১) নাকেৰে খুব দীঘলকৈ উশাহ ল’ব। ১০চেকেণ্ড উশাহ বন্ধ কৰি ৰাখি নিশাহ ত্যাগ কৰিব। প্ৰত্যেকবাৰ উশাহ লওঁতে আপোনাৰ পেটটো ফুলি উঠিব লাগিব। এনেকৈ উশাহ্-নিশাহ লওঁতে চকু দুটা মুদি যিকোনো এটা সুন্দৰ প্ৰাকৃতিক দৃশ্য কল্পনা কৰিবলৈ চেষ্টা কৰিব। তেতিয়া শৰীৰত বেছিকৈ প্ৰশান্তি অনুভৱ কৰিব।
২) হাঁহিব। যিমান পাৰে হাঁহিব। কেৱল ওঠ দুখন মেল খোৱা মিচিকিয়া হাঁহিৰে কাম নচলিব। এনেকুৱা এটাহাঁহি মাৰিবলৈ চেষ্টাকৰিব। যিটো হাঁহি আপোনাৰ পেটৰ পৰা ওলাই গোটেই গাটো জোকাৰি দিব। ভাল হাঁহিৰ নাটক বা অভিনয় চাই ব অকিতাপ পঢ়ি প্ৰাণ খুলি হাঁহিবলৈ চেষ্টা কৰিব।
৩)সকলো নেতিবাচক চিন্তা মনৰ পৰা বিসৰ্জন দিব। অফিচৰ পৰা বাহিৰলৈ ওলায়েই নিজকে ক’ব-মোৰ দিনটোৰ কৰিবলগীয়া সকলো কাম কৰা হৈ গ’ল। অফিচৰ কাম অবা সমস্যা কেতিয়াও ঘৰলৈ নানিব। অফিচৰ কামৰ কথা মনলৈ আহিলেও মোবাইল মকেছেজ ‘ডিলিট’ কৰাৰ নিচিনাকৈ, লগে লগে তাক ডিলিট কৰি দিব।
৪)ধ্যান কৰিব কৰিব বা ছবি আঁকিব। দিনটোৰ কিছু সময় আধ্যাত্মিক চিন্তাত নিজকে ব্যস্ত্ ৰাখিব। দিনটোৰ কমেও ২০ মিনিটৰ পৰা ৩০ মিনিটলৈ সময় ঈশ্বৰৰ লগত বা প্ৰকৃতিৰ লগত কথা পাতিবলৈ আছুতীয়াকৈ থ’ব। আপুনি এ অকলশৰীয়া নহয়, আপুনি যে এই বিশাল প্ৰকৃতিৰ এটা অংশ মাত্ৰ, সেই কথা উপলব্ধি কৰিবলৈ ই আপোনাক সহায় কৰিব।
৫) আসনত বহি লৈ বা বিছনাত শুই লৈ ভৰিৰ পৰা আৰম্ভ কৰি শৰীৰৰ প্ৰতিটো অংগ শিথিল কৰিবলৈ চেষ্টা কৰিব। তালুৰ পৰা তলুৱালৈকে গোটেই শৰীৰটো শিথিল কৰিব পাৰিলে আপুনি শৰীৰটোত অবৰ্ণনীয় প্ৰশান্তি অনুভৱ কৰিব।
৬) গাটো মেজেমেজাই থকা যেন লাগিলে কোঠাটোৰ ভিতৰতে জোৰেৰে খোজ কাঢ়িব। মূৰটো এবাৰ সোঁ ফাললৈ আৰু এবাৰ বাওঁ ফাললৈ হলাই দিব। দুয়োখন হাত এবাৰ আগলৈ আৰু এবাৰ পিছলৈ কেইবাবাৰো অনা-নিয়া কৰিব।
৭) বুঢ়া আংঙুলিকে ধৰি হাতৰ আটাইকেইটা আঙুলিৰ মুৰৰ তালুত থ’ব। কষ্ট নোপোৱাকৈ যিমান পাৰে তালুখনত হেঁচা দিব। তাৰ পিছত গোতেই মূৰটো কোমলকৈ মালিচ কৰিব।
৮) বিছনাত আঁঠু কাঢ়ি বহি লৈ গাৰুৰ লগত যিমান পাৰে জোৰেৰে বক্সিং খেলিব।
৯)বাথ টাব থাকিলে গৰম পানীত পোন্ধৰ মিনিট গাটো ডুবাই ৰাখিব। বাথ টাব নাথাকিলে ১৫ মিনিট সময় ধৰি গাতোত লাহে লাহে গৰম পানী ঢালিব।
১০) খোজ কঢ়া, জগিং কৰা, পাহাৰ বগোৱা, লিখা, ৰন্ধা-বঢ়া কৰা—যিটো কাম কৰি আপুনি মনত বিমল আনন্দ অনুভৱ কৰে, তেনে এটা কাম মাজে মাজে কৰিব। গা বা মনৰ ওপৰত হেঁচা দিয়া কোনো কাম নকৰিব।
স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
শেহতীয়া উন্নীতকৰণ: : 9/13/2018
আপোনাৰ শৰীৰত মাংসসাৰৰ অভাৱ ঘটিছে নেকি জনাৰ ৫ টা কি...
আপোনাৰ মুখমণ্ডলৰ যত্ন লওঁক
অপকাৰী চৰ্বীৰ পৰা হাত সাৰিবলৈ
আমাৰ শৰীৰৰ ছালখন আৰু ইয়াৰ যতনৰ বিষয়ে দুআষাৰ