মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / শীতত সুস্থ হৈ থাকিবলৈ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতত সুস্থ হৈ থাকিবলৈ

শীতত সুস্থ হৈ থাকিবলৈ

গ্ৰীস্মৰ সূৰ্যৰ তাপে দহি নিয়াৰ পিছত ধৰাৰ বুকুলৈ আহিল শীত। শীত বুলিলেই মনলৈ আহে পুৱাৰ ধোঁৱাই থকা চাহকাপৰ কথা, কমলাৰ টেঙা, মিঠা সোৱাদ। ৰ’দ কাঁচলিত বহি শীত কালত জলফাইৰ চাটনি নাইবা আচাৰ খোৱাৰ আনন্দই সুকীয়া। নিহালিৰ মিঠা উমত ৰাতিবোৰ উমান হৈ পৰে। পুৱা শেতেলি এৰিবলৈ বহুত কচৰৎ কৰিবলগীয়া হয়। শীতে আনে জীৱনলৈ মিঠা আমেজ। বছৰৰ এই সময়খিনি আৰামদায়ক হ’লেও শীতে লগত আনে বিভিন্ন বেমাৰ। অলপমান অসাৱধান হ’লেই কষ্ট পাব’লগীয়া হয়। বিশেষকৈ শিশু আৰু বয়োজ্যেষ্ঠসকল এই সময়ত সাৱধানে থকা উচিত। এই সময়ত চৰ্দি, জ্বৰ, কাঁহ, টনচিল আদিয়ে যথেষ্ট আমনি দিয়া দেখা যায়। সেয়ে প্ৰখৰৰপৰা সজাগ হৈ থাকিলে বৰ বেছি অসুবিধাত পেলাব নোৱাৰে।

 

কি কৰিব

  • শৰীৰক সুস্থ ৰাখিবলৈ প্ৰথমৰেপৰা গৰম কাপোৰ পিন্ধিব লাগে। পুৱা ফুৰিবলৈ ওলাই গ’লে টুপী, মাফলাৰ আদি মৰা উচিত।
  • মছলা কম থকা আহাৰ খাব লাগে।
  • ফলৰ ৰস, ছালাড আদি খাব লাগে।
  • ভিটামিন ‘চি’ যুক্ত আহাৰ যেনে- কমলা, নেমু, জলফাই, আমলখি আদি প্ৰচুৰ পৰিমাণে খোৱা উচিত। কাৰণ এই সময়ত ছাল খহটা হৈ পৰে।
  • ধূলিৰ কাৰণে মূৰত উফি হয়। সেয়ে সপ্তাহত কমেও এদিন মূৰ ধুব লাগে।
  • ঠাণ্ডা বুলি বহুতে পানী খাব নিবিচাৰে। কিন্তু শীত কালতো শৰীৰক যথেষ্ট পানীৰ প্ৰয়োজন।
  • ঠাণ্ডাত সাধাৰণতে ছাল ফাটে। সেয়ে ক’ল্‌ডক্ৰীম, ময়শ্চাৰাইজাৰ নাইবা খাটি সঁৰিয়হৰ তেলেৰে সদায় গোটেই শৰীৰটো মালিচ কৰিব লাগে।
  • ভৰিত মোজা পিন্ধিব লাগে। নহ’লে ভৰি ফাটিব।

কি নকৰিব

  • শীতকালত ঠাণ্ডাৰ বাবে গা নোধোৱাকৈ নাথাকিব। ছালৰ ৰোগে আক্ৰমণ কৰিব পাৰে।
  • ঠাণ্ডা পানী খাব নালাগে।
  • আইচক্ৰীম, ফ্ৰীজত থকা খোৱা বস্তু গৰম নকৰাকৈ খাব নালাগে।
  • এই সময়ত বতৰ শুকান হৈ থাকে। বায়ুমণ্ডলত থকা ধূলি, ধোঁৱা কুঁৱলীৰ লগত মিলি থাকে। গতিকে শিশু আৰু বয়োজ্যেষ্ঠসকল কুঁৱলী আঁতৰি নোযোৱালৈকে বাহিৰত ওলাব নালাগে।
  • এই সময়ত সাধাৰণতে ওঁঠ ফাটে। ওঁঠত পেট্ৰ’লিয়াম জেলি, ভেছলিন লিপ কেয়াৰ সদায় ৰাতি শুবৰ সময়ত লগাব লাগে। ওঁঠ চেলেকি নাথাকিব।
  • চুলিত তেল লগাই বাহিৰলৈ ওলাব নালাগে।
  • সৰু ল’ৰা-ছোৱালীক ধূলি-বালিত খেলিবলৈ দিব নালাগে। চৰ্দি-জ্বৰ, এলাৰ্জি আদি হ’ব পাৰে।
  • চাহ বা কফি কমাই খাব লাগে। বহুতে ঠাণ্ডাৰ কাৰণে গৰম কফি বা চাহ খাই ভাল পায়। ই উপকাৰতকৈ অপকাৰহে কৰে।

লিখকঃ ললিতা শৰ্মা লহকৰ, দৈনিক অসম

3.04651162791
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top