শৰীৰ মানে হাত ভৰি নাক কান পেট পিঠি আদিকে ধৰি চকুৰে দেখা পোৱা নোপোৱা স্নায়ু পেশী ধমনী তন্ত্ৰ আদিকে লৈ গোটেই দেহটোকে বুজোঁ । আনহাতে ভৌতিক শৰীৰটোৰ বাহিৰেও অদৃশ্য আন দুটা শৰীৰ আছে যাক জীৱন কালত কেৱল অনুভৱহে কৰিব পাৰো । সেয়া হ'ল মানসিক শৰীৰ আৰু শক্তি শৰীৰ । কম বেচি পৰিমানে সকলো জীৱই বিভিন্ন প্ৰকাৰে শৰীৰ চৰ্চা বা স্বাস্থ্যৰ যতণ লোৱা দেখা যায় । পিছে শৰীৰ চৰ্চা কৰি এজন সু-স্বাস্থ্যৱান লোক হবলৈ দেহটোক হৃষ্টপুষ্ট কৰাৰ লগতে মন আৰু শাৰিৰীক বল শক্তি সমুহো হৃষ্ট পুষ্ট হোৱা অৱশ্যক । দেহ, মন আৰু শক্তিৰ কোনোটোক বাদ দি আমি সুস্থ জীৱন আশা কৰিব নোৱাৰো ।
জীৱদেহ পঞ্চতত্বেৰে গঠিত:----
পৃথিৱীকে ধৰি গোটেই বিশ্ব ব্ৰহ্মান্ডৰ গ্ৰহ নক্ষত্ৰ জীৱ জন্তুৰ লগতে আমি মানুহৰ শৰীৰটোও পঞ্চ তত্ত্বৰে গঠিত। ক্ষিতি অপ তেজ মৰুত ব্যোম অৰ্থাত মাটি,পানী, অগ্নি, বায়ু আৰু আকাশ এই পাছ তত্ত্বৰে গঠিত ।
এজন সুস্থ্য মানৱ শৰীৰত:-
ক্ষিতি তত্ত্ব (মাটি earth)------- ১২শতাংশ
অপ তত্ত্ব( পানী-water) -------------৭২শতাংশ
তেজ তত্ত্ব (অগ্নি-fire)--- -------- ৪ শতাংশ
মৰুত তত্ত্ব ( বায়ু-air )-------- ---- ৬শতাংশ আৰু
ব্যোম তত্ত্ব( আকাশ --sky ) --- ---- ৬শতাংশ থাকে ।
শৰীৰটোৰ এই পঞ্চতত্ত্বৰ সন্তুলন ৰক্ষা কৰি ৰাখিব পৰা চৰ্চাহে আচল শৰীৰ চৰ্চা ।যিটো নিয়মিত সঠিক সুষম আহাৰ বিহাৰ,সঠিক কৰ্মৰ গতিবিধি,সঠিক ধ্যান, যোগাভ্যাস,বিশ্ৰাম,নিদ্ৰা আদিৰেহে সম্ভৱ । সাধাৰন ব্যস্ত গৃহস্থ্য জীৱনধাৰী ব্যক্তিৰ বিভিন্ন কাৰনত পঞ্চতত্ত্বসমুহ অসন্তুলিত বা অশুদ্ধ হোৱাৰ বাবেই দেহ-মন আৰু বলশক্তিৰ বিকৃতি বা তাৰতম্য দেখা যায় । কাৰোবাৰ স্বাস্থ্য ভাল-মন দুৰ্বল, মন ভাল- স্বাস্থ্য বেয়া ,দেহ মন ভাল- বলশকতি কম,বল শক্তি আছে --মন বেয়া ইত্যাদি। সেয়ে ব্যস্ত আৰু সাধাৰন ব্যক্তিৰ অসন্তুলিত বা অশুদ্ধ হোৱা পঞ্চতত্ত্ব শুদ্ধি তথা নিৰোগী দেহ, সুস্থিৰ মন আৰু দেহ মনৰ শক্তি ক্ষমতা যথাসম্ভৱ সন্তুলন বজাই ৰখাৰ বাবে তলত পঞ্চতত্ত্বৰ সহজ শুদ্ধিকৰন ব্যৱস্থা দিয়া হ'ল -
১। ক্ষিতি শুদ্ধি:-- প্ৰতিদিনে নিয়মিত ৰাতিপুৱা বা দিনটোৰ যিকোনো সময়ত কিছুসময়ৰ বাবে হলেও খালি ভৰিৰে খোজ কঢ়া আৰু হাতৰ তলুৱাৰে মাটি স্পৰ্শ কৰা মন,বিবেক, বুদ্ধি ,মেধা শক্তিৰ বাবে উত্তম শুদ্ধি ।
২ । অপ শুদ্ধি:---উষাপান অৰ্থাত ৰাতিপুৱা শুই উঠি আৰু দিনটোৰ যথাসময়ত পৰ্যাপ্ত মাত্ৰাত (বয়সৰ অনুপাতে দুইৰ পৰা চাৰি লিটাৰ) বিশুদ্ধ পানী সেৱন তথা নিয়মিত স্নান কৰা ! দেহ মনৰ সৰ্বৰোগ আৰু প্ৰান শক্তিবৰ্ধনৰ নাবে উত্যম শুদ্ধি।
৩। তেজ শুদ্ধি:---দিনটোৰ আগবেলাৰ সুবিধাজনক সময়ত ৰৌদ্ৰস্নান অৰ্থাত সৰ্বশৰীৰত ৰ'দ লগাব(মুৰত নলগাব)। সম্ভৱ নহলে খৰিৰে জলোৱা জুইৰ তাপ (কমেও৫মি:) নাইবা তেল বা ঘীৰে জলোৱা চাকিৰ পোহৰ শৰীৰৰ দুয়োপিঠিত লগাব । দয়া , ক্ষমা ,শোক ,তাপ,প্ৰেম ,লালসা ধেৰ্য্য,হিংসা,মোহ ,কাম, ক্ৰোধৰ অগ্নি নিয়ন্ত্ৰিত হয় । ৰোগ নিৰাময় তথা সহ্যগুণ বৃদ্ধি হয়।
৪।মৰুত শুদ্ধি:--- বায়ু প্ৰানশক্তিৰ আধাৰ । আধুনিক ব্যস্ত যান্ত্ৰিক যুগত শুদ্ধ বায়ু পাবলৈকো মহঙা হ'ল । সেয়ে পাৰিলে নিতৌ ৰাতিপুৱা বা সুবিধা অনুসৰি মুকলি শুদ্ধ বতাহ লব লাগে নাইবা সুবিধানুসৰি প্ৰাকৃতিক দৃশ্য উপভোগ কৰটো উত্তম মৰুতশুদ্ধি । মনৰ অৱসাদ, দুঃচিন্তা দেহৰ ৰোগ নিৰাময়ত সহায়ক তথা দেহ মন পাতল হৈ নতুন প্ৰানশক্তি পায় ।🏓 যোগ প্ৰাণায়াম আদিৰ অভ্যাস অধিক ফলপ্ৰদ ।
৫।ব্যোম শুদ্ধি:--- ৰাতিপুৱা সূৰ্য্য উদয়ৰ পৰা সূৰ্য্যটো পৃথিৱীৰ ত্ৰিছ ডিগ্ৰী কোণ হোৱাৰ সুবিধানুযায়ী যিকোনো মুহুৰ্তৰ ভিতৰত আৰু অস্ত যোৱাৰ পুৰ্বে মুকলি মনে কিছুপৰ আকাশ আৰু সূৰ্য্যলৈ চাই সেৱা এটি কৰা অভ্যাস গঢ়ি তোলক(পৰিয়াল আনবোৰকো অভ্যাস কৰাব)
ব্যোম বা আকাশ শুদ্ধিয়ে মনৰ দুখ ,অৱসাদ দুৰ কৰাই নহয় দেহ মন অত্যন্ত পাতল হৈ পৰে । লগতে ওপৰলৈ চাই নিজৰ ইষ্টদেৱক স্মৰন কৰিলে ঈশ্বৰৰ কৃপা প্ৰাপ্তিবোধ আৰু মন শান্ত হয় ।
বন্ধু বান্ধবী সকল , এনে শুদ্ধিকৰনৰ কিছু শুদ্ধি প্ৰক্ৰিয়া স্বাভাৱিক ভাৱেই কৰা হয় যদিও নিজে তথা পৰিয়ালৰ অন্য সদস্যই নিয়মীয়া অভ্যাসৰ দ্বাৰা অধিক ব্যস্ততাৰ মাজেৰেও কিছু শাৰিৰীক ও মানসিক শক্তিৰ ফলপ্ৰসু উন্নতিসাধন হব বুলি ভাৱো ।
লেখক:- যতীন দাস
শেহতীয়া উন্নীতকৰণ: : 2/6/2019