অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ষ্ট্ৰোক প্ৰতিৰোধ

ষ্ট্ৰোক প্ৰতিৰোধ

 

মানুহৰ গুৰুতৰ স্বাস্থ্যজনিত সংকটবোৰৰ ভিতৰত ষ্ট্ৰোক (Stroke)বা ব্ৰেইন এটেক (Brain Attack)অন্যতম।বেছিভাগ দেশতেই ষ্ট্ৰোক হ’ল মানুহৰ মৃত্যুৰ তৃতীয় প্ৰধান কাৰণ আৰু দীৰ্ঘকালীন শাৰীৰিক অক্ষমতাৰো ই এটা ঘাই কাৰণ।শেহতীয়াকৈ ‘ৱৰ্লড ষ্ট্ৰোক অৰ্গেনাইজেচন’-এ এই সতৰ্কবাণী প্ৰচাৰ কৰিছে যে,ষ্ট্ৰোক সন্দৰ্ভত বিশ্বজুৰি ব্যাপক সজাগতাৰ সৃষ্টি নহ’লে,অনাগত দিনবোৰত প্ৰতি ছজন লোকৰ ভিতৰত এজন ষ্ট্ৰোকত আক্ৰান্ত হ’ব।

ষ্ট্ৰোকত আক্ৰান্ত হ’লে মস্তিষ্কলৈ অক্সিজেন আৰু অন্য প্ৰয়োজনীয় উপাদান সৰবৰাহ কৰা ধমনী ক্ষতিগ্ৰস্ত হয়,সেয়েহে ষ্ট্ৰোকক ‘কাৰ্ডিঅ’ভাস্কুলাৰ এক্সিডেণ্ট’বা চমুকৈ ‘চি ভি এ’বোলা হয়।ষ্ট্ৰোক দুই প্ৰকাৰৰ আছে।ইয়াৰ এবিধৰ নাম ‘ইস্কেমিক ষ্ট্ৰোক’(Ischemic stroke)আৰু ষ্ট্ৰোকত আক্ৰান্ত হোৱাসকলৰ প্ৰায় ৮০ শতাংশই এই ধৰণৰ ষ্ট্ৰোকৰ চিকাৰ হয়।এই প্ৰকাৰৰ ষ্ট্ৰোকত ধমনীৰ কোনো অংশত তেজ মখা (Clot) বান্ধি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে আৰু ইয়াৰ ফলত সেই প্ৰতিবন্ধকতা অতিক্ৰমি মস্তিষ্কৰ কোষলৈ তেজ প্ৰৱাহিত হ’ব নোৱাৰে।‘হিমোৰেজিক ষ্ট্ৰোক’(Haemorrhagic stroke) নামেৰে পৰিচিত দ্বিতীয় প্ৰকাৰৰ ষ্ট্ৰোকৰ প্ৰাৰ্দুভাৱ আপেক্ষিকভাৱে কম যদিও এই প্ৰকাৰৰ ষ্ট্ৰোকো প্ৰথম বিধৰ সমানেই বিপজ্জনক।মস্তিষ্কৰ ভিতৰৰ ধমনীৰ কোনো অংশ ফাটি তেজৰ বহিৰ্গমন হ’লেই হিমোৰেজিক ষ্ট্ৰোকৰ উদ্ৰেক ঘটে।ৰক্তবাহী নলী ফাটি মস্তিষ্কৰ কলাৰ ভিতৰত ৰক্তক্ষৰণ হ’লে,তাক ‘ইণ্ট্ৰাচেৰিব্ৰেল হিমোৰেজ’(Intracerebral haemorrhage) বোলে আৰু মস্তিষ্কৰ উপৰিভাগত ৰক্তক্ষৰণ হ’লে,তাক ‘ছাবআৰাকনইড(Subarachnoid haemorrhage হিমোৰেজ’বোলে।

ধমনীত তেজ মখা বন্ধাৰ এটা কাৰণ হ’ল ধমনীৰ কোনো অংশত কলেষ্টেৰ’ল থুপ খাই ,সেই অংশত তেজ সৰবৰাহ হোৱা পথটো শীৰ্ণ হৈ পৰাটো।শীৰ্ণ হৈ পৰা অংশটোত তেজৰ স্বাভাৱিক সোঁতে আঘাত কৰাৰ ফলত ধমনী ক্ষতিগ্ৰস্ত হৈ তেজ মখা বান্ধে।আনহাতে,হৃৎপিণ্ডৰ সংকোচন-সম্প্ৰসাৰণ সঠিকভাৱে নহ’লে তথা হৃদস্পন্দন স্বাভাৱিক নহ’লে অথবা হৃৎ পিণ্ডৰ কপাট (Valve-)ৰ বিসংগতিৰ ফলত মস্তিষ্কলৈ তেজ সৰবৰাহ কৰা ধমনীত তাৰ কুপ্ৰভাৱ পৰিও তেজৰ মখাৰ উৎপত্তি হ’ব পাৰে।এনেদৰে মস্তিষ্কৰ ভিতৰৰ কোনো এডাল ৰক্তবাহী নলীত প্ৰতিবন্ধকতাৰ সৃষ্টি হ’লে অথবা নলী ফাটি গ’লে ষ্ট্ৰোক হ্য়।ষ্ট্ৰোকৰ ফলত মস্তিষ্কৰ কোষবোৰলৈ অক্সিজেন তথা তেজৰ যোগান ব্যাহত হয় আৰু ইয়াৰ পৰিণতিত কোষবোৰ বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হয়।ষ্ট্ৰোকৰ ফলত মস্তিষ্কৰ কোষবোৰলৈ অক্সিজেন তথা তেজৰ যোগান ব্যাহত হয় আৰু ইয়াৰ পৰিণতিত কোষবোৰ বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হয়।ষ্ট্ৰোকৰ দ্বাৰা আক্ৰান্ত হৈ,মস্তিষ্কৰ কোনো এটা অংশই ভালদৰে কাম কৰিব নোৱাৰা হ’লে,পোনে পোনে তাৰ প্ৰভাৱ পৰে মস্তিষ্কৰ সেই অংশটোৱে নিয়ন্ত্ৰণ কৰা শৰীৰৰ অংগত,অৰ্থাৎ ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ কুফল পৰিস্ফুট হয় শৰীৰৰ কোনো অংগত।ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ প্ৰাথমিক লক্ষণবোৰ হ’ল হাত বা ভৰিৰ দুৰ্বলতা ,মুখ বেঁকা হোৱা,কথা কোৱাত অসুবিধা পোৱা,অত্যন্ত মুৰৰ বিষ,বমি হোৱা,ৰোগী অজ্ঞান হৈ পৰিবও পাৰে।উল্লিখিত প্ৰাথমিক লক্ষণবোৰৰ ভিত্তিত মানুহ এজন ষ্ট্ৰোকত আক্ৰান্ত হোৱা বুলি ধাৰণা হ’লে,তেওঁক তৎক্ষণাৎ যথোচিত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা উচিত।ৰক্তবাহী নলীত প্ৰতিবন্ধকতাৰ সৃষ্টি হোৱাৰ ফলত মস্তিষ্কলৈ তেজৰ সৰবৰাহ,বিঘ্নিত হৈ ষ্ট্ৰোকত আক্ৰান্ত হোৱা লোকক সোনকালে (উইণ্ড’ পিৰিয়ডৰ ভিতৰত)যাৱতীয় চিকিৎসা প্ৰদান কৰি,মস্তিষ্কলৈ তেজৰ সৰবাহ স্বাভাৱিক কৰি তুলিব পাৰিলে,মস্তিষ্কৰ কলা ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়।সেয়েহে ষ্ট্ৰোক সন্দৰ্ভত সামুহিক সজাগতাৰ আৱশ্যক।যিহেতু যিকোনো লোকেই ষ্ট্ৰোকত আক্ৰান্ত হ’ব পাৰে,সেয়েহে ষ্ট্ৰোক তথা ষ্ট্ৰোকৰ লক্ষণবোৰৰ বিষয়ে সকলোৱে জনা উচিত।

ষ্ট্ৰোকৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত সময় অতি গুৰুত্বপুৰ্ণ।যদি মস্তিষ্কলৈ ৰক্ত প্ৰৱাহিত হোৱা ধমনীত বাধাৰ সৃষ্টি কৰা তেজৰ মখা ততালিকে ভাঙি দিয়া বা আঁতৰাই পেলোৱা নহয়,তেন্তে প্ৰতি মিনিটত কেইবানিযুত নিউৰন ধ্বংস হৈ যোৱাৰ আশংকা থাকে।ধ্বংস হৈ যোৱা নিউৰনবোৰৰ ঠাইত নতুন নিউৰনৰ সৃষ্টি নহয় আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ৰোগীৰ শৰীৰত দেখা দিয়া ষ্ট্ৰোকজনিত জটিলতাবোৰ নিৰসন কৰাটো দু:সাধ্য হৈ পৰে।ষ্ট্ৰোকত আক্ৰান্ত ৰোগীক ফলপ্ৰসু চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত সম্প্ৰতি চিকিৎসা বিজ্ঞান বহুখিনি আগবাঢ়ি গৈছে।আজিকালি উন্নত সঁজুলিৰ সহায়ত নিৰাপদে তেজৰ মখা আঁতৰাব পাৰি আৰু ইয়াৰ লগতে তেজৰ মখা ভাঙি দিয়া ঔষধো ব্যৱহাৰ কৰা হয়।

ষ্ট্ৰোকত আক্ৰান্ত ৰোগীক তাৎক্ষণিকভাৱে চিকিৎসা তথা অস্ত্ৰোপচাৰ কৰাব লগা হয়।ষ্ট্ৰোকে ব্যক্তিগত,পাৰিবাৰিক আৰু সামাজিক-তিনিওটা পৰ্যায়তে ধ্বংসাত্মক প্ৰভাৱ পেলায়।ষ্ট্ৰোকত আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত প্ৰায়েই দেখা যায় যে স্বাভাৱিক দৈহিক ক্ৰিয়া,দৈনন্দিন কাম-কাজকে ধৰি তেওঁলোকৰ জীৱনৰ প্ৰতিটো দিশতে সমস্যাৰ সৃষ্টি হয়।সেয়েহে ষ্ট্ৰোক সন্দৰ্ভত সজাগ হোৱা তথা ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ পৰা হাত সাৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰতিজন মানুহৰ অপৰিহাৰ্য কৰ্তব্য হোৱা উচিত।শাৰীৰিক পৰিশ্ৰমহীনতা তথা অলস জীৱন যাপন,ধুমপান,মেদবহুলতা,উচ্চ ৰক্তচাপ আদি হ’ল ষ্ট্ৰোকৰ প্ৰধান কাৰক,গতিকে ষ্ট্ৰোকৰ চিকাৰ হোৱাৰপৰা বাচি থাকিবলৈ হ’লে এই কাৰকবোৰক প্ৰতিহত কৰাৰ বিকল্প নাই।আহাৰ নিয়ন্ত্ৰণ আৰু নিয়মিতভাৱে শাৰীৰিক পৰিশ্ৰম তথা ব্যায়াম কৰাৰ জৰিয়তে শৰীৰ সুস্থ সবল কৰি ৰখা উচিত।ৰক্তচাপ দেহৰ ওজন আৰু তেজত কলেষ্টেৰ’লৰ মাত্ৰা নিয়মিত পৰীক্ষা কৰাই থাকিব লাগে।ষ্ট্ৰোকৰ বিৰুদ্ধে হোৱা যুঁজখনত ব্যক্তি,পৰিয়াল,সম্প্ৰদায়,স্বাস্থ্য কৰ্মী,চৰকাৰ-এই সকলো পৰ্যায়তে সজাগতা তথা সক্ৰিয়তা প্ৰয়োজনীয়।ষ্ট্ৰোক সন্দৰ্ভত সজাগতা,ষ্ট্ৰোক প্ৰতিৰোধৰ বাবে সাৰ্বজনীন প্ৰচেষ্টা আৰু ষ্ট্ৰোকত আক্ৰান্তক ক্ষিপ্ৰতাৰে ফলপ্ৰসু চিকিৎসা প্ৰদানৰ ব্যৱস্থা গঢ়ি তোলাৰ জৰিয়তে ষ্ট্ৰোকৰ ত্ৰাস নিশ্চয়কৈ নাশ কৰিব পৰা যাব।

লেখক:অমল ভাগৱতী (দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate