অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতত ছালৰ যত্নঃ

শীতত ছালৰ যত্নঃ

 

শীতকালি বতৰ শুকান হয়। কাৰণ মইশ্ব’ৰাইজাৰৰ মাত্ৰা কমাত আমাৰ ছাল আৰু চুলিও শুকান হয়। সেইবাবে এই সময়ত আমি আমাৰ ছাল, চুলিৰ বিশেষভাৱে যত্ন ল’ব লাগে। তাৰেই কেইটামান উপায় আগবঢ়ালো।

-  গা ধোৱা পানী অলপ কুহুমীয়া হ’ব লাগে। পানীখিনিত দুই চামুচমান অ’লিভ অইল মিহলাই ল’ব। নতুবা গাত ঘঁহি হাতেৰেই মালিচ কৰি ল’ব। এনে কৰিলে তেজ চলাচল সঠিক হয়। বেছি গৰম পানী হ’লে ছালৰ পৰা প্ৰাকৃতিক তেলখিনি শুহি নিয়ে। ফলত ছালখন বেছি শুকান হয়।

-  ৰাতি শোৱাৰ আগেয়ে সদায় গাত ব’ডীলোচন বা তেল লগাব। হাত আৰু ভৰি কুহুমীয়া গৰম পানীত নেমুৰ পাত, তেল নিমখ একাপ মিহলাই ধুব। সম্ভৱ হ’লে বাথ টাবত দেহটো তিয়াই থ’ব। ফলত দেহৰ পৰা দুৰ্গন্ধ আঁতৰোৱাত নেমুৰ পাতে সহায় কৰিব। তেলৰ দ্বাৰা ছালক মইশ্ব’ কৰি ৰাখিব। নিমখৰ দ্বাৰা শৰীৰৰ নিগেটিভিটী দূৰ কৰি শৰীৰৰ বিষ নাশ কৰিব। ই অতি পুৰণি প্ৰথা।

- শীতত তেলযুক্ত মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰিব। যেনে- লেভেণ্ডাৰ, কেম’মাইল জ’যবা তেলযুক্ত। খজুৱাই থকা ছালত তেলৰ লগত নাৰ্জি ফুলৰ পাত কেইটামান সিজাই ল’ব।

-  শীতৰ বতাহৰ পৰা ৰক্ষা পাবৰ বাবে ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব।

-  গা ধোৱাৰ ঠিক পাছতেই মইশ্ব’ৰাইজাৰযুক্ত ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব। শীতত খুব ঘঁহি ঘঁহি গা ধোৱা পানী মচিব নালাগে। ই ছাল শুকান কৰে।

- ঘৰৰ মইশ্ব’ৰাইজাৰ শুকান নহ’বৰ বাবে এটা বাটিত এৰ’মা অইল পানীৰ লগত ৪-৫ টোপালমান দি এৰ’মাৰ চাকি জ্বলাব। অৰ্থাৎ বাটিৰ তলত মম জ্বলাই দিব।

- হাত-ভৰি শুকান নহ’বৰ বাবে মেনিকিওৰ, পেডিকিওৰ কৰাব। এনে কৰিলে হাত-ভৰিৰ সৌন্দৰ্য বাঢ়ে।

- শীতত আমাৰ মৃত কোষ পৰিষ্কাৰ কৰাৰ বাবে কমলাৰ বাকলি, চাউল এমুঠি মিক্সিত দৈৰ লগত পেষ্ট কৰিব। এতিয়া গোটেই গাত ঘঁহি ঘঁহি ধুই দিব।

-  শীতকালি আমাৰ ভৰিৰ গেৰুৱা খুব ফাটে। সেইবাবে শীতত পেডিকিওৰ কৰাৰ উপৰি ৰাতি কেষ্টৰ অইল আৰু ঘানিত পেৰা মিঠাতেলেৰে মালিচ কৰি সূতাৰ মোজা পিন্ধি শুব। কেইদিনমান কৰিলে শৰীৰৰ শুকান ভাব নাথাকিব। বেছি ক্ষাৰ থকা সামগ্ৰী যেনে গা-ধোৱা বা কাপোৰ ধোৱা চাবোন ব্যৱহাৰ নকৰিব। ই ছালৰ বহু ক্ষতি কৰিব।

-  আমি ব্যৱহাৰ কৰা ক্লিনজাৰ শীতকালি সলনি কৰিব। মইশ্ব’ৰাইজাৰ ক্লিনজাৰ ব্যৱহাৰ কৰিব।

-  মুখৰ প্ৰলেপৰ বাবে মৌ, দৈৰ ক্ৰীম, বাদাম, গাখীৰৰ ক্ৰীম, মাখন, কল আদি ব্যৱহাৰ কৰিব।

- ঘৰতে তৈয়াৰ কৰা মুখৰ প্ৰলেপ ছালৰ বাবে উত্তম। হালধি পাউডাৰ, চেনি আৰু দৈৰ ক্ৰীম মিহলাই প্ৰতিদিনে লগাব। ই ছাল বগা আৰু মিহি কৰিব।

-  নাৰিকলৰ গাখীৰ, মৌ, পকা অমিতা আৰু জলফাইৰ তেল মিহলাই শৰীৰত, মুখত আৰু হাত-ভৰিত লগাব। ফলত ছাল বগা আৰু মইশ্ব’ হৈ থাকিব।

-  শীতত কোনোধৰণৰ চাবোন ব্যৱহাৰ নকৰিব। ই ছালক শুকান আৰু একজিমা হোৱাত সহায় কৰিব।

- ছালত খজুৱতী নোহোৱাৰ বাবে গ্ৰীণ টী আৰু গাখীৰৰ ক্ৰীম ব্ৰাউন চেনিৰ সৈতে মিহলাই গাত ঘঁহি ঘঁহি ধুব। এনে কৰিলে ছালত খজুৱতি নহয়। ছালৰ বিভিন্ন সমস্যা দূৰ কৰে।

-  শীতকালি শৰীৰক মইশ্ব’ কৰি ৰখাৰ বাবে সঠিক খাদ্য অৰ্থাৎ পুষ্টিকৰ খাদ্য খাই নিজকে ধুনীয়া স্বাস্থ্যৱান কৰি ৰাখিব লাগে। খাদ্যই আমাৰ শৰীৰৰ শুকান ভাব আৰু ৰ’দৰ তাপৰ পৰা মুক্ত কৰি বয়সৰ চাপ কমাই ৰাখে।

- বাদামে আমাৰ শৰীৰৰ শুকানতা কমাই ৰাখে। ই এণ্টি-অক্সিডেণ্টযুক্ত। বাদাম প্ৰতিদিনে চাৰিটাকৈ খাব। আখৰুট দুটাকৈ খালেও ছালৰ শুকান ভাব নাথাকে।

-  গাজৰ, ব্ৰুকলি, অমিতা, স্কোৱাছ, বন্ধাকবি, ফুলকবি আদি সিজাই খাব। ই ছালক সতেজ কৰি ৰাখে।

-  পালেং, লাই, লফা, সৰিয়হ শাক ছালৰ সতেজতাৰ বাবে অতি উত্তম।

এইদৰে শীতত নিজকে সতেজ কৰি ধুনীয়াকৈ শীতৰ আমেজ ল’ব পাৰে।

(উৎসঃ অসম বাণী, ভানু শৰ্মা)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate