অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতকালত সহজলভ্য ঘৰুৱা বনদৰবেৰে চালৰ যতন

শীতকালত সহজলভ্য ঘৰুৱা বনদৰবেৰে চালৰ যতন



মানুহৰ শৰীৰত আন ৰোগৰ চিকিৎসা ব্যয়তকৈ খুব সম্ভৱ গাৰ চালখনত ঘহা পিহা বা সৌন্দৰ্য্য চৰ্চাৰ খৰছ আটাইতকৈ বেচি বুলিয়েই কব লাগিব । আজিকালি গাৱে ভুয়ে প্ৰসাধন সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় লগতে দেশী বিদেশী কিমান ধৰনৰ কোম্পানি গঢ়ি উঠিছে । কি ধনী ,কি দুখীয়া ,কি বিশ্ব সুন্দৰী ,কি কুৎচিত প্ৰত্যেকেই আমি চালৰ যতনৰ বাবে কিবা নহ্য় কিবা ঘহো । বতৰৰ অনুকুলেও আমাৰ গাৰ চালৰ পৰিবৰ্তন দেখা যায় । গৰম দিনৰ লগতে শীত কালতো আমাৰ গাৰ চালৰ নানা আসোৱাহ আহি পৰে ।
সেয়ে শীতৰ দিনত এনে আসোৱাহত দামী দামী প্ৰসাধন বা পাৰ্শক্ৰীয়া হব পৰা সস্তীয়া বা নকল প্ৰসাধন সনাতকৈ কম মুল্যতে তথা পাৰ্শক্ৰীয়া- বিহীন ঘৰুৱা বনদৰবেৰেও যতন লব পাৰোহক ।তাৰে কিছু পদ্ধতি তলত দিয়া হ'ল -
১। গাৰ চাল গোৰোহা আদি ফটা  দেহত চি ভিটামিন তথা কেলচিয়ামৰ অভাৱ থকা লোকৰ গা ,ভৰি বা মুখমন্ডল ফাটে । সেয়ে  -

ক) গোলনেমুৰ ৰস দিনে ২৫ মিঃ লিঃ কৈ সদায় খোৱাৰ উপৰি গাত সানিব
খ) কেচা হালধী দুআঙুলমানকৈ গুড়ৰ লগত সদায় খাব আৰু ৰাতি শোৱতে (বা দিনত) গাত সানিব ।
গ) বতৰৰ থলুৱা টেঙাজাতীয় ফল খাব -বিশেষকৈ কমলা বা আমলখি নিয়মিত খাব ।
ঘ) গোৰোহা ফাটিলে ছতিয়ন ,বৰগছ নাইবা আঁহত গছৰ এঠা লগাব ।
ঙ) ওঠ আৰু গাল ফাটিলে গাখীৰৰ সৰ বা মৌজোল লগাব পাৰে ।
২। গাৰ চাল নিমজ কৰাবলৈ:-
ক) কেচা বাদাম ৫-৬টা আৰু অলপ কেচা হালধী এগিলাচ গাখীৰত ৰাতি তিয়াই থব । ৰাতিপুৱা তাত কিছু নাৰিকলৰ গাখীৰ মিহলাই গাত কেইদিনমান সানিলে চাল সতেজ আৰু উজ্জল হয় ।
খ) বাদাম তেল ২চামুচ আৰু গোলাপ জল ১চামুচ মিহলাই গা মালিচ কৰিলে শুকান চাল নিমজ আৰু মসৃন হয় ।
গ) বকফুলৰ গুড়ি আৰু মহৰ দৈৰ মাখন মিহলি কৰি গাত ঘহিলে চাল নিমজ হয় ।
ঘ) বগা চন্দনৰ গুড়ি ,,,গাখীৰ, দৈ আৰু হালধী মিহলাই গাত সানিলে চাল নিমজ হয় ।
ঙ) পকা অমিতা বা পকা কল ফেটি মুখত বা গাত সানিলে চাল মসৃন হয় ॥
চ)মচুৰ দাইল বতা আৰু মৌ ঘহিলেও ভাল
ছ)সুমথিৰা টেঙাৰ বাকলিৰ গুড়া আৰু মৌ মিহলাই মুখত ঘহিলে মুখৰ সৌন্দৰ্য বাঢ়ে ।
ঝ) মাটিমাহ আৰু হালধী ঘহাতোও উত্তম ।
ঞ)ঘৃতকুমাৰী পাতৰ বিজল সানিলে চালৰ যিকোনো সমস্যা দুৰ হয় ।
৩।কম বয়সতে চাল সোতোৰা পৰা বা গাত বলিৰেখা পৰা -
ক) আলুৰ বাকলি পিহি নেমু বা কমলাৰ ৰস মিহলাই গাত সানিব।
খ) জিৰাগুৰি পানীত উতলাই ঠান্ডা হলে গাত সানিব
গ) যিকোনো পাচলি কাটোতে ওলোৱা ৰস গাত সানিলে চালৰ সোতোৰা পৰা গুচে।
ঘ) প্ৰচুৰ পৰিমানে ৰসাল ফল খালে চালৰ সোতোৰা পৰা গুচে।
লিভাৰ দুৰ্বলতা থাকিলে বা পানী পৰ্যাপ্ত পৰিমানে নাখালেও চাল ৰুক্ষ বা সোতোৰা হব পাৰে : সেয়ে পানী কমকৈ নেখাব -
চালৰ সকলো সমস্যাৰ বাবে যিকোনো বতৰত নিয়মিত ৩/৪লিটাৰ পানী , আমলখি বা কেলচিয়াম আৰু ক খ গ ভিটামিন থকা যিকোনো ৰসাল ফল খাব ॥ অধিক বনদৰৱজাতীয় পুস্তিকৰ শাক পাচলি খাব ।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 4/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate