অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শৰীৰৰ ওজন বৃদ্ধিত জীৱনশৈলীৰ নেতিবাচক প্ৰভাৱ

 

অপৰিষ্কৃত শোৱনি কোঠা -

বহুতৰ মনত প্ৰশ্ন জাগিব শোৱনি কোঠা অপৰিষ্কাৰ হৈ থাকিলেও শৰীৰৰ মেদবহুলতাৰ কি সম্বন্ধ আছে । ইয়াৰো সম্বন্ধ আছে । শোৱা কোঠা পৰিষ্কাৰ হৈ থাকিলে পৰিবেশটোত মজুত হৈ থকা অপৰিষ্কৃত টক্সিন বাহিৰলৈ ওলাই যায় আৰু ফলত টোপনি খুব ভালদৰে হয় । মনত ৰাখিব আপোনাৰ পৰ্যাপ্ত টোপনিৰ বাবে টোপনি যোৱা পৰিবেশটো পৰিষ্কাৰ হ’ব লাগিব ।

পুৱাৰ আহাৰ নোখোৱা -

কৰ্মব্যস্ততাৰে ভৰা আমাৰ জীৱন শৈলীত প্ৰায়ে আমাৰ পুৱাৰ আহাৰ ভালদৰে খোৱা নহয় । অত্যধিক কৰ্মব্যস্ততাৰ বাবে কামৰ খৰখেদাত বহু লোকে পুৱাৰ আহাৰ এৰাই চলে আৰু ভাবিবলৈ লয় আৰু ইয়াৰ দ্বাৰা ওজন হ্ৰাস পাব । কিন্তু সেই ধাৰণা ভুল । প্ৰকৃততে সঠিকভাৱে পুৱাৰ আহাৰ নোখোৱাৰ ফলতো শৰীৰত ওজন বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে ।

অতিমাত্ৰা খাদ্য খোৱা:-

প্লেটত খাদ্য এৰাটো বা অনিষ্ট কৰাটো বেয়া কথা । কিন্তু পেটত ঠাই নোহোৱাকৈ খোৱাটো মানুহৰ বেয়া অভ্যাস । ভোক লাগিলে অতিমাত্ৰা খাদ্য খোৱাটো এৰাই চলক । কমকৈ খাওক , স্বাস্থ্যৱান হৈ থাকক ।

জিৰ’ কেলৰিযুক্ত ছ’ডা পান -

শৰীৰৰ সঠিক ৰক্ষণাবেক্ষণৰ বাবে প্ৰায় বহু লোকে জিৰ’কেলৰিযুক্ত ছ’ডা পান কৰে । কিন্তু সঁচা অৰ্থত এনে ছ’ডাত নিহিত থকা  ছিন্থেটিক এষ্ট’জেনে শৰীৰত ওজন বৃদ্ধি কৰে ।

দৈনিক খোজ নকঢ়া :-

আপুনি যদি দিনটোত খোজেই নাকাঢ়ে, তেন্তে শৰীৰত ওজন বৃদ্ধি পোৱাটো নিশ্চিত । গতিকে এলাহ নকৰি দৈনিক কৰ্মব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক ।

মুকলি বতাহৰ পৰশ -

শৰীৰ স্বাস্থ্যৱান হৈ থাকিবলৈ শৰীৰটোক সদায় মুকলি বতাহৰ পৰশ পৰিবলৈ দিয়া উচিত । যদি আপুনি অধিকাংশ সময় বাতানুকুল বা শীতাতপ কোঠাত সোমাই থাকে, ৰ’দ- বতাহৰ সৈতে আপোনাৰ যদি কোনো সম্পৰ্কই নাথাকে, তেন্তে এনে অৱস্থাত আপোনাৰ শৰীৰৰ ওজন বৃদ্ধি পোৱাটো অন্যতম কাৰণ । কিয়নো মুকলি ৰ’দ-বতাহৰ পৰা যদি আপুনি আঁতৰি থাকে, তেন্তে শৰীৰৰ মেটাবলিজম প্ৰক্ৰিয়াই সঠিকভাৱে কাম নকৰে ।

পৰ্যাপ্ত টোপনিৰ অভাৱ -

অত্যধিক কামৰ বোজা বা চাপত থাকি কাম কৰিলে পৰ্যাপ্ত টোপনি যোৱাটো অতি জৰুৰী । এনে অৱস্থাত ৮-৯ ঘণ্টা টোপনি যাব পাৰিলে স্বাস্থ্যৰ পক্ষে ভাল । এনে কামৰ বোজাত ব্যস্ত থকাসকলে যদিহে ভালদৰে টোপনি যাব নোৱাৰে, তেন্তে এনে কাৰণতো মানুহৰ শৰীৰৰ ওজন বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে । কাৰণ ভালদৰে টোপনি নাহিলে মানুহৰ শৰীৰত কৰ্টিচল নামৰ এবিধ হৰম’ন বৃদ্ধি পায় আৰু ই মেদবহুলতাৰ এক অন্যতম কাৰণ ।

লেখিকা:- প্ৰাৰ্থনা হাজৰিকা

উৎস :- দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 4/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate