অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শৰীৰৰ পৰা ওলোৱা দুৰ্গন্ধ কেনেকৈ দূৰ কৰিব?

 

গৰমৰ দিনত বহুতো লোকৰ শৰীৰৰ পৰা দুৰ্গন্ধ ওলায়। তেনে লোকৰ শৰীৰৰ পৰা ওলোৱা ঘাম অতি দুৰ্গন্ধযুক্ত সেয়ে তেওঁলোকৰ গাৰ পৰা অনবৰতে দুৰ্গন্ধ ওলাই থাকে। ই এটা অতি অস্বস্তিদায়ক সমস্যা। কিছুমান লোকৰ গাৰ গোন্ধ বৰ উৎকট হয় আৰু এনে লোকৰ ওচৰলৈ সাধাৰণতে কোনো লোক যাবই নোখোজে। সভা-সমিতি আদিতো তেনে লোকেৰ ওচৰত কোনো মানুহ বহিব নোখোজে বা বহিলেও তেওঁলোকে বৰ অশান্তিত সময়খিনি কটায় বা সুবিধা পালেই এওঁলোক্ৰ ওচৰৰ পৰা আঁতৰি যাব খোজে। গাৰ পৰা ওলোৱা এনে দুৰ্গন্ধৰ বাবে বহুতো যুৱকৰ ওচৰ নেচাপে কোনো যুৱতী। মনে মনে ভাল পালেও নিকট কোনো যুৱতী। মনে মনে ভাল পালেও নিকট সংস্পৰ্শ গঢ়িব নোৱাৰাৰ ফলত এওঁলোকৰ মাজত সম্পৰ্ক ভাগি যায়। বহু যুৱকৰ দৰে বহু যুৱতীৰো গাৰ পৰা দুৰ্গন্ধ ওলোৱাটো এটা অস্বস্তিকৰ সমস্যা আৰু এনে যুৱতীৰো কাষ চাপিব নোখোজে কোনো যুৱক। মুঠতে ব্যক্তিগত বা সামাজিক সম্পৰ্ক কেৱল গাৰ দুৰ্গন্ধৰ বাবেই ভাগি যোৱাটো এক দুৰ্ভাগ্যজনক ঘটনা। যুৱক অথবা যুৱতী বা অন্য কোনো ব্যক্তিৰ শৰীৰৰ ঘামৰ পৰা ওলোৱা বেয়া গোন্ধৰ কাৰণেই যে কোনো লোকে আপোনাৰ ওচৰ চাপিব নোখোজে, সেই কথা হয়তো আপুনি নিজেও বুজি পায়।

যদি আপুনি এনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, তেনেহ’লে আজি আমি ইয়াত উল্লেখ কৰা সহজ উপায় কেইটা গ্ৰহণ কৰক। এই উপায়বিলাকৰ সহায়ত আপুনি আপোনাৰ গাৰ ঘামৰ পৰা ওলোৱা বেয়া গোন্ধৰ পৰা পৰিত্ৰাণ পাব পাৰিব। এই উপায়বিলাকত প্ৰয়োজন হোৱা উপকৰণবিলাকত বেছি খৰচী নহয় আৰু সহজলভ্য তথা প্ৰাকৃতিক। এইবিলাকৰ কোনো ক্ষতিকাৰক পাৰ্শ্বক্ৰিয়াও নাই।

পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকক -

গাৰ পৰা বেয়া গোন্ধ আঁতৰাবৰ কাৰণে আপুনি যিমানেই পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিব নিবিচাৰক লাগে, ক’ৰবাত নহয় ক’ৰবাত সুৰুঙা থাকি যায়েই। ফলত এই সমস্যাৰ পৰা আপুনি কেতিয়াও সম্পূৰ্ণকৈ পৰিত্ৰাণ নেপায়। প্ৰায় সকলো লোকেই ম্ভাবে যে ঘামৰ বাবেই গাৰ পৰা বেয়া গোন্ধ ওলায়। কিন্তু প্ৰাকৃতিক উপায়েৰে নিৰ্গত হোৱা ঘামৰ প্ৰকৃত গুণ হ’ল- ই গোন্ধহীন বা বৰ্ণহীন এক প্ৰকাৰৰ তৰল দ্ৰব্য আৰু শৰীৰৰ প্ৰতিটো ৰোমকূপেদি এই ঘাম স্বতঃসফূৰ্তভাৱে ওলাই আহে। শৰীৰটো অপৰিষ্কাৰ হৈ থাকিলে, এই ঘামৰ ওপৰত বেক্টেৰিয়াই বাহ লয় আৰু বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত শৰীৰৰ পৰা এনে ধৰণৰ বেয়া গোন্ধ উৎপত্তি হয়। সেয়ে আপুনি যেতিয়া শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰোৱাৰ কাৰণে উপায় লোৱাৰ চিন্তা কৰে, তেতিয়া আপুনি প্ৰতিদিনে নিয়মিত ৰূপে এবাৰকৈ হ’লেও ভাল চাবোন ব্যৱহাৰ কৰি গা ধোৱাটো অপৰিহাৰ্য হৈ উঠে। এনেদৰে কৰা স্নানৰ যোগেদি শৰীৰ পৰা ঘাম ধুই পেলোৱাৰ লগতে তাত বাহ লোৱা বেক্টেৰিয়া আদি সূক্ষ্ম জীৱাণুবোৰো শৰীৰৰ পৰা আঁতৰাই পেলোৱা হয়। পুৱা বেলা কৰ্মস্থলীলৈ চলাই যোৱাৰ আগতে এবাৰ গা-ধোৱাটো অনিবাৰ্য বুলি ধৰি লৈ ভালদৰে গাটো পৰিষ্কাৰ কৰি ধোৱাৰ পিন্ধি ওলাই যাব লগা কাপোৰযোৰো পৰিষ্কাৰ হোৱা উচিত। প্ৰয়োজন হ’লে গৰমৰ দিনত গধূলি পুনৰ এবাৰ এনেদৰে গা ধুলে ৰাতিটো অন্ততঃ শৰীৰৰ পৰা বেয়া গোন্ধ ওলোৱাটো বন্ধ হ’ব আৰু আপুনিও সতেজ অনুভৱ কৰি ৰাতিটো শান্তিৰে পাৰ কৰিব পাৰিব।

গা-ধোৱাৰ পিছত শুকান গামোচা বা টাৱেলেৰে লগাটো শুকানকৈ মচিব -

পুৱা বৰ লৰা-লৰিকৈ গাটো ধুই ওলাই যাব লগা হোৱাৰ বাবে বহুতো লোকে গাটো ধোৱাৰ পিছত শুকানকৈ মচিবলৈ আহৰি নেপায় আৰু গাটো ভালকৈ মোচাৰ প্ৰয়োজন অনুভৱো নকৰে। লৰা-লৰিকৈ গা-ধোৱা ঘৰৰ পৰা ওলাই যাব পাৰিলেই যেন ৰক্ষা পৰে। সেয়ে বহুতে তিতা গাৰে গা-ধোৱা ঘৰৰ পৰা ওলাই আহি পোনে পোনে অফিচলৈ যোৱা কাপোৰযোৰ পিন্ধে। এনে ধৰণৰ অভ্যাসৰ কাৰণেও  শৰীৰৰ যিবিলাক অংশৰ পৰা বেছিকৈ ঘাম ওলাই, সেই অংশবিলাক ভালদৰে চাবোনেৰে পৰিষ্কাৰ কৰি ধুই শুকান গামোচা বা  টাৱেলেৰে মচি পেলাবলৈ নেপাহৰিব। বৰং সেই অংশবিলাক ভালদৰে শুকান কৰি ৰখাৰ প্ৰতি বেছিকৈয়ে মনোযোগ দিব লাগে। শুকান ছালত বেক্টেৰিয়াই বাহ ল’ব নোৱাৰে আৰু তাৰ ফলত বেয়া গোন্ধও উৎপন্ন হ’ব নোৱাৰে। সেয়ে গ্ৰীষ্ম বা শীতকালি শৰীৰটো প্ৰতিটো অংশকে পৰিষ্কাৰ কৰি ৰখাৰ লগতে গোটেই শৰীৰটোকে শুকান কৰি ৰখাৰ প্ৰতিও মনোযোগ দিয়া দৰকাৰ।

ঘাম উৎপন্ন কৰিব পৰা খাদ্যৰ পৰা দূৰত থাকক -

সাধাৰণতে ঘৰত প্ৰস্তুত কৰা খাদ্যই পৰিয়ালৰ কোনো সদস্যকে বিশেষ অপকাৰ নকৰে আৰু এনে খাদ্য খাই অভ্যস্ত হোৱা লোকৰ শৰীৰৰ পৰা বেছি মাত্ৰাত ঘাম নিঃসৰণ কৰাত অৰিহণা নোযোগায়। কিন্তু বাহিৰৰ ৰেষ্টুৰেন্ট বা ফাষ্টফুডৰ দোকানৰ খাদ্যত বিবিধ মছলা দিয়া থাকে বাবে তেনে খাদ্য খালে শৰীৰৰ পৰা বেছিকৈ ঘাম ওলায়। সেয়ে অতিৰিক্ত ঘামৰ পৰা বাচি থাকিবলৈ হ’লে আপুনি এনে খাদ্য খোৱাৰ পৰা আঁতৰি থাকক। জলা-মছলা বা বেছি মুখৰোচক খাদ্য শৰীৰৰ পৰা বেছি ঘাম ওলোৱাৰ বাবে দায়ী। ৰঙা জলকীয়াৰ গুড়ি আৰু বেছি মছলা দিয়া খাদ্য খালে বেছিকৈ ঘাম ওলায়। আপুনি এনেকুৱা খাদ্য বিশেষ উপলক্ষতহে খাব লাগে। কিন্তু সঘনাই এনে খাদ্য খোৱাৰ অভ্যাস কৰিলে শৰীৰৰ পৰা বেছিকৈ ঘাম ওলাব আৰু গাৰ পৰা ওলোৱা বেয়া গোন্ধও প্ৰতিৰোধ কৰিব নোৱাৰিব।

ঘামৰ দুৰ্গন্ধৰ পৰা ৰক্ষা কৰিব পাৰে ‘এপল চাইডাৰ ভিনেগাৰে’ -

আপেলৰ পৰা প্ৰস্তুত কৰা ‘এপল চাইডাৰ ভিনেগাৰে’ শৰীৰৰ ঘামত সক্ৰিয়ভাৱে ক্ৰিয়া কৰি গোন্ধ উৎপন্ন কৰা বেক্টেৰিয়াক ধ্বংস কৰি বেয়া গোন্ধ উৎপন্ন কৰা বেক্টেৰিয়াক ধ্বংস কৰিব পৰাৰ ক্ষমতা আছে। সেয়ে বেছিকৈ গা ঘামি বেয়া গোন্ধ উৎপন্ন কৰা লোকে এইবিধ ভিনেগাৰ ব্যৱহাৰ কৰিলে শৰীৰৰ পি এইচ স্তৰ স্বাভাৱিক কৰি ৰাখিব পাৰে আৰু ইয়াৰ ফলত শৰীৰৰ বেয়া গোন্ধ ওলোৱা বন্ধ হয়।

লেখক: ডাঃ পৰীক্ষিত ভট্টাচাৰ্য(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate