শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দেহত সঠিকভাৱে ৰক্ত প্ৰৱাহ হোৱাটো অতি প্ৰয়োজনীয়। সঠিকভাৱে হোৱা ৰক্তপ্ৰৱাহে আমাৰ দেহৰ বিভিন্ন অংগলৈ পুষ্টি, খনিজ দ্ৰব্য আৰু অক্সিজেন কঢ়িয়াই নি প্ৰতিটো অংগৰ দেহকোষৰ সৃষ্টি বৃদ্ধি আৰু অন্যান্য কাম-কাজসমূহ উন্নত কৰি তোলে।
দূৰ্বল ৰক্তপ্ৰবাহৰ ফলত শৰীৰৰ বিভিন্ন অংগ যেনে, মগজু, হৃদযন্ত্ৰ, যকৃত, বৃক্ক, আৰু আন আন অংগসমূহৰ ক্ষতি কৰিব পাৰে। শৰীৰত ৰক্ত প্ৰবাহ দূৰ্বল হোৱাৰ লক্ষণ কিছুমান হ’ল অনবৰতে হাত-ভৰিবোৰ ঠাণ্ডা হৈ থকা, অলপতে ভাগৰ বোধ কৰা, মূৰ ঘূৰোৱা, বেছিকৈ চুলি সৰা, ছাল শুকাই যোৱা, মূৰৰ বিষ, শৰীৰৰ বিভিন্ন পেশীৰ বিষ, ভৰিৰ বিষ আৰু অনিয়মিত হৃৎস্পণ্ডন। ৰক্তপ্ৰবাহ দূৰ্বল হোৱাৰ কেইটামান কাৰণ তলত উল্লেখ কৰা হ’ল:
আন কিছুমান শাৰিৰীক সমস্যাৰ বাবে ৰক্তপ্ৰবাহ দূৰ্বল হব পাৰে। যেনে:
শৰীৰটো সুস্থ কৰি ৰাখিবলৈ হ’লে শৰীৰত ৰক্তপ্ৰবাহ সঠিক হাৰত বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে। সাধাৰণভাৱে জীৱন শৈলীৰ পৰিৱৰ্তন আৰু উপযুক্ত আহাৰ গ্ৰহণ কৰি ৰক্তপ্ৰবাহ বৃদ্ধি কৰিব পৰা যায়। অৱশ্যে ৰক্তপ্ৰবাহ দূৰ্বলৰ লক্ষণবোৰ দেখিলে চিকিৎসকৰ পৰামৰ্শ লোৱা অতি জৰুৰী। তথাপিও সাধাৰণ কেইটামান উপায় অৱলম্বন কৰি আপুনি ঘৰতে ৰক্তপ্ৰবাহৰ গতি বৃদ্ধি কৰিব পাৰে।
ৰক্তপ্ৰবাহ বৃদ্ধিৰ আটাইতকৈ ভাল উপায় হ’ল ব্যায়াম কৰা। ইয়াৰ বাবে কঠিন ব্যায়ামৰ কোনো প্ৰয়োজন নাই। সাধাৰণ যিকোনো ব্যায়ামে শৰীৰত সঠিক ৰক্তপ্ৰবাহ প্ৰদান কৰে।
শৰীৰত ৰক্তপ্ৰবাহ বৃদ্ধি কৰিবলৈ জল চিকিৎসা অতি ফলপ্ৰসূ। ইয়াৰ ফলত শৰীৰৰ ৰক্তবাহী ধমনীবোৰ উন্নত হয় আৰু ৰক্তপ্ৰবাহ বৃদ্ধি পায়। সেয়েহে পাৰিলে হটবাথ বা ষ্ট্ৰিমবাথ মাজে মাজে কৰিব পাৰে।
নাৰিকল তেলে শৰীৰৰ ৰক্তপ্ৰবাহ উন্নত কৰে। নাৰিকল তেলত স্বাস্থ্যৰ বাবে ভাল ৬ বিধ উপাদানৰ লগতে মিডিয়াম চেইন ট্ৰাইগ্লিচাৰাইড নামৰ উপাদান থাকে যিয়ে ৰক্তধমনী প্ৰশমন কৰি সম্পূৰ্ণ শৰীৰটোত ৰক্তপ্ৰবাহ বৃদ্ধি কৰে।
সেউজীয়া চাহত প্ৰতিজাৰক উপাদান থাকে যিয়ে শৰীৰত ৰক্তপ্ৰবাহ বৃদ্ধি কৰিব পাৰে।
উৎস: ইন্টাৰনেট।
শেহতীয়া উন্নীতকৰণ: : 7/14/2020
টিপলাইৰ বাঁহৰ বজাৰে বৃদ্ধি কৰিছে বাণিজ্যিক সম্ভাৱন...
অণুজীৱ বিজ্ঞানৰ চমু ইতিহাস
কল
অসমীয়াৰে ব্ল'গ লিখোঁ আহক