্যাৰো সৃষ্টি হ’ব পাৰে। সাধাৰণতে গোৰোহা বাহিৰ ফালৰ ছাল টান, ডাঠ আৰু শুকাই হৈ এৰাই যায়। ইয়াকেই গোৰোহা ফটা বোলা হয়। শীতকালত ছাল শুকাই গ’লেই এনে হয়। গোৰোহা বাহিৰৰ অংশটোৰ ছাল বেছি ডাঠ হৈ গ’লে এই সমস্যাটো বেছিকৈ হয়। কেতিয়াবা কম-বেছি পৰিমাণে বিষ হোৱাৰ লগতে তেজো ওলাব পাৰে। যদি ছালৰ পৰা ৰক্তক্ষৰণ হয় তেন্তে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। চিকিৎসকে এন্টিবায়োটিক বা অন্য উপযুক্ত দৰৱ দিব। অন্যথা ই শৰীৰৰ ভিতৰলৈ বিয়পি চেপচিচ, গেংগ্ৰিন আদি কৰি ছালত স্থায়ী ক্ষত এৰি যোৱাৰ উপৰি মানুহক মৃত্যুমুখলৈও ঠেলি দিব পাৰে।

শীতকালত যিকোনো লোকৰে গোৰোহা ফাটিব পাৰে, কিন্তু সম্ভাৱনা বেছি থকা কাৰণবোৰ হ’ল-

 

১)শুকান জলবায়ুৰ পৰিৱেশত বসবাস কৰা,

২)শৰীৰ শকত আৰু ওজন বৃদ্ধি,

৩)একেৰাহে খালী ভৰিৰে খোজ কঢ়া বা গোৰোহা ওলাই থকা ছেণ্ডেল, জোতা পিন্ধা,

৪)ঘামগ্ৰন্থিৰ নিষ্ক্ৰিয়তা ইত্যাদি।

ভৰিৰ আন সমস্যাৰ দৰে ভৰিৰ গোৰোহা ফটাৰ চিকিৎসা নকৰাকৈ থাকিলে ই দ’ আৰু সংক্ৰমিত হ’ব পাৰে। যিসকল লোকৰ ডায়েবেটিছ বা ৰোগ প্ৰতিৰোধ সংক্ৰান্তীয় কিবা সমস্যা আছে, তেনে লোকৰ বাবে ই ভয়াৱহ হৈ উঠিব পাৰে। নিয়মীয়াকৈ মইছাৰাইজাৰ লগাই থাকিলে গোৰোহা ফটা ৰোধ কৰিব পৰা যায়। প্ৰথম দেখা দিয়াৰ লগে লগে পিউমিছ শিলেৰে ডাঠ ছাল আৰু ফটা অংশ সদায় লাহে লাহে ঘঁহি নোহোৱা কৰিব পৰা যায়। ফটা ভৰিৰ বাবে প্ৰথমে স্ক্ৰাবৰ দ্বাৰা ঘঁহি ভৰিৰ ফাটৰ মাজত থকা লেতেৰাসমূহ পৰিষ্কাৰ কৰি ল’ব লাগে। নিমখ মিহলি কুহুমীয়া গৰম পানীত ফটা ভৰিখন প্ৰতিদিনে অতি আধা ঘন্টা ডুবাই ৰাখিব লাগে। সদায় দুবাৰ মইছাৰাইজাৰ ঘঁহিব লাগে। নিশা শোৱাৰ সময়ত মইছাৰাইজাৰ ব্যৱহাৰ কৰি কপাহী মোজা পিন্ধিব লাগে। ভৰিৰ গোৰোহা ফটাৰ বাবে গ্লিচাৰিন নতুবা ইউৰিয়া, গ্লাইকোলিক এচিড, চেলিচাইলিক এচিড, লেকটিক এচিড, হোৱাইট পেট্ৰ’লেটামযুক্ত ক্ৰিম বা লিকুইড ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰি নাৰিকল তেল, বাদাম তেল, তিলৰ তেল, সৰিয়হৰ তেল আদি ফটা ছালৰ নিৰাময়ৰ বাবে বহুলভাৱে ব্যৱহৃত এক বিধান। তেনেবোৰ ছালৰ আৰ্দ্ৰতা ৰক্ষা কৰাৰ উপৰি ছালক পুষ্টি দিয়ে। বহুতে দৈ আৰু ক্ৰীমো নেমুৰ সৈতে মিহলাই ফটা গোৰোহাত লগায়। দৈৰ এন্টিঅক্সিডেন্ট গুণে ইয়াৰ ব্যৱহাৰ অধিক কৰি তোলে। খালী ভৰি, গোৰোহা ওলাই থকা পাতল শ্ব’ল থকা ছেণ্ডেল বা জোতা পিন্ধি খোজ কাঢ়িব নালাগে। কোমল শ্ব’লৰ জোতা পিন্ধিলে গোৰোহা ফটা নিয়ন্ত্ৰণলৈ আহে। ভৰিৰ গোৰোহা ফটা ব্যক্তিয়ে নিয়মীয়াকৈ কপাহী মোজা পিন্ধাৰ লগতে ঢিলাকৈ জোতা পিন্ধিব লাগে।

শীতৰ দিনত ঠাণ্ডা বতাহ আৰু শুকান জলবায়ুৰ বাবে ওঁঠৰ ছাল শুকাই গৈ দেখা দিয়া অন্য এক সমস্যা হ’ল ওঁঠ ফটা। ফটা ওঁঠৰ প্ৰচণ্ড বিষ আৰু ওঁঠৰ ছাল চটা-চটি এৰা দিয়ে। কেতিয়াবা বেছিকৈ ওঁঠ ফটাৰ বাবে পেট্ৰোলিয়াম জেলি ব্যৱহাৰ কৰিব পাৰি। ভেছলিন, গ্লিচাৰিন আৰু পেট্ৰ’লজাত সামগ্ৰীৰ ব্যৱহাৰে ওঁঠৰ ছালৰ আৰ্দ্ৰতা বজাই ৰাখি ওঁঠ ফটা বন্ধ কৰে। লিপবাম ব্যৱহাৰ কৰা উচিত।

লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(নিয়মীয়া বাৰ্তা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate