অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সাধাৰণ ক’লা কচুৰো আছে ৰোগ নিৰাময় গুণঃ

সাধাৰণ ক’লা কচুৰো আছে ৰোগ নিৰাময় গুণঃ

চমু বিৱৰণ

ক’লা কচু সকলোৰে পৰিচিত এবিধ বনজাতীয় উদ্ভিদ। ই য’তে ত’তে গজে। ইয়াৰ বৈজ্ঞানিক নাম কককেচিয়া ইছকুলেৰটা(লিনন)স্কোট আৰু ই আৰ্কিয়া  গোত্ৰৰ। ইংৰাজীত ইয়াক ককয়াম  বোলা হয়। ইয়াৰ পাত বহল আৰু ঠাৰি দীঘল। ঠাৰি কাটিলে ৰস ওলায়। ইয়াৰ পাত, ঠাৰি আৰু থুৰ পাতত দি আঞ্জা কৰি নাইবা ভাজি খোৱা হয়। ক’লা কচুৰ ঠাৰিৰ পৰা আয়’ডিন পোৱা যায়। ক’লা কচুৰো ঔষধি গুণ আছে। ইয়াৰ পাত, ঠাৰি, থুৰ আৰু শিপা ঔষধ হিচাপেও ব্যৱহাৰ হয়।

ক’লা কচুৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

v  ক’লা কচু সিজাই সেই পানী খালে জণ্ডিচ ৰোগত উপকাৰ পোৱা যায়।

v  প্ৰস্ৰাৱ নহ’লে ক’লা কচুৰ পাত আৰু ঠাৰি সিজাই চেঁচা কৰি সেই পানী খালে প্ৰস্ৰাৱ হয়।

v  টনচিল ৰোগীৰ বাবে ক’লা কচু খোৱাটো উপকাৰী।

v  ক’লা কচু কাটিলে যি আঠা ওলায়, সেয়া বীজাণুনাশক। সেয়ে যিকোনো কটা-ছিগাত ক’লা কচুৰ আঠা লগালে বীজাণু নাশ হোৱাৰ লগতে তেজ বন্ধ হয়।

v  ৰক্তহীনতাত ভোগা ৰোগীৰ বাবে ক’লা কচু খোৱাটো উপকাৰী। কাৰণ ইয়াত যথেষ্ট লৌহ পদাৰ্থ থাকে।

v  ক’লা কচুৱে গৰল ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

v  গাৰ বিষ হ’লে জালুকেৰে ক’লা কচুৰ আঞ্জা ৰান্ধি খালে বিষ নাশ হয় আৰু আৰাম পোৱা যায়।

v  ক’লা কচু খোৱাটো কুকুৰীকণা ৰোগীৰ বাবেও উপকাৰী।

v  গৰ্ভৱতী মহিলাই ক’লা কচুৰ আঞ্জা খাব লাগে। ইয়াৰ ফলত গৰ্ভত থকা সন্তানৰ বিকাশৰ ক্ষেত্ৰত সুফল পোৱা যায়।

লেখিকাঃ ললিতা শৰ্মা লহকৰ

উৎসঃ অসমীয়া খবৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate